--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ অচলা অৱস্থাই ভাৰততো পেলাইছে বিৰূপ প্ৰভাৱ। যোৱা শুকুৰবাৰে হিন্দু ৰক্ষা দলৰ ভিজিলেণ্টৰ এটা দলে শুকুৰবাৰে তেওঁলোকৰ নেতা ভূপেন্দৰ টোমাৰ ওৰফে পিংকি চৌধাৰীৰ নেতৃত্বত গুলধৰ ৰেলৱে ষ্টেচনৰ সমীপত গাজিয়াবাদৰ কবি নগৰ অঞ্চলৰ জুপুুৰিত আক্ৰমণ চলাইছিল। অঞ্চলটোৰ বাসিন্দাসকল মুছলমান ধৰ্মীয় আৰু অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত অবৈধ বাংলাদেশী ৰোহিংগীয়া আছিল বুলি দলটোৱে দাবী উত্থাপন কৰিছে।

গেটটোৱে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰচাৰিত কৰিছিল আক্ৰমণৰ দুটা ভিডিঅ’। ভিজিলেণ্টৰ দলটেৱে তম্বু ভাঙি পেলোৱাৰ লগতে বাসিন্দাসকলৰ সামগ্ৰী জ্বলাই দিয়ে আৰু অহৰহ ধৰ্মীয় গালি-গালাজ কৰি মুছলমান বাসিন্দা সকলক লাথিৰে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে ভিডিঅ’টোত। গোটটোৱে এই সপ্তাহত সংঘতিত কাৰা এনেধৰণৰ দ্বিতীয়টো আক্ৰমণ বুলি জানিব পৰা গৈছে।

চ’চিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে শনিবাৰে... গোটোৰ নেতা পিংকি চৌধাৰী আৰু তেওঁৰ এজন সহায়কক কৰায়ত্ব কৰি, গুণ্ডা আৰু গেংষ্টাৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।  

গাজিয়াবাদ আৰক্ষী আয়ুক্ত অজয় ​​কুমাৰ মিশ্ৰই প্ৰদান কৰা তথ্য অনুসৰি ভিডিঅ’ত দেখা পোৱা আন লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ দল নিয়োগ কৰা হৈছে।আৰু চৌধাৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ কথা চিন্তা কৰা হৈছে বুলি জানিবলৈ দিয়ে। লগতে আৰক্ষীয়ে বাসিন্দাসকল ভাৰতীয় বুলি স্পষ্টীকৰণ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ