ডিজিটেল ডেস্ক
বেছিভাগ নিমখীয়া বিস্কুটৰ কাষত কিছুমান একে ডিজাইন দেখা যায়। আৰু বেছিভাগ নিমখীয়া বিস্কুটেই সৰু আৰু ঘূৰণীয়া হয৷ কেতিয়াবা ভাবিছেনে যে এনে হোৱাৰ কাৰণ কি? কেৱল দেখাত আকৰ্ষণীয় কৰিবলৈকে এনেকুৱা কৰা হয় নেকি?
জানিব পৰা মতে, নিমখীয়া বিস্কুটত এই ডিজাইনাৰ কাটৰ জৰিয়তে, চীজ টুকুৰা টুকুৰা কৰা হয় আৰু বিস্কুটৰ সৈতে খোৱা হয়। বহু লোকে ধাৰণা কৰিছিল যে কেৱল বিস্কুটবোৰ দেখাত ধুনীয়া কৰিবলৈকে এই ৰূপ দিয়া হয়৷
মানুহে ইয়াক ভাল পাইছে
এই ভিডিঅ'টোৱে টিকটকত ৩.২ মিলিয়ন দৰ্শন লাভ কৰিছে, আনহাতে ৫০ হাজাৰৰো অধিক লোকে ইয়াক ভাল পাইছে। মানুহে এই বিষয়ে মন্তব্য কৰিছিল আৰু কৈছে যে প্ৰতিদিনে তেওঁলোকে কিবা নতুন শিকিবলৈ পায়।