--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯ বছৰৰ অন্তত মুক্তিলাভ কৰিব ‘বিকিনি কিলাৰ’ চাৰ্লছ শোভৰাজে৷ নেপালৰ জেলত সম্প্ৰতি কাৰাৰুদ্ধ হৈ আছে ফৰাচীমূলীয় শোভৰাজ৷ সংবাদ সংস্থা এএনআইয়ে এই কথা জনাইছে৷

উল্লেখ্য যে সত্তৰ আৰু আশীৰ দশকত থাইলেণ্ডকে ধৰি বিভিন্ন দেশত মহিলা পৰ্যটকসকল শোভৰাজৰ চিকাৰ হৈছিল৷ বিশেষকৈ বিকিনি পৰিহিতা মহিলাসকলক এওঁ মাদকদ্ৰব্য খুৱাই হত্যা কৰিছিল৷

হত্যাকাণ্ডসমূহৰ ধৰণ দেখি তেওঁক স্প্লিটিং কিলাৰ আখ্যা দিয়া হৈছিল৷ প্ৰতিটো হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতে তেওঁ বিভিন্ন কায়দাৰে পলায়ন কৰিবলৈ সক্ষম হয়৷ আনকি জেলৰ পৰাও কেইবাবাৰো পলায়ন কৰি আহিছে৷ সেইবাবে তেওঁক ‘দা চাৰপেণ্ট’ আখ্যা দিয়া হয়৷

বিশ্বৰ অন্যতম কুখ্যাত এই চিৰিয়েল কিলাৰগৰাকীয়ে ভাৰতৰ তিহাৰ জেলতো আছিল দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ আছিল৷ দিল্লীত ৩ গৰাকী পৰ্যটক মহিলাক এওঁ বিষ খুৱাই হত্যা কৰিছিল৷ কিন্তু তিহাৰ জেলৰ পৰা ১৯৮৬ চনত পলাবলৈ সক্ষম হৈছিল শোভৰাজ৷ কিন্তু কিছুদিন পাছতে গোৱাৰ এখন ৰেষ্টুৰাঁৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰা হয়৷

১৯৯৭ চনত ভাৰতৰ পৰা মুক্তিলাভ কৰি ফ্ৰান্সলৈ ঘূৰি যায় শোভৰাজ৷ তাৰপাছত নেপাললৈ আহে তেওঁ৷ নেপালত আন এটা হত্যাকাণ্ডৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷

১৯৭৫ চনত নেপালৰ কাঠমাণ্ডুত দুগৰাকী পৰ্যটকক হত্যা কৰিছিল শোভৰাজে৷ নেপালৰ আদালতে যাজ্জীৱন কাৰাদণ্ড বিহিছিল শোভৰাজৰ ওপৰত৷ তাৰপাছতে নেপালৰ চুপ্ৰীম কোৰ্টত মুক্তিৰ আবেদন কৰিছিল বিকিনি কিলাৰগৰাকীয়ে৷ অৱশেষত এই আৱেদন মঞ্জুৰ কৰে৷

একাধিক ভাষাত পাৰদৰ্শী শোভৰাজৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু সুদৰ্শন চেহেৰাৰ বাবে মহিলাসকল সহজে আকৰ্ষিত হৈ উঠে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা