--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সময় সলনি হয়৷ সলনি হয় ধাৰণা৷ বুধবাৰৰ ছেমি-ফাইনেলৰ পাছতেই মহম্মদ ছামিৰ বন্দনাত মুখৰিত দেশ৷ কিন্তু, এবছৰ পূৰ্বে এই একেজন ছামিক নিন্দাৰে ওপচাই দিয়া হৈছিল৷ 

মুছলমান হোৱা বাবেই লাঞ্ছনা, গঞ্জনাৰে থকাসৰকা কৰা হৈছিল মহম্মদ ছামিক! পাকিস্তানৰ এজেণ্ট আখ্যা দিয়া হৈছিল ছামিক! আৰু সেইসময়ত মহম্মদ ছামিৰ পক্ষত থিয় হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ 

ভাৰতে বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে মহম্মদ ছামিৰ সাতটা উইকেট উদযাপন কৰিছে৷ মহম্মদ ছামিক লৈ দেশ মুখৰিত হৈ থকাৰ সময়তে কংগ্ৰেছ নেতা শ্ৰীনিবাস বিভিয়ে সেই সময়লৈ সোঁৱৰাই দিছে, সিসময়ত (২০২১ চনত) পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ৰ বাবে ছামিক ‘ট্ৰোল’ কৰা হৈছিল। 

ৰাহুল গান্ধীয়ে ২০২১ত টুইটাৰত লিখিছিল, মহম্মদ ছামি, আমি সকলো আপোনাৰ সৈতে আছোঁ৷ এই লোকসকল ঘৃণাৰে ভৰি আছে কাৰণ কোনেও তেওঁলোকক কোনো প্ৰেম নিদিয়ে। তেওঁলোকক ক্ষমা কৰক।

২০২১ত টি-২০ বিশ্বকাপৰ অপেনাৰত ভাৰত পাকিস্তানৰ হাতত পৰাজিত হোৱাৰ পাছত ২০২১ত ছ’চিয়েল মিডিয়া ট্ৰোলবোৰে ছামিক তেওঁৰ ধৰ্মৰ বাবে লক্ষ্য কৰি লৈছিল। ৰাহুল গান্ধীৰ উপৰি আছাদুদ্দিন ওৱেইচি, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ট্ৰোলিঙক গৰিহণা দিয়ে আৰু ছামিক সমৰ্থন আগবঢ়ায়।

বুধবাৰে ছামিৰ প্ৰদৰ্শনে তেওঁক প্ৰশংসাৰে ওপচাই পেলাইছিল৷ কিয়নো ‘প্লেয়াৰ অব্ দ্য মেচ’এ কৈছিল যে তেওঁ দীৰ্ঘদিন ধৰি এই সুযোগৰ বাবে অপেক্ষা কৰি আছিল। ছামিয়ে বিশ্বকাপৰ ইতিহাসত এজন ভাৰতীয় বলাৰৰ দ্বাৰা শ্ৰেষ্ঠ উইকেট পঞ্জীয়ন কৰাৰ বাবেও ইতিহাস সৃষ্টি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক