--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱনৰ বিয়লি বেলা এখন কথাছবি পৰিচালনা কৰাৰ সপোন আছিল তেওঁৰ। ছবিৰ সৈতে ওৰেটো জীৱন পাৰ কৰা অসমীয়া কথাছবিৰ চুপাৰষ্টাৰ নিপন গোস্বামীয়ে বাছি লৈছিল এসমমত অসমৰ দৰ্শকে হিয়া উজাৰি আকুৱালি লোৱা ‘ডক্তৰ বেজবৰুৱাৰ’ চিকুৱেল ‘ডক্তৰ বেজবৰুৱাৰ ২’ক। 

কথামতেই কাম আগবাঢ়িল। সময় আৰু কামৰ প্ৰতি সদায়ে চিৰিয়াছ বৰ্ষীয়ান অভিনেতাগৰাকীয়ে দশক দশক জুৰি গোটোৱা অভিজ্ঞতাৰে এদিন পৰিচালনা কৰি ওলিয়ালে তেওঁৰ সপোনৰ কথাছবিখন
‘ডক্তৰ বেজবৰুৱাৰ-২’
মৃত্যুৰ ক্ষণ গণি থকা সময়তো তেওঁৰ মুখত আছিল কেৱল ছবিখনৰ নাম। ক’ভিডকালীন পৰিস্থিতিৰ পাছত অসমীয়া ছবিৰ দুৰাৱস্থা দূৰ কৰিবৰ বাবে যিমান পাৰি চেষ্টা কৰিছিল তেওঁ। 
কিন্তু ছবিখনৰ ট্ৰেইলাৰৰ ম’ন’ল’গটোৰ দৰেই যেন ‘সময় এক সাঁথৰ’

সময়েই এদিন মাজৰ পৰা লৈ গ’ল অসমীয়াৰ অতিকৈ আপোন অভিনেতাজনক।  মাত্ৰ ৯মাহ আগৰ কথা। ছবিখনৰ প’ষ্টাৰ মুকলি অনুষ্ঠানত তেওঁ  নাচিছিল, দৰ্শকক কৰিছিল অনুৰোধ। কিন্তু মানুহজনে হেঁপাহৰ ছবিখন ডাঙৰ পৰ্দাত চাবলৈ নোপোৱাকৈয়ে গুচি গ’ল। 

ইতিমধ্যে আৰম্ভ হৈছে ‘ডক্তৰ বেজবৰুৱাৰ-২’ৰ অগ্ৰীম বুকিং। অগ্ৰিম বুকিঙতে যোৰহাটৰ ইলি চিনেমাহলত প্ৰথম দিনা হাউচফুল হ’ল ‘ডক্তৰ বেজবৰুৱাৰ-২’। গুৱাহাটীৰো কেইবাটাও চিনেমাহল ‘ডক্তৰ বেজবৰুৱাৰ-২’ হাউচফুল হোৱাৰ দিশে গতি কৰিছে। ছবিখনক লৈ আশাবাদী হৈ পৰিছে সকলো কলা-কুশলীৰ সৈতে অসমৰ ৰাইজ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক