--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱনৰ বিয়লি বেলা এখন কথাছবি পৰিচালনা কৰাৰ সপোন আছিল তেওঁৰ। ছবিৰ সৈতে ওৰেটো জীৱন পাৰ কৰা অসমীয়া কথাছবিৰ চুপাৰষ্টাৰ নিপন গোস্বামীয়ে বাছি লৈছিল এসমমত অসমৰ দৰ্শকে হিয়া উজাৰি আকুৱালি লোৱা ‘ডক্তৰ বেজবৰুৱাৰ’ চিকুৱেল ‘ডক্তৰ বেজবৰুৱাৰ ২’ক। 

কথামতেই কাম আগবাঢ়িল। সময় আৰু কামৰ প্ৰতি সদায়ে চিৰিয়াছ বৰ্ষীয়ান অভিনেতাগৰাকীয়ে দশক দশক জুৰি গোটোৱা অভিজ্ঞতাৰে এদিন পৰিচালনা কৰি ওলিয়ালে তেওঁৰ সপোনৰ কথাছবিখন
‘ডক্তৰ বেজবৰুৱাৰ-২’
মৃত্যুৰ ক্ষণ গণি থকা সময়তো তেওঁৰ মুখত আছিল কেৱল ছবিখনৰ নাম। ক’ভিডকালীন পৰিস্থিতিৰ পাছত অসমীয়া ছবিৰ দুৰাৱস্থা দূৰ কৰিবৰ বাবে যিমান পাৰি চেষ্টা কৰিছিল তেওঁ। 
কিন্তু ছবিখনৰ ট্ৰেইলাৰৰ ম’ন’ল’গটোৰ দৰেই যেন ‘সময় এক সাঁথৰ’

সময়েই এদিন মাজৰ পৰা লৈ গ’ল অসমীয়াৰ অতিকৈ আপোন অভিনেতাজনক।  মাত্ৰ ৯মাহ আগৰ কথা। ছবিখনৰ প’ষ্টাৰ মুকলি অনুষ্ঠানত তেওঁ  নাচিছিল, দৰ্শকক কৰিছিল অনুৰোধ। কিন্তু মানুহজনে হেঁপাহৰ ছবিখন ডাঙৰ পৰ্দাত চাবলৈ নোপোৱাকৈয়ে গুচি গ’ল। 

ইতিমধ্যে আৰম্ভ হৈছে ‘ডক্তৰ বেজবৰুৱাৰ-২’ৰ অগ্ৰীম বুকিং। অগ্ৰিম বুকিঙতে যোৰহাটৰ ইলি চিনেমাহলত প্ৰথম দিনা হাউচফুল হ’ল ‘ডক্তৰ বেজবৰুৱাৰ-২’। গুৱাহাটীৰো কেইবাটাও চিনেমাহল ‘ডক্তৰ বেজবৰুৱাৰ-২’ হাউচফুল হোৱাৰ দিশে গতি কৰিছে। ছবিখনক লৈ আশাবাদী হৈ পৰিছে সকলো কলা-কুশলীৰ সৈতে অসমৰ ৰাইজ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে