--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে চলি আছে ‘পাথান’ ধুমুহা। ছবিখনক লৈ দেশবাসীৰ উন্মাদনাৰ কাৰণ এটাই- ৪ বছৰৰ পাছত ডাঙৰ পৰ্দাত দেখা গ’ল শ্বাহৰুখ খানক! 

যিসকল শ্বাহৰুখৰ অনুৰাগী তেওঁলোকে নিজৰ প্ৰিয় নায়কৰ সবিশেষ জানিবলৈ সদায় আগ্ৰহী। শ্বাহৰুখৰ জীৱনত এনে কিছুমান তথ্য আছে যিবোৰ হয়তো বহুতৰে অজ্ঞাত।

পত্নী গৌৰী আৰু কন্যা সুহানাৰ বাহিৰেও শ্বাহৰুখৰ ঘৰ ‘মন্নত’ত আন এগৰাকী মহিলাই বাস কৰে। কোন তেওঁ সেয়া বহুতে হয়তো নাজানে। তেওঁ হৈছে শ্বাহৰুখৰ ভগ্নী শ্বেহনাজ লালা ৰুখ খান।

শ্বেহনাজে অবিবাহিতা। গৌৰী আৰু শ্বাহৰুখেই শ্বেহনাজৰ সকলো দায়িত্ব লৈছে। শেহনাজ সংবাদ মাধ্যমৰ সন্মুখত বৰ বেছিকৈ নাহে।

যেতিয়া শ্বাহৰুখৰ বয়স ১৫ বছৰ আছিল তেতিয়া তেওঁৰ পিতৃৰ মৃত্যু হৈছিল। তেওঁৰ পিতৃ মীৰ তাজ মহম্মদ খান মুখগহ্বৰৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল। দেউতাকৰ লগত শ্বাহৰুখৰ সম্পৰ্ক বৰ ভাল আছিল। পিতৃৰ মৃত্যুৰ পিছত শ্বাহৰুখে মাক আৰু ভনীয়েকৰ দায়িত্ব কান্ধত তুলি ল’বলৈ ছবি জগতত প্ৰৱেশ কৰে।

শ্বাহৰুখ খানৰ এটা নামো আছে। অভিনেতাগৰাকীৰ আইতাকে শ্বাহৰুখক  আব্দুৰ ৰহমান খান নামেৰে নামাকৰণ কৰিছিল। কিন্তু শ্বাহৰুখে সেই নামটো একেবাৰে ভাল নাপালে। স্কুল কলেজত শ্বাহৰুখ খান নামেৰেই পৰিচিত হ’ল।

শ্বাহৰুখ খান সংখ্যাতত্বৰ বিশ্বাসী লোক। তেওঁৰ মোবাইল নম্বৰেই হওক বা গাড়ীৰ নম্বৰেই হওক, পাঁচ আৰু আঠ থাকিবই। বান্দ্ৰাৰ ৰাজপথত ৫৫৫ নম্বৰৰ গাড়ীখন দেখিলে সেই গাড়ীত শ্বাহৰুখ আছে বুলি ধৰি ল’ব পাৰি।

শ্বাহৰুখে ৰাতি দুঘণ্টাৰ পৰা তিনি ঘণ্টা শোৱে। শোৱাৰ বাদে অভিনেতাজনে সকলো সময়তে জোতা পিন্ধি থাকে। বহুবাৰ জোতা পিন্ধিও টোপনি গৈছে বলিউডৰ বাদশ্বাহে। এই কথা বহুবাৰ সাক্ষাৎকাৰত স্বীকাৰ কৰিছে অভিনেতাগৰাকীয়ে।

শ্বাহৰুখৰ পত্নী গৌৰীয়ে এবাৰ কৈছিল যে শ্বাহৰুখে বাথৰুমত বহু সময় অতিবাহিত কৰে। গা ধুবলৈ তেওঁক দুঘণ্টাৰ পৰা ডেৰ-দুই ঘণ্টা সময় লাগে। শ্বাহৰুখে কয় যে গা ধোওতে কোনো ধৰণৰ চাবোন বা চেম্পু ব্যৱহাৰ নকৰে।

শ্বাহৰুখ খান আচলতে এজন লাজকুৰীয়া মানুহ। ঘৰত শ্বাহৰুখ কেতিয়াও কাৰো সন্মুখত কাপোৰ নোখোলে। চুইমিং পুলতো সাঁতুৰি থকা দেখা নাযায় অভিনেতাগৰাকীক।

শ্বাহৰুখ খানে চাহ খাবলৈ ভাল নাপায়। তেওঁ কফি প্ৰেমী। অভিনেতাজনে দিনটোত কেইবাবাৰো কফি একাপ চুমুক দিয়ে। আমেৰিকান’ তেওঁৰ প্ৰিয় ধৰণৰ কফি।

শ্বাহৰুখ খান পঢ়া-শুনাতো মনোযোগী আছিল। নিজে অৰ্থনীতিৰ ছাত্ৰ যদিও অভিনেতাজনে কলেজীয়া জীৱনত পত্নী গৌৰীৰ বাবে ইতিহাস বিষয়ৰ টোকা লিখিছিল। গৌৰীয়ে কয় যে শ্বাহৰুখৰ তত্বাৱধানতে তেওঁ ১১ আৰু দ্বাদশ শ্ৰেণীত ভাল ফলাফল দেখুৱাইছিল।

চুলিৰ যত্নৰ ক্ষেত্ৰত শ্বাহৰুখ অতি সচেতন। চুলি সুস্থ কৰি ৰাখিবলৈ তেওঁ মিনাৰেল ৱাটাৰেৰে গা ধুয়। য’তেই শ্বুটিং কৰিবলৈ যায়, অভিনেতাজনে এই অভ্যাসত কোনো ধৰণৰ পৰিৱৰ্তন নকৰে।

শ্বাহৰুখৰ প্ৰতি তেওঁৰ অনুৰাগীৰ উন্মাদনা এতিয়া শিখৰত উপনীত হৈছে। ইতিমধ্যে 'পাটান' ছবিৰ ব্যৱসায়ে ৫০০ কোটি টকাৰ সীমা স্পৰ্শ কৰিছে। ছবিখনৰ এই সফলতাত শ্বাহৰুখো অতিশয় সুখী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক