--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিশা শোৱাৰ সময়ত বেছিভাগ লোকেই নিজৰ মূৰৰ ওচৰতে হাতে পোৱাকৈ মোবাইলটো ৰাখিবলৈ পছন্দ কৰে। ইয়াৰ বহু কাৰণ আছে, যেনে-ফোনটো নিশা দেৰিলৈকে ব্যৱহাৰ কৰে বা এলাৰ্মৰ বাবেই হওক, যি কি কাৰণ নওহক কিয় সকলোৱে মোবাইলটো ওচৰতে ৰাখিবলৈ ভাল পায়, কিন্তু আপুনি জানেনে যে মোবাইল ফোনৰ প্ৰভাৱ স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে।

উল্লেখ্য যে মোবাইলৰ পৰা বিকিৰণ নিৰ্গত হয়, যাৰ ফলত মানুহৰ মগজুত প্ৰভাৱ পৰে। গতিকে নিশা শুই থকাৰ সময়ত ফোনটো আঁতৰত ৰাখক বা নিশা মোবাইলটো চাইলেণ্ট মুড কৰি ৰাখক। এলাৰ্মৰ বাবে ঘড়ী ব্যৱহাৰ কৰক।

বহু লোকৰে পুৱা মূৰৰ বিষ আৰু চকুত বিষ অনুভৱ কৰে, কিন্তু মোবাইল ফোনটোৰ বাবেই যে তেনে হয় কোনেও ভাবিব নোৱাৰে। আজি আমি আপোনালোকক কওঁ যে যদি আপুনি ফোনটো কাষত ৰাখি শোৱে, তেন্তে কি কি ক্ষতি হ’ব পাৰে? শুই থকাৰ সময়ত মোবাইল ফোনটো কিমান দূৰত ৰাখিব লাগে বা নিশা ফোন ব্যৱহাৰ কৰাৰ আসক্তি কেনেকৈ ত্যাগ কৰিব পাৰে জানো আহক।

মোবাইল ফোনটো কিমান বিপজ্জনক?

মোবাইল ফোনত থৰা ক্ষতিকাৰক বিকিৰণে মানুহৰ মগজুৰ বাবে ক্ষতিকাৰক। মূৰৰ বিষ, পেশীৰ বিষ আৰু আন বহুতো স্বাস্থ্যজনিত ৰোগ। মোবাইলত থকা ৰেডিয়চন ইৰেক্টিল ডিছফংচনৰ সৈতে জড়িত। মোবাইলৰ পৰা নিৰ্গত হোৱা নীলা পোহৰে টোপনিৰ হৰম’নৰ ক্ষতি কৰে। ইয়াক মেলাটনিক বোলা হয়। আনফালে টোপনি অহা হৰ’মনত ব্যাঘাত জন্মায়, যাৰ ফলত নিশা দেৰিলৈকে টোপনী নাহে।

মোবাইল ফোনটো বিছনাৰ পৰা কমেও তিনি ফুট দূৰত ৰাখিলে বিপদজনক বিকিৰণৰ পৰা হাত সাৰিব পাৰি। ৰেডিঅ’ কম্পাঙ্ক বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰৰ শক্তি মোবাইলৰ লগত জড়িত। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে ফোনৰ পৰা নিৰ্গত হোৱা RF ৰেডিয়েচনে মগজুৰ কৰ্কট ৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা কৰে।

যদি আপুনি মোবাইল ফোন আসক্তিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে নিশা ফোনটো নিস্তব্ধ কৰি ৰাখক। এলাৰ্মৰ বাবে ঘড়ী ব্যৱহাৰ কৰক। লগতে ফোন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক। কিতাপ পঢ়াটো এটা ভাল অভ্যাস আৰু ই আপোনাক সময়মতে টোপনি অহাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ