--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিশা শোৱাৰ সময়ত বেছিভাগ লোকেই নিজৰ মূৰৰ ওচৰতে হাতে পোৱাকৈ মোবাইলটো ৰাখিবলৈ পছন্দ কৰে। ইয়াৰ বহু কাৰণ আছে, যেনে-ফোনটো নিশা দেৰিলৈকে ব্যৱহাৰ কৰে বা এলাৰ্মৰ বাবেই হওক, যি কি কাৰণ নওহক কিয় সকলোৱে মোবাইলটো ওচৰতে ৰাখিবলৈ ভাল পায়, কিন্তু আপুনি জানেনে যে মোবাইল ফোনৰ প্ৰভাৱ স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে।

উল্লেখ্য যে মোবাইলৰ পৰা বিকিৰণ নিৰ্গত হয়, যাৰ ফলত মানুহৰ মগজুত প্ৰভাৱ পৰে। গতিকে নিশা শুই থকাৰ সময়ত ফোনটো আঁতৰত ৰাখক বা নিশা মোবাইলটো চাইলেণ্ট মুড কৰি ৰাখক। এলাৰ্মৰ বাবে ঘড়ী ব্যৱহাৰ কৰক।

বহু লোকৰে পুৱা মূৰৰ বিষ আৰু চকুত বিষ অনুভৱ কৰে, কিন্তু মোবাইল ফোনটোৰ বাবেই যে তেনে হয় কোনেও ভাবিব নোৱাৰে। আজি আমি আপোনালোকক কওঁ যে যদি আপুনি ফোনটো কাষত ৰাখি শোৱে, তেন্তে কি কি ক্ষতি হ’ব পাৰে? শুই থকাৰ সময়ত মোবাইল ফোনটো কিমান দূৰত ৰাখিব লাগে বা নিশা ফোন ব্যৱহাৰ কৰাৰ আসক্তি কেনেকৈ ত্যাগ কৰিব পাৰে জানো আহক।

মোবাইল ফোনটো কিমান বিপজ্জনক?

মোবাইল ফোনত থৰা ক্ষতিকাৰক বিকিৰণে মানুহৰ মগজুৰ বাবে ক্ষতিকাৰক। মূৰৰ বিষ, পেশীৰ বিষ আৰু আন বহুতো স্বাস্থ্যজনিত ৰোগ। মোবাইলত থকা ৰেডিয়চন ইৰেক্টিল ডিছফংচনৰ সৈতে জড়িত। মোবাইলৰ পৰা নিৰ্গত হোৱা নীলা পোহৰে টোপনিৰ হৰম’নৰ ক্ষতি কৰে। ইয়াক মেলাটনিক বোলা হয়। আনফালে টোপনি অহা হৰ’মনত ব্যাঘাত জন্মায়, যাৰ ফলত নিশা দেৰিলৈকে টোপনী নাহে।

মোবাইল ফোনটো বিছনাৰ পৰা কমেও তিনি ফুট দূৰত ৰাখিলে বিপদজনক বিকিৰণৰ পৰা হাত সাৰিব পাৰি। ৰেডিঅ’ কম্পাঙ্ক বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰৰ শক্তি মোবাইলৰ লগত জড়িত। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে ফোনৰ পৰা নিৰ্গত হোৱা RF ৰেডিয়েচনে মগজুৰ কৰ্কট ৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা কৰে।

যদি আপুনি মোবাইল ফোন আসক্তিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে নিশা ফোনটো নিস্তব্ধ কৰি ৰাখক। এলাৰ্মৰ বাবে ঘড়ী ব্যৱহাৰ কৰক। লগতে ফোন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক। কিতাপ পঢ়াটো এটা ভাল অভ্যাস আৰু ই আপোনাক সময়মতে টোপনি অহাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু