--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কৰোৱা চৌথ। কৰোৱা চৌথৰ দিনা বিবাহিতা মহিলাসকলে স্বামীৰ দীৰ্ঘায়ুৰ বাবে ব্ৰত ৰাখে।  হিন্দু পঞ্জিকা ৰ মতে, কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থী তিথিত কৰোৱা চৌথৰ পালন কৰা হয়। এই উপলক্ষে স্বামীৰ দীৰ্ঘজীৱনৰ বাবে বিবাহিতা মহিলাসকলে গোটেই দিনটো উপবাস কৰি নিৰ্জল ব্ৰত ৰাখি ৰাতি চন্দ্ৰক পানী আগবঢ়াই। তাৰ পাছতহে ব্ৰত ভংগ কৰে মহিলাসকলে। এই বিশেষ দিনটোত পাৰ্বতী, ভগৱান শিৱ আৰু ভগৱান গণেশকো পূজা কৰা হয়।

পিছে, চলিত বৰ্ষত কৰোৱা চৌথ উদযাপনৰ তাৰিখ সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। এইবাৰ দুদিনীয়াকৈ পৰিছে কৰোৱা চৌথৰ তিথি। যাৰবাবে  ১৩ আৰু ১৪ অক্টোবৰত কৰোৱা চৌথ উৎসৱ পালন কৰিব পাৰিব। অৱশ্যে ১৩ অক্টোবৰত কৰোৱা চৌথ উদযাপন কৰাটো শুভ বুলি কব খোজে অনেকে। 

আপুনি কোনদিনা ব্ৰত ৰাখিলে লাভ কৰিব অধিক সুফল?

২০২২ চনৰ ১৩ অক্টোবৰ দিনটো কৰোৱা চৌথৰ ব্ৰত পালন কৰাৰ বাবে উত্তম। হিন্দু পঞ্জিকা অনুসৰি কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থী তাৰিখ ১৩ অক্টোবৰ বৃহস্পতিবাৰে পুৱা ১:৫৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু পিছদিনা ১৪ অক্টোবৰ অৰ্থাৎ শুকুৰবাৰে পুৱা ৩:০৮ বজালৈকে চলিব। 

জ্যোতিষীসকলৰ মতে ১৩ অক্টোবৰত পূজা ১১:২১ বজাৰ পৰা ১২:০৭ বজালৈ আৰু অমৃত কাল মুহুৰ্ত বিয়লি ৪:০৮ বজাৰ পৰা ৫:৫০ বজালৈ হ’ব। একে সময়তে সন্ধিয়া ০৬:০১ বজাৰ পৰা সন্ধিয়া ৭:১৫ বজালৈকে সময়খিনিও পূজাৰ বাবে শুভ বুলি বিবেচিত হৈছে। নক্ষত্ৰমণ্ডলৰ মতে, ১৩ অক্টোবৰত কৰোৱা চৌথৰ দিনা নিশা ০৮:১৯ বজাত চন্দ্ৰ উদয় হ’ব। এই সকলোবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি ১৩ অক্টোবৰত কৰব চৌথৰ ব্ৰত ৰখাটো শুভ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ