--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কৰোৱা চৌথ। কৰোৱা চৌথৰ দিনা বিবাহিতা মহিলাসকলে স্বামীৰ দীৰ্ঘায়ুৰ বাবে ব্ৰত ৰাখে।  হিন্দু পঞ্জিকা ৰ মতে, কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থী তিথিত কৰোৱা চৌথৰ পালন কৰা হয়। এই উপলক্ষে স্বামীৰ দীৰ্ঘজীৱনৰ বাবে বিবাহিতা মহিলাসকলে গোটেই দিনটো উপবাস কৰি নিৰ্জল ব্ৰত ৰাখি ৰাতি চন্দ্ৰক পানী আগবঢ়াই। তাৰ পাছতহে ব্ৰত ভংগ কৰে মহিলাসকলে। এই বিশেষ দিনটোত পাৰ্বতী, ভগৱান শিৱ আৰু ভগৱান গণেশকো পূজা কৰা হয়।

পিছে, চলিত বৰ্ষত কৰোৱা চৌথ উদযাপনৰ তাৰিখ সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। এইবাৰ দুদিনীয়াকৈ পৰিছে কৰোৱা চৌথৰ তিথি। যাৰবাবে  ১৩ আৰু ১৪ অক্টোবৰত কৰোৱা চৌথ উৎসৱ পালন কৰিব পাৰিব। অৱশ্যে ১৩ অক্টোবৰত কৰোৱা চৌথ উদযাপন কৰাটো শুভ বুলি কব খোজে অনেকে। 

আপুনি কোনদিনা ব্ৰত ৰাখিলে লাভ কৰিব অধিক সুফল?

২০২২ চনৰ ১৩ অক্টোবৰ দিনটো কৰোৱা চৌথৰ ব্ৰত পালন কৰাৰ বাবে উত্তম। হিন্দু পঞ্জিকা অনুসৰি কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থী তাৰিখ ১৩ অক্টোবৰ বৃহস্পতিবাৰে পুৱা ১:৫৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু পিছদিনা ১৪ অক্টোবৰ অৰ্থাৎ শুকুৰবাৰে পুৱা ৩:০৮ বজালৈকে চলিব। 

জ্যোতিষীসকলৰ মতে ১৩ অক্টোবৰত পূজা ১১:২১ বজাৰ পৰা ১২:০৭ বজালৈ আৰু অমৃত কাল মুহুৰ্ত বিয়লি ৪:০৮ বজাৰ পৰা ৫:৫০ বজালৈ হ’ব। একে সময়তে সন্ধিয়া ০৬:০১ বজাৰ পৰা সন্ধিয়া ৭:১৫ বজালৈকে সময়খিনিও পূজাৰ বাবে শুভ বুলি বিবেচিত হৈছে। নক্ষত্ৰমণ্ডলৰ মতে, ১৩ অক্টোবৰত কৰোৱা চৌথৰ দিনা নিশা ০৮:১৯ বজাত চন্দ্ৰ উদয় হ’ব। এই সকলোবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি ১৩ অক্টোবৰত কৰব চৌথৰ ব্ৰত ৰখাটো শুভ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু