--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৃক্কত যদি কোনো সংক্ৰমণ হয়, তেন্তে সেয়া অতি পলমকৈ ধৰা পৰে। বহু ক্ষেত্ৰত এটা বৃক্ক বিকল হ’লেও আনটোৰ সৈতে কাম চলি থাকে, যাৰ ফলত অধিক ক্ষতিৰ আশংকা থাকে। এনে ৰোগীয়ে খাদ্যৰ প্ৰতি অতি সচেতন হ’ব লাগে। কিমান পানী খাব লাগে সেই সম্পৰ্কে নিয়ম-নীতি আছে। কিন্তু কঠিন, বহু ক্ষেত্ৰত কিডনীৰ সমস্যাৰ লক্ষণ ইমানেই সুক্ষ্ম যে বুজি পোৱাটো সম্ভৱ নহয়। আগতীয়াকৈ সজাগ হ’বলগীয়া লক্ষণসমূহ কি কি সেই বিষয়ে জানি লওক।

 ১) সকলো সময়তে ভাগৰুৱা অনুভৱ-

বৃক্কৰ প্ৰধান কাম হ’ল তেজ বিশুদ্ধ কৰা। গতিকে বৃক্কৰ কাম-কাজত ব্যাঘাত জন্মিলে তেজত বিষাক্ত আৰু অপ্ৰয়োজনীয় পদাৰ্থ বাঢ়িবলৈ আৰম্ভ কৰে। ফলত ৰোগীয়ে ভাগৰুৱা অনুভৱ কৰে। ৰক্তহীনতাৰ সমস্যাও দেখা যায়।

 ২) অনিদ্ৰা অনুভৱ কৰা-

যদি কিডনিয়ে সঠিকভাৱে কাম নকৰে তেন্তে প্ৰস্ৰাৱৰ জৰিয়তে অপ্ৰয়োজনীয় পেলনীয়া সামগ্ৰী শৰীৰৰ বাহিৰলৈ উলিয়াই আনিব নোৱাৰি। এয়াই অনিদ্ৰাৰ অন্যতম কাৰণ। বিশেষজ্ঞসকলে কয় যে বৃক্কৰ সমস্যাত ভুগি থকা লোকসকলৰ টোপনিৰ সমস্যা সুস্থ লোকতকৈ বেছি। ইয়াৰ কাৰণ সঘনাই প্ৰস্ৰাৱ কৰা আৰু ফলত নিশা টোপনি নহা।

 ৩)ছালৰ সমস্যা-

বৃক্ক নিষ্ক্ৰিয় হ’লে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাব নোৱাৰি। ফলত ছালখন শুকান হৈ খজুৱতি হোৱা, ঘাঁ আদি সমস্যাৰ সৃষ্টি হোৱা। এই সকলোবোৰ ছালৰ সমস্যা বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে।

 ৪) প্ৰস্ৰাৱৰ সমস্যা-

সঘনাই প্ৰস্ৰাৱ কৰা? এই লক্ষণসমূহ কেৱল ডায়েবেটিছ নহয়, কিডনী ৰোগৰ লক্ষণ হ’ব পাৰে। বিশেষকৈ নিশা সাধাৰণতকৈ বেছিকৈ প্ৰস্ৰাৱ কৰিলে সাৱধান হোৱাটো প্ৰয়োজনীয়। ইয়াৰ বাহিৰেও ঘামৰ লগতে ৰক্তক্ষৰণ হ’লেও সাৱধান হ’ব লাগে।

 ৫) ভৰি ফুলা-

বৃক্কৰ সমস্যাৰ বাবে শৰীৰত ছ’ডিয়ামৰ ভাৰসাম্য বিঘ্নিত হয়। ফলত ভৰি দুখন ফুলি উঠে। হঠাতে এনেকুৱা হ’লে সাৱধান হওক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক