--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৃক্কত যদি কোনো সংক্ৰমণ হয়, তেন্তে সেয়া অতি পলমকৈ ধৰা পৰে। বহু ক্ষেত্ৰত এটা বৃক্ক বিকল হ’লেও আনটোৰ সৈতে কাম চলি থাকে, যাৰ ফলত অধিক ক্ষতিৰ আশংকা থাকে। এনে ৰোগীয়ে খাদ্যৰ প্ৰতি অতি সচেতন হ’ব লাগে। কিমান পানী খাব লাগে সেই সম্পৰ্কে নিয়ম-নীতি আছে। কিন্তু কঠিন, বহু ক্ষেত্ৰত কিডনীৰ সমস্যাৰ লক্ষণ ইমানেই সুক্ষ্ম যে বুজি পোৱাটো সম্ভৱ নহয়। আগতীয়াকৈ সজাগ হ’বলগীয়া লক্ষণসমূহ কি কি সেই বিষয়ে জানি লওক।

 ১) সকলো সময়তে ভাগৰুৱা অনুভৱ-

বৃক্কৰ প্ৰধান কাম হ’ল তেজ বিশুদ্ধ কৰা। গতিকে বৃক্কৰ কাম-কাজত ব্যাঘাত জন্মিলে তেজত বিষাক্ত আৰু অপ্ৰয়োজনীয় পদাৰ্থ বাঢ়িবলৈ আৰম্ভ কৰে। ফলত ৰোগীয়ে ভাগৰুৱা অনুভৱ কৰে। ৰক্তহীনতাৰ সমস্যাও দেখা যায়।

 ২) অনিদ্ৰা অনুভৱ কৰা-

যদি কিডনিয়ে সঠিকভাৱে কাম নকৰে তেন্তে প্ৰস্ৰাৱৰ জৰিয়তে অপ্ৰয়োজনীয় পেলনীয়া সামগ্ৰী শৰীৰৰ বাহিৰলৈ উলিয়াই আনিব নোৱাৰি। এয়াই অনিদ্ৰাৰ অন্যতম কাৰণ। বিশেষজ্ঞসকলে কয় যে বৃক্কৰ সমস্যাত ভুগি থকা লোকসকলৰ টোপনিৰ সমস্যা সুস্থ লোকতকৈ বেছি। ইয়াৰ কাৰণ সঘনাই প্ৰস্ৰাৱ কৰা আৰু ফলত নিশা টোপনি নহা।

 ৩)ছালৰ সমস্যা-

বৃক্ক নিষ্ক্ৰিয় হ’লে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাব নোৱাৰি। ফলত ছালখন শুকান হৈ খজুৱতি হোৱা, ঘাঁ আদি সমস্যাৰ সৃষ্টি হোৱা। এই সকলোবোৰ ছালৰ সমস্যা বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে।

 ৪) প্ৰস্ৰাৱৰ সমস্যা-

সঘনাই প্ৰস্ৰাৱ কৰা? এই লক্ষণসমূহ কেৱল ডায়েবেটিছ নহয়, কিডনী ৰোগৰ লক্ষণ হ’ব পাৰে। বিশেষকৈ নিশা সাধাৰণতকৈ বেছিকৈ প্ৰস্ৰাৱ কৰিলে সাৱধান হোৱাটো প্ৰয়োজনীয়। ইয়াৰ বাহিৰেও ঘামৰ লগতে ৰক্তক্ষৰণ হ’লেও সাৱধান হ’ব লাগে।

 ৫) ভৰি ফুলা-

বৃক্কৰ সমস্যাৰ বাবে শৰীৰত ছ’ডিয়ামৰ ভাৰসাম্য বিঘ্নিত হয়। ফলত ভৰি দুখন ফুলি উঠে। হঠাতে এনেকুৱা হ’লে সাৱধান হওক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু