--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিশাটোৰ ভিতৰতে বিশ্বৰ ধনী লোকসকলৰ শাৰীত অন্তৰ্ভুক্ত হোৱা এজন ব্যক্তিয়ে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে। ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানীতকৈও ধনী ব্যক্তি হিচাপে চিহ্নিত হৈছে ব্যক্তিজন। নিশাটোৰ ভিতৰতে এচিয়া মহাদেশৰ ভিতৰতে সকলোতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত মুকেশ আম্বানীক চেৰ পেলালে মেক্ ডোনাল্ডৰ এজন প্ৰাক্তন কৰ্মচাৰীয়ে।


ব্যক্তিজনৰ নাম চাংপেং ঝাও। তেওঁ CZ হিচাপে সকলোৰে মাজত জনপ্ৰিয়। পূৰ্বতে মেক ডোনাল্ড কোম্পানীত বাৰ্গাৰ ফ্লিপাৰ হিচাপে কৰ্মৰত আছিল CZ। পৰিয়ালটোক আৰ্থিকভাৱে সকাহ দিবলৈ তেওঁ যুৱাৱস্থাত মেক্ ডোনাল্ড কোম্পানীত কাম কৰিছিল। কাম কৰাৰ সমান্তৰালকৈ পঢ়া-শুনাও অব্যাহত ৰাখিছিল CZএ। পাছলৈ তেওঁ কম্পিউটাৰ বিজ্ঞান বিভাগত অধ্যয়ন কৰি নিজাকৈ ব্যৱসায় কৰাৰ কথা চিন্তা কৰে।


সকলোৰে চকুৰ আঁৰত থকা CZ তেতিয়া চৰ্চালৈ আহিছিল, যেতিয়া তেওঁক আবু ধাবিৰ এক বিশেষ অনুষ্ঠানত ভাগ ল'বলৈ নিমন্ত্ৰণ কৰা হৈছিল। আবু ধাবি গ্ৰেণ্ড পিক্সে প্ৰতিবছৰে ৰাজকুমাৰ, চলচ্চিত্ৰ তাৰকা আৰু বিশ্ববিখ্যাত খেলুৱৈসকলক য়ছ দ্বীপত পাৰ্টী উদযাপন কৰিবলৈ আমন্ত্ৰণ কৰে। বিগত মাহত তেওঁলোকৰ সৈতে পাৰ্টীৰ বাবে আমন্ত্ৰণ কৰা প্ৰভাৱশালী ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত আছিল CZৰ নাম। তাৰ পাছতেই নিশাৰ ভিতৰতে চৰ্চাৰ বিষয় হৈ পৰে CZ।


ক্ৰিপ্ট’কাৰেন্সীৰ ঊৰ্ধ্বগামী বজাৰ মূল্যৰ আৰম্ভণিতেই CZ জড়িত হৈ পৰিছিল এই ভাৰ্চুৱেল মুদ্ৰাৰ জগতখনৰ সৈতে। তেওঁ নিজাকৈ এটা ক্ৰিপ্ট’ এক্সেঞ্জ প্লেটফৰ্ম আৰম্ভ কৰিছিল। ২০১৭ চনত তেওঁ বাইনেন্স নামৰ এটা ক্ৰিপ্ট’ এক্সেঞ্জ আৰম্ভ কৰিছিল। ইয়াৰ যোগেদি তেওঁ বিভিন্ন ক্ৰিপ্ট’কাৰেন্সীত বিনিয়োগ আৰম্ভ কৰাৰ লগতে বিশ্বৰ আন আন লোককো বিনিয়োগৰ সুবিধা দিছিল। বৰ্তমান বিশ্বৰ সবাটোতকৈ জনপ্ৰিয় ক্ৰিপ্ট’ এক্সেঞ্জলৈ পৰিণত হৈছে CZৰ মালিকানাধীন বাইনেন্স।


ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ এক তথ্য অনুসৰি ক্ৰিপ্ট’ কাৰেন্সীৰ বিনিয়োগকাৰীসকলৰ ভিতৰত CZ হৈছে সকলোতকৈ ধনী বিনিয়োগকাৰী। তেওঁৰ মুঠ আয় ৯৫.৮ বিলিয়নৰো অধিক। তাৰ পাছতেই ৪৫.৮ বিলিয়নেৰে দ্বিতীয় স্থানত আছে বিটকইন নামৰ ক্ৰিপ্ট’কাৰেন্সীৰ উদ্ভাৱক সতোশী নামাকটো নামৰ ব্যক্তিজন।


ক্ৰিপ্ট’কাৰেন্সীৰ সঠিক ব্যৱহাৰ তথা বিনিয়োগ কৰি নিশাটোৰ ভিতৰতে ধনী মানুহৰ শাৰী পোনাবলৈ সমৰ্থ হোৱা CZ-এ এছিয়াৰ সবাটোতকৈ ধনী ব্যক্তি মুকেশ আম্বানীক চেৰ পেলোৱাই নহয়, ফেছবুক আৰু গুগুলৰ প্ৰতিষ্ঠাপক ক্ৰমে মাৰ্ক জুকাৰবাৰ্গ আৰু লেৰী পেজ, ছেৰ্গেই ব্ৰিনকো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ