--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চিকিৎসা বিজ্ঞানৰ জগতে লাভ কৰিলে এক অভূতপূৰ্ব সাফল্য। প্ৰথমবাৰৰ বাবে ইতিহাস সৃষ্টি কৰি মানৱ দেহত সফলতাৰে সংৰোপণ কৰা হ’ল গাহৰিৰ কলিজা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসকসকলে মেৰিলেণ্ডত এজন ৰোগীৰ দেহত গাহৰিৰ কলিজা সংৰোপণ কৰাৰ পাছত ৫৭ বছৰীয়া ৰোগীজন আৰোগ্য হৈ উঠিছে। উল্লেখ্য যে ১৯৯৭ চনত অসসৰ বিশিষ্ট চিকিৎসক ডাঃ ধনীৰাম বৰুৱাই মানৱ দেহত গাহৰিৰ কলিজা সংৰোপণ কৰাৰ অভিযোগত ৪০দিন জে'ল খাটিব লগা হৈছিল। ডাঃ ধনীৰাম বৰুৱাক লৈ সেই সময়ত সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। বৰ্তমান ধনীৰাম বৰুৱাৰ প্ৰচেষ্টাকে ২৫ বছৰৰ পিছত আমেৰিকাৰ চিকিৎসকে সফল কৰি তোলে। ডাঃ ধনীৰাম বৰুৱাৰ সপোন পূৰ্ণ হৈ উঠিল আমেৰিকাত।

ডাঃ ধনীৰাম বৰুৱাৰ মানৱ দেহত গাহৰিৰ কলিজা সংৰোপণৰ প্ৰচেষ্টা চলাই বিতৰ্কৰ সন্মুখীন হৈছিল যদিও এতিয়া তেওঁৰ সেই প্ৰচেষ্টাকে সফলতাৰে ৰূপায়ন কৰি ইতিহাস গঢ়িলে আমেৰিকাৰ চিকিৎসা বিজ্ঞানীয়ে। ইউনিভাৰ্ছিটি অফ মেৰিলেণ্ড মেডিকেল স্কুলৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি ডেভিড বেনেট নামৰ ৰোগীগৰাকী যোৱা কেইমাহ ধৰি শয্যাশায়ী হৈ পৰিছিল। এটা যন্ত্ৰৰ সহায়ত তেওঁৰ হৃৎপিণ্ড চলি আছিল। অৱশেষত তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গাহৰিৰ কলিজা সংৰোপণৰ সিদ্ধান্ত লয় চিকিৎসকে।

ডেভিড বেনেটে জীয়াই থকাৰ হেঁপাহত গাহৰিৰ কলিজা নিজৰ দেহত সংৰোপণ কৰিবলৈ প্ৰস্তুত হয়। সংৰোপণৰ পূৰ্বে গাহৰিৰ হৃৎপিণ্ডটো জিনগতভাৱে পৰিৱৰ্তন কৰা হৈছিল। বৰ্তমান ৰোগীগৰাকী সুস্থ হৈ উঠিছে আৰু চিকিৎসকসকলে তেওঁৰ নতুন অংগই কিধৰণে কাম কৰিছে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে। মানৱ দেহত অংগৰ অভাৱ দূৰ কৰিবলৈ জন্তুৰ অংগ সংৰোপন কৰিব পৰা বিষয়টো এক মাইলৰ খুটি হৈ ৰব বুলি দাবী কৰিছে আমেৰিকাৰ চিকিৎসকসকলে।

আৰু পঢ়কঃ চাঞ্চল্যকৰ! পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যা জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু