--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চিকিৎসা বিজ্ঞানৰ জগতে লাভ কৰিলে এক অভূতপূৰ্ব সাফল্য। প্ৰথমবাৰৰ বাবে ইতিহাস সৃষ্টি কৰি মানৱ দেহত সফলতাৰে সংৰোপণ কৰা হ’ল গাহৰিৰ কলিজা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসকসকলে মেৰিলেণ্ডত এজন ৰোগীৰ দেহত গাহৰিৰ কলিজা সংৰোপণ কৰাৰ পাছত ৫৭ বছৰীয়া ৰোগীজন আৰোগ্য হৈ উঠিছে। উল্লেখ্য যে ১৯৯৭ চনত অসসৰ বিশিষ্ট চিকিৎসক ডাঃ ধনীৰাম বৰুৱাই মানৱ দেহত গাহৰিৰ কলিজা সংৰোপণ কৰাৰ অভিযোগত ৪০দিন জে'ল খাটিব লগা হৈছিল। ডাঃ ধনীৰাম বৰুৱাক লৈ সেই সময়ত সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। বৰ্তমান ধনীৰাম বৰুৱাৰ প্ৰচেষ্টাকে ২৫ বছৰৰ পিছত আমেৰিকাৰ চিকিৎসকে সফল কৰি তোলে। ডাঃ ধনীৰাম বৰুৱাৰ সপোন পূৰ্ণ হৈ উঠিল আমেৰিকাত।

ডাঃ ধনীৰাম বৰুৱাৰ মানৱ দেহত গাহৰিৰ কলিজা সংৰোপণৰ প্ৰচেষ্টা চলাই বিতৰ্কৰ সন্মুখীন হৈছিল যদিও এতিয়া তেওঁৰ সেই প্ৰচেষ্টাকে সফলতাৰে ৰূপায়ন কৰি ইতিহাস গঢ়িলে আমেৰিকাৰ চিকিৎসা বিজ্ঞানীয়ে। ইউনিভাৰ্ছিটি অফ মেৰিলেণ্ড মেডিকেল স্কুলৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি ডেভিড বেনেট নামৰ ৰোগীগৰাকী যোৱা কেইমাহ ধৰি শয্যাশায়ী হৈ পৰিছিল। এটা যন্ত্ৰৰ সহায়ত তেওঁৰ হৃৎপিণ্ড চলি আছিল। অৱশেষত তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গাহৰিৰ কলিজা সংৰোপণৰ সিদ্ধান্ত লয় চিকিৎসকে।

ডেভিড বেনেটে জীয়াই থকাৰ হেঁপাহত গাহৰিৰ কলিজা নিজৰ দেহত সংৰোপণ কৰিবলৈ প্ৰস্তুত হয়। সংৰোপণৰ পূৰ্বে গাহৰিৰ হৃৎপিণ্ডটো জিনগতভাৱে পৰিৱৰ্তন কৰা হৈছিল। বৰ্তমান ৰোগীগৰাকী সুস্থ হৈ উঠিছে আৰু চিকিৎসকসকলে তেওঁৰ নতুন অংগই কিধৰণে কাম কৰিছে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে। মানৱ দেহত অংগৰ অভাৱ দূৰ কৰিবলৈ জন্তুৰ অংগ সংৰোপন কৰিব পৰা বিষয়টো এক মাইলৰ খুটি হৈ ৰব বুলি দাবী কৰিছে আমেৰিকাৰ চিকিৎসকসকলে।

আৰু পঢ়কঃ চাঞ্চল্যকৰ! পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যা জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ