--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ পুনেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্দিৰ নিৰ্মাণ কৰা লোকসকলে বিজেপি ত্যাগ কৰিছে। ময়ুৰ মুণ্ডা নামৰ এজন যুৱকে ২০২১ চনত এই মন্দিৰটো নিৰ্মাণ কৰিছিল,এই বিষয়টোৱে ভাৰতত বহু চৰ্চা লাভ কৰিছিল ৷শ্ৰী নমো ফাউণ্ডেশ্যনৰ ময়ুৰ মুণ্ডাই শিৰোলেৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজহুৱা কৰে। উল্লেখ্য যে শিৱাজী নগৰৰ বিধায়ক সিদ্ধাৰ্থ শিৰোলে দলৰ নিষ্ঠাবান কৰ্মীক আওকাণ কৰিছে।


এক প্ৰতিবেদন অনুসৰি ময়ূৰ মুণ্ডাই কয়,‘মই বহু বছৰ ধৰি এজন নিষ্ঠাৱান দলৰ কৰ্মী হিচাপে কাম কৰি আহিছো আৰু দলৰ বাবে সৎ কাম কৰি আহিছো। মোক আওকাণ কৰা হৈছে আৰু আন ৰাজনৈতিক দলৰ পৰা অহাসকলক অধিক গুৰুত্ব দিয়া হৈছে।’ তেওঁ অভিযোগ কৰে যে বিধায়কসকলে তেওঁলোকৰ সমৰ্থনৰ ভিত্তিত দলৰ বৃদ্ধিৰ বাবে নিয়োজিত কৰিছে, ইয়াৰ বাবে বিষয়ববীয়া নিযুক্তি দিয়া হৈছে আৰু অন্য দলৰ পৰা অহা লোকসকলক দলত বিভিন্ন পদ দিয়া হৈছে। মুণ্ডাই কয় যে ‘পুৰণি বিষয়াসকলক অপমান কৰা হৈছে আৰু এতিয়া তেওঁলোকক দলীয় সভালৈও নিমন্ত্ৰণ কৰা হোৱা নাই, তেওঁলোকৰ মতামতো কাণত পৰা নাই ।’

মুণ্ডাই কয়, ‘বৰ্তমানৰ বিধায়কসকলে অন্য দলৰ পৰা বিজেপিত যোগদান কৰা লোকৰ ক্ষেত্ৰত উন্নয়নৰ পুঁজি ব্যয় কৰিছে। আনুগত্যশীল দলীয় কৰ্মীৰ সমষ্টিটোক একো দিয়া হোৱা নাই’, বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ পিছত এই মন্তব্য মুণ্ডাৰ। তেওঁ কয় যে ‘‘বিগত পাঁচ বছৰত বিধায়কগৰাকীয়ে শিৱজীনগৰ বিধান সভা সমষ্টিত দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্প আৰম্ভ কৰিবলৈ পুঁজি লাভ কৰিছিল কিন্তু এতিয়ালৈকে কোনো প্ৰচেষ্টা চলোৱা নাই, সেয়েহে এই সমষ্টিৰ উন্নয়ন স্তব্ধ হৈ পৰিছে। 'মই দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিছো। মই প্ৰধানমন্ত্ৰী মোডীৰ অটল সমৰ্থক।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ