--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ পুনেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্দিৰ নিৰ্মাণ কৰা লোকসকলে বিজেপি ত্যাগ কৰিছে। ময়ুৰ মুণ্ডা নামৰ এজন যুৱকে ২০২১ চনত এই মন্দিৰটো নিৰ্মাণ কৰিছিল,এই বিষয়টোৱে ভাৰতত বহু চৰ্চা লাভ কৰিছিল ৷শ্ৰী নমো ফাউণ্ডেশ্যনৰ ময়ুৰ মুণ্ডাই শিৰোলেৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজহুৱা কৰে। উল্লেখ্য যে শিৱাজী নগৰৰ বিধায়ক সিদ্ধাৰ্থ শিৰোলে দলৰ নিষ্ঠাবান কৰ্মীক আওকাণ কৰিছে।


এক প্ৰতিবেদন অনুসৰি ময়ূৰ মুণ্ডাই কয়,‘মই বহু বছৰ ধৰি এজন নিষ্ঠাৱান দলৰ কৰ্মী হিচাপে কাম কৰি আহিছো আৰু দলৰ বাবে সৎ কাম কৰি আহিছো। মোক আওকাণ কৰা হৈছে আৰু আন ৰাজনৈতিক দলৰ পৰা অহাসকলক অধিক গুৰুত্ব দিয়া হৈছে।’ তেওঁ অভিযোগ কৰে যে বিধায়কসকলে তেওঁলোকৰ সমৰ্থনৰ ভিত্তিত দলৰ বৃদ্ধিৰ বাবে নিয়োজিত কৰিছে, ইয়াৰ বাবে বিষয়ববীয়া নিযুক্তি দিয়া হৈছে আৰু অন্য দলৰ পৰা অহা লোকসকলক দলত বিভিন্ন পদ দিয়া হৈছে। মুণ্ডাই কয় যে ‘পুৰণি বিষয়াসকলক অপমান কৰা হৈছে আৰু এতিয়া তেওঁলোকক দলীয় সভালৈও নিমন্ত্ৰণ কৰা হোৱা নাই, তেওঁলোকৰ মতামতো কাণত পৰা নাই ।’

মুণ্ডাই কয়, ‘বৰ্তমানৰ বিধায়কসকলে অন্য দলৰ পৰা বিজেপিত যোগদান কৰা লোকৰ ক্ষেত্ৰত উন্নয়নৰ পুঁজি ব্যয় কৰিছে। আনুগত্যশীল দলীয় কৰ্মীৰ সমষ্টিটোক একো দিয়া হোৱা নাই’, বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ পিছত এই মন্তব্য মুণ্ডাৰ। তেওঁ কয় যে ‘‘বিগত পাঁচ বছৰত বিধায়কগৰাকীয়ে শিৱজীনগৰ বিধান সভা সমষ্টিত দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্প আৰম্ভ কৰিবলৈ পুঁজি লাভ কৰিছিল কিন্তু এতিয়ালৈকে কোনো প্ৰচেষ্টা চলোৱা নাই, সেয়েহে এই সমষ্টিৰ উন্নয়ন স্তব্ধ হৈ পৰিছে। 'মই দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিছো। মই প্ৰধানমন্ত্ৰী মোডীৰ অটল সমৰ্থক।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু