--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত নৱৰাত্ৰিৰ কেইদিন কাৰাগাৰৰ কয়দীসকলৰ বাবে ফলমূলৰ বিশেষ ব্যৱস্থা কৰা হ’ব। যোগী চৰকাৰে নিৰ্দেশ জাৰি কৰিছে যে নৱৰাত্ৰিত উপবাসে থকা কয়দীসকলৰ বাবে ফলমূল আৰু বিশেষ খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিব লাগে। এই নিৰ্দেশৰ পাছতে ৰাজ্যৰ কাৰাগাৰত নৱৰাত্ৰিৰ দিনা উপবাসে থকা কয়দীসকলক ফলমূলৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।

কাৰাগাৰ মন্ত্ৰী দাৰা সিং চৌহানে কয় যে ৯ দিনীয়া এই উপবাসৰ সময়ত কয়দীসকলক ব্ৰেকফাষ্টৰ বাবে ফলমূল আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত উপবাসৰ সময়ত খাব পৰা খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ কাৰ্যকৰী কৰা হৈছে। এই সন্দৰ্ভত কাৰাগাৰ প্ৰশাসনৰ সঞ্চালক প্ৰধানক অৱগত কৰা হৈছে। লগতে কাৰাগাৰ প্ৰশাসন আৰু সংশোধনী সেৱাৰ সঞ্চালক প্ৰধানলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰক্ষী আৰু প্ৰশাসনক উৎসৱ উপলক্ষে ২৪×৭ সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে। বিগত বছৰবোৰত উৎসৱৰ সময়ত ৰাজ্যত সংঘটিত হোৱা প্ৰতিটো সৰু-ডাঙৰ ঘটনাৰ মূল্যায়ন কৰি সকলো জিলাই এনে ব্যৱস্থা কৰিব লাগে যাতে এইবাৰ শাৰদীয় নৱৰাত্ৰিৰ পৰা ছঠলৈকে সমগ্ৰ উৎসৱমুখৰ পৰিৱেশত ক’তো এটাও অশুভ কাণ্ড সংঘটিত নহয়। এই আনন্দ আৰু উৎসাহৰ সময়খিনি যাতে শান্তি-সম্প্ৰীতিৰ পৰিবেশত পাৰ হয়, তাৰ বাবে বিট কনিষ্টবলৰ পৰা আৰম্ভ কৰি পদ, থানা, জিলা, ৰেঞ্জ, জ'ন, ডিভিজনত পোষ্ট কৰা বিষয়ালৈকে প্ৰতিজন বিষয়াই প্ৰচেষ্টা চলাব লাগিব। নৱৰাত্ৰিৰ সময়ত সকলো দেৱী স্থানতে ভক্তৰ বিপুল ভিৰ হয়। এই কথা মনত ৰাখি প্ৰয়োজনীয় আৰক্ষী বাহিনী মোতায়েন কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু