--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত নৱৰাত্ৰিৰ কেইদিন কাৰাগাৰৰ কয়দীসকলৰ বাবে ফলমূলৰ বিশেষ ব্যৱস্থা কৰা হ’ব। যোগী চৰকাৰে নিৰ্দেশ জাৰি কৰিছে যে নৱৰাত্ৰিত উপবাসে থকা কয়দীসকলৰ বাবে ফলমূল আৰু বিশেষ খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিব লাগে। এই নিৰ্দেশৰ পাছতে ৰাজ্যৰ কাৰাগাৰত নৱৰাত্ৰিৰ দিনা উপবাসে থকা কয়দীসকলক ফলমূলৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।

কাৰাগাৰ মন্ত্ৰী দাৰা সিং চৌহানে কয় যে ৯ দিনীয়া এই উপবাসৰ সময়ত কয়দীসকলক ব্ৰেকফাষ্টৰ বাবে ফলমূল আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত উপবাসৰ সময়ত খাব পৰা খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ কাৰ্যকৰী কৰা হৈছে। এই সন্দৰ্ভত কাৰাগাৰ প্ৰশাসনৰ সঞ্চালক প্ৰধানক অৱগত কৰা হৈছে। লগতে কাৰাগাৰ প্ৰশাসন আৰু সংশোধনী সেৱাৰ সঞ্চালক প্ৰধানলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰক্ষী আৰু প্ৰশাসনক উৎসৱ উপলক্ষে ২৪×৭ সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে। বিগত বছৰবোৰত উৎসৱৰ সময়ত ৰাজ্যত সংঘটিত হোৱা প্ৰতিটো সৰু-ডাঙৰ ঘটনাৰ মূল্যায়ন কৰি সকলো জিলাই এনে ব্যৱস্থা কৰিব লাগে যাতে এইবাৰ শাৰদীয় নৱৰাত্ৰিৰ পৰা ছঠলৈকে সমগ্ৰ উৎসৱমুখৰ পৰিৱেশত ক’তো এটাও অশুভ কাণ্ড সংঘটিত নহয়। এই আনন্দ আৰু উৎসাহৰ সময়খিনি যাতে শান্তি-সম্প্ৰীতিৰ পৰিবেশত পাৰ হয়, তাৰ বাবে বিট কনিষ্টবলৰ পৰা আৰম্ভ কৰি পদ, থানা, জিলা, ৰেঞ্জ, জ'ন, ডিভিজনত পোষ্ট কৰা বিষয়ালৈকে প্ৰতিজন বিষয়াই প্ৰচেষ্টা চলাব লাগিব। নৱৰাত্ৰিৰ সময়ত সকলো দেৱী স্থানতে ভক্তৰ বিপুল ভিৰ হয়। এই কথা মনত ৰাখি প্ৰয়োজনীয় আৰক্ষী বাহিনী মোতায়েন কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement