--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নীতি আয়োগৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তক জি-২০ৰ বাবে ভাৰতৰ নতুন শ্বেৰ্পা হিচাপে বাছনি কৰা হৈছে। কান্তক দেশৰ বাণিজ্য, উদ্যোগ আৰু উপভোক্তা পৰিক্ৰমা মন্ত্ৰী পীয়ুষ গোৱেলৰ স্থানত শ্বেৰ্পা হিচাপে নিয়োগ কৰা হয়। উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগীয়া জি-২০ ৰ সন্মিলনত ভাৰতে সভাপতিত্ব কৰিব।

চলিত বছৰৰ ১ ডিচেম্বৰৰ পৰা ২০২৩ বৰ্ষৰ ৩০ নৱেম্বৰলৈ ভাৰতে জি-২০ ত সভাপতি পদ গ্ৰহণ কৰিব। এই সময়ৰ বাবে পূৰ্ণ-সময়ৰ শ্বেৰ্পাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আজি কান্তাক নিযুক্তি দিয়া হৈছে।
আনহাতে বিদায়ী শ্বেৰ্না গোৱেলৰ উপৰিও জি-২০ৰ বাবে পূৰ্বৰ শ্বেৰ্পাসকলৰ ভিতৰত আছে সুৰেশ প্ৰভু, শক্তিকান্ত দাস আৰু মণ্টেক সিং আহলুৱালিয়া।

স্মৰ্তব্য যে প্ৰায় ছয় বছৰ কেন্দ্ৰীয় চৰকাৰৰ ‘থিংক টেংক’ নিটি আয়োগৰ নেতৃত্ব দিয়াৰ পিছত কান্তে যোৱা মাহত কাৰ্যকাল সম্পূৰ্ণ কৰিছিল। কান্তে ২০১৬ চনত নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

যোৱা বৰ্ষতে তেওঁৰ কাৰ্যকাল অন্ত পৰিছিল যদিও জুন মাহত এবছৰৰ বাবে পুনৰ কাৰ্যকাল সম্প্ৰসাৰণ কৰা হৈছিল। ক’ভিড-১৯ মহামাৰীৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা ১১ টা গোটৰ ভিতৰত অন্যতম এমপাৱাৰড গ্ৰুপ ৩-ৰ অধ্যক্ষ হিচাপেও দায়িত্ব পালন কৰিছিল কান্তে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন