--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নীতি আয়োগৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তক জি-২০ৰ বাবে ভাৰতৰ নতুন শ্বেৰ্পা হিচাপে বাছনি কৰা হৈছে। কান্তক দেশৰ বাণিজ্য, উদ্যোগ আৰু উপভোক্তা পৰিক্ৰমা মন্ত্ৰী পীয়ুষ গোৱেলৰ স্থানত শ্বেৰ্পা হিচাপে নিয়োগ কৰা হয়। উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগীয়া জি-২০ ৰ সন্মিলনত ভাৰতে সভাপতিত্ব কৰিব।

চলিত বছৰৰ ১ ডিচেম্বৰৰ পৰা ২০২৩ বৰ্ষৰ ৩০ নৱেম্বৰলৈ ভাৰতে জি-২০ ত সভাপতি পদ গ্ৰহণ কৰিব। এই সময়ৰ বাবে পূৰ্ণ-সময়ৰ শ্বেৰ্পাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আজি কান্তাক নিযুক্তি দিয়া হৈছে।
আনহাতে বিদায়ী শ্বেৰ্না গোৱেলৰ উপৰিও জি-২০ৰ বাবে পূৰ্বৰ শ্বেৰ্পাসকলৰ ভিতৰত আছে সুৰেশ প্ৰভু, শক্তিকান্ত দাস আৰু মণ্টেক সিং আহলুৱালিয়া।

স্মৰ্তব্য যে প্ৰায় ছয় বছৰ কেন্দ্ৰীয় চৰকাৰৰ ‘থিংক টেংক’ নিটি আয়োগৰ নেতৃত্ব দিয়াৰ পিছত কান্তে যোৱা মাহত কাৰ্যকাল সম্পূৰ্ণ কৰিছিল। কান্তে ২০১৬ চনত নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

যোৱা বৰ্ষতে তেওঁৰ কাৰ্যকাল অন্ত পৰিছিল যদিও জুন মাহত এবছৰৰ বাবে পুনৰ কাৰ্যকাল সম্প্ৰসাৰণ কৰা হৈছিল। ক’ভিড-১৯ মহামাৰীৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা ১১ টা গোটৰ ভিতৰত অন্যতম এমপাৱাৰড গ্ৰুপ ৩-ৰ অধ্যক্ষ হিচাপেও দায়িত্ব পালন কৰিছিল কান্তে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ