--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্মীয় অনুভূতিত আঘাত সনাৰ অভিযোগত বৰ্তমান ন্যায়িক জিম্মাত থকা অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰে এলাহাবাদ উচ্চ ন্যায়ালয় আৰু দিল্লী আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। যোৱা শনিবাৰে দিল্লী আদালতে জুবেইৰৰ জামিন আবেদন নাকচ কৰাৰ বিপৰীতে এলাহাবাদ উচ্চ ন্যায়ালয়ে জুবেইৰৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এজাহাৰ বাতিল কৰিবলৈ অস্বীকাৰ কৰিছিল। আদালতৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই জুবেইৰে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে আৰু শীৰ্ষ আদালতে শুক্ৰবাৰে বিষয়টো শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ সন্মত হয়।

জুবেইৰক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কলিন গনচালভেছে ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু জে কে মহেশ্বৰীৰে গঠিত বিচাৰপীঠৰ সন্মুখত আবেদন দাখিল কৰি জৰুৰী শুনানিৰ বাবে অনুৰোধ জনায়। গনচালভেছে বিচাৰপীঠৰ সন্মুখত যুক্তি দৰ্শায় যে জুবেইৰৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এজাহাৰখন লক্ষ্য কৰিলে কোনো অপৰাধ স্পষ্ট উল্লেখ দেখিবলৈ পোৱা নাযায়।

সেয়েহে তেওঁলোকে এজাহাৰ বাতিলৰ আহ্বান জনাই এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যদিও ন্যায়ালয়ে তেওঁলোকক নিৰাশ কৰিছিল। তদুপৰি জুবেইৰৰ বিৰুদ্ধে এই অভিযোগৰ আধাৰতে মৃত্যুৰ ভাবুকিও আহি আছে বুলি অধিবক্তা গৰাকীয়ে শীৰ্ষ আদালতত উল্লেখ কৰে।

গনচালভেছে প্ৰদৰ্শন কৰা যুক্তিৰ প্ৰতি সঁহাৰি জনাই ইন্দিৰা বেনাৰ্জী আৰু জে কে মহেশ্বৰীৰে গঠিত বিচাৰপীঠে জুবেইৰৰ এই আবেদনৰ শুনানি গ্ৰহণৰ বাবে সন্মত হয়। অৱশ্যে অধিবক্তা গৰাকীয়ে বৃহস্পতিবাৰেই এই আবেদনৰ জৰুৰী শুনানিৰ অনুৰোধ জনায় যদিও বিচাৰপীঠে শুকুৰবাৰে শুনানিৰ বাবে বিষয়টো তালিকাভুক্ত কৰে।

উল্লেখ্য যে বিগত মাহত হিন্দু লায়ন আৰ্মীৰ জিলা সভাপতি ভগৱান শৰণৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত খাইৰাবাদ আৰক্ষী থানাত জুবেইৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯৫এ আৰু তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৭ ৰ অধীনত এই গোচৰ পঞ্জীয়ন কৰা হৈছিল। ইয়াৰ পাছতে ২৭ জুনত দিল্লী আৰক্ষীয়ে এটা টুইটৰ জৰিয়তে ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত জুবেইৰক গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য যে তথ্য পৰীক্ষণৰ জৰিয়তে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বহু ভুৱা প্ৰচাৰৰ মুখা খুলি দিয়া অল্টনিউজৰ অন্যতম প্ৰতিষ্ঠাপক সাংবাদিক গৰাকীক সোমবাৰে চাৰি বছৰ পূৰ্বৰ এটা টুইটৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। এই টুইটটোৰ জৰিয়তে জুবেইৰে ধৰ্মীয় অনুভূতিত আঘাত সনা বুলি গোচৰ তৰা হৈছিল। প্ৰতীক সিন্‌হাৰ সৈতে লগলাগি ‘অল্ট নিউজ’ নামৰ ফেক্ট চেক্‌ প’ৰ্টেলটো আৰম্ভ কৰাৰ পাছৰে পৰা জুবেইৰে বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভুৱা খবৰৰ প্ৰচাৰত চেঁচাপানী ঢালি আহিছিল৷ ইয়াৰ বাবে মহম্মদ জুবেইৰ হৈ পৰিছিল বিজেপিৰ লগতে হিন্দুত্ববাদী মহলৰ প্ৰধান শত্ৰু৷

শাসক পক্ষই কোনো এটা নিৰ্দিষ্ট বিষয়ত অজস্ৰ পূৰ্ব নিৰ্ধাৰিত উৎসৰপৰা সামাজিক মাধ্যমত মিছা বাতৰি ৰহণ সানি সঁচাৰ দৰে প্ৰচাৰ কৰিছিল। কোনো লোকে এনে খবৰ সমূহৰ ওপৰত সন্দেহ প্ৰকাশ কৰিলেও সেই খবৰৰ সত্যতা নিৰূপণৰ বাবে কোনো পথ বিচাৰি নাপায়৷ কিন্তু অল্ট নিউজে প্ৰায় প্ৰতিটো তেনে ভুৱা খবৰ তথ্য প্ৰযুক্তিৰ অনবদ্য কৌশল ব্যৱহাৰ কৰি ফাদিল কৰি আহিছিল৷

যিসময়ত দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে শাসক পক্ষৰ প্ৰপাগাণ্ডা প্ৰচাৰত নামি পৰিছিল, সেই সময়তে এনে সংবাদ মাধ্যমৰ বিকল্প হৈ পৰিছিল অল্ট নিউজ৷ তথ্যক সত্য ৰূপত দাঙি ধৰাৰ বাবে সামাজিক মাধ্যমতো জুবেইৰৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছিল। এনে অৱস্থাত জুবেইৰ শাসক পক্ষৰ বাবে অতি বিপজ্জনক হৈ উঠিছিল৷ গতিকে জুবেইৰৰ গ্ৰেপ্তাৰ শাষক পক্ষৰ ষড়যন্ত্ৰৰে পৰিণতি বুলি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনহাতে ২০১৮ চনৰ যিটো টুইটৰ বাবে জুবেইৰক গ্ৰেপ্তাৰ কৰা হৈছে, সেই টুইটটোত জুবেইৰে ১৯৮৩ চনত প্ৰকাশ পোৱা বলীউডৰ হাস্যমধুৰ চিনেমা 'কিছি ছে না কেহনা'ৰ এটা দৃশ্যৰ এখন বিশেষ ফটো ব্যৱহাৰ কৰিছিল। কিন্তু উক্ত চিনেমাখনৰ মুক্তিৰ ক্ষেত্ৰত কোনো হকা-বাধা সেই সময়ত অহা নাছিল। সম্প্ৰতি এই চিনেমাখন ইণ্টাৰনেটত উপলব্ধ। গতিকে চিনেমাখনৰ পৰা ব্যৱহাৰ কৰা এখন ফটোৰ বাবে জুবেইৰ গ্ৰেপ্তাৰ হোৱাৰ পাছতো চিনেমাখন কিদৰে দৰ্শনৰ বাবে মুকলি হৈ আছে বুলিও প্ৰশ্ন উত্থাপন হৈছে।

ইফালে অল্টনিউজৰ সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই অভিযোগ কৰিছিল যে জুবেইৰক এটা বেলেগ গোচৰত সোধা-পোছাৰ বাবে দিল্লীলৈ মাতি অনা হৈছিল। কিন্তু শেষত তেওঁক অন্য এটা গোচৰতহে গ্ৰেপ্তাৰ কৰা হয়। তদুপৰি জুবেইৰক প্ৰেপ্তাৰৰ পূৰ্বে কোনো গ্ৰেপ্তাৰৰ জাননী দিয়া হোৱা নাছিল বুলিও সিনহাই অভিযোগ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাহৰ জনমূৰি ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে 'মিছন ১ কে' অভিযান
Axiom-4 মুকলি কৰাৰ পিছতে সুভাংশু শুক্লাৰ বাবে প্ৰধানমন্ত্ৰীৰ মোদীৰ বিশেষ বাৰ্তা
স্নায়ুজনিত ৰোগত আক্ৰান্ত বলীউডৰ ভাইজান
এই ৩ টা ফল দৈনিক খালে ছাল জিলিকি উঠে
বহনক্ষম উন্নয়ন, শীৰ্ষৰ ১০০ দেশৰ তালিকাত ভাৰত
কুঁৱাত পৰা গৰু পোৱালিক বচাবলৈ গৈ ৫ জনৰ মৃত্যু
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
ষ্টাৰশ্বিপৰ অগ্নি পৰীক্ষাৰ সময়তে ইলন মাস্কৰ SpaceX কেন্দ্ৰত বিস্ফোৰণ
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
গভীৰ সংকটত পাকিস্তানৰ কৃষক
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...