--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক চাঞ্চল্যকৰ গুলীবৰ্ষণৰ ঘটনাই তোলপাৰ লগাইছে আমেৰিকাত। নিউয়ৰ্কৰ মেট্ৰ’ ষ্টেচনত বন্দুকধাৰীয়ে আক্ৰমণ সংঘটিত কৰিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ব্ৰুকলিন চহৰৰ এক মেট্ৰ' ছাবৱে’ত অজ্ঞাত আততায়ীয়ে গুলীচালনা সংঘটিত কৰে। 

একে সময়তে, ছানছেট পাৰ্কৰ ৩৬নং ষ্ট্ৰীট ছাবৱে’ত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। এই আক্ৰমণত কমেও ১৩ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। নিউয়ৰ্ক আৰক্ষীয়ে জনোৱা অনুসৰি, স্থানীয় সময় অনুসৰি প্ৰায় ৮:৩০ বজাত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। 

আক্ৰমণকাৰীজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। আক্ৰমণকাৰীজনে গেছ মাস্ক পিন্ধি আক্ৰমণ কৰিছিল বুলি প্ৰকাশ পাইছে। খবৰ অনুসৰি আক্ৰমণকাৰীয়ে এটা স্ম’ক ব’ম্ব নিক্ষেপ কৰি পলায়ন কৰে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এই আক্ৰমণত মুঠ ১৩ জন লোক গুলীবিদ্ধ হৈছে। গুৰুতৰভাৱে আহত যাত্ৰীসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে। 

একাধিক আঘাতৰ অৱস্থা সংকটজনক বুলি জনা গৈছে। মেট্ৰ'  ষ্টেচনত আঘাতপ্ৰাপ্ত যাত্ৰীসকলৰ ৰক্তক্ষয়ী অৱস্থাত থকা আলোকচিত্ৰ বোৰে এক বিভীষীকাময় পৰিস্থিতিৰ সৃষ্টি কৰে। এই ঘটনাৰ পাছতে সমগ্ৰ নিউয়ৰ্কত আতংক বিয়পি পৰিছে। স্থানীয় ব্ৰুকলিন প্ৰশাসনৰ দ্বাৰা ইতিমধ্যে জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ উদ্বেগ-আশংকাৰ মাজতে এই ঘটনাই নিউয়ৰ্কৰ ব্ৰুকলিন চহৰত ব্যাপক উদ্বেগৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?