--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক চাঞ্চল্যকৰ গুলীবৰ্ষণৰ ঘটনাই তোলপাৰ লগাইছে আমেৰিকাত। নিউয়ৰ্কৰ মেট্ৰ’ ষ্টেচনত বন্দুকধাৰীয়ে আক্ৰমণ সংঘটিত কৰিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ব্ৰুকলিন চহৰৰ এক মেট্ৰ' ছাবৱে’ত অজ্ঞাত আততায়ীয়ে গুলীচালনা সংঘটিত কৰে। 

একে সময়তে, ছানছেট পাৰ্কৰ ৩৬নং ষ্ট্ৰীট ছাবৱে’ত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। এই আক্ৰমণত কমেও ১৩ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। নিউয়ৰ্ক আৰক্ষীয়ে জনোৱা অনুসৰি, স্থানীয় সময় অনুসৰি প্ৰায় ৮:৩০ বজাত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। 

আক্ৰমণকাৰীজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। আক্ৰমণকাৰীজনে গেছ মাস্ক পিন্ধি আক্ৰমণ কৰিছিল বুলি প্ৰকাশ পাইছে। খবৰ অনুসৰি আক্ৰমণকাৰীয়ে এটা স্ম’ক ব’ম্ব নিক্ষেপ কৰি পলায়ন কৰে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এই আক্ৰমণত মুঠ ১৩ জন লোক গুলীবিদ্ধ হৈছে। গুৰুতৰভাৱে আহত যাত্ৰীসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে। 

একাধিক আঘাতৰ অৱস্থা সংকটজনক বুলি জনা গৈছে। মেট্ৰ'  ষ্টেচনত আঘাতপ্ৰাপ্ত যাত্ৰীসকলৰ ৰক্তক্ষয়ী অৱস্থাত থকা আলোকচিত্ৰ বোৰে এক বিভীষীকাময় পৰিস্থিতিৰ সৃষ্টি কৰে। এই ঘটনাৰ পাছতে সমগ্ৰ নিউয়ৰ্কত আতংক বিয়পি পৰিছে। স্থানীয় ব্ৰুকলিন প্ৰশাসনৰ দ্বাৰা ইতিমধ্যে জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ উদ্বেগ-আশংকাৰ মাজতে এই ঘটনাই নিউয়ৰ্কৰ ব্ৰুকলিন চহৰত ব্যাপক উদ্বেগৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা