--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৱিষ্যতে ভাৰতৰ জাহাজ মেৰামতি প্ৰতিষ্ঠানত দেখিবলৈ পোৱা যাব আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ জাহাজ৷ বিগত এটা দশকত ভাৰত আৰু আমেৰিকান সামৰিক বাহিনীৰ মাজত, বিশেষকৈ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সামৰিক বাহিনীৰ মাজত সহযোগিতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আমেৰিকান নৌসেনাৰ জাহাজ ভাৰতৰ মেৰামতি কৰিবলৈ আৰম্ভ কৰিলে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বাণিজ্য বৃদ্ধিয়ে নহয়, সমান্তৰালভাৱে ভাৰতীয় জাহাজ মেৰমাতি কৰা প্ৰতিষ্ঠানসমূহতো অতিৰিক্ত ব্যৱসায়িক সম্ভাৱনাৰ বাট মুকলি হোৱাৰ সম্ভাৱনা আছে৷

সোমবাৰে ৱাশ্বিংটনত অনুষ্ঠিত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২+২ মন্ত্ৰীসভাৰ বৈঠকৰ সময়ত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনৰ সৈতে আমেৰিকান প্ৰতিনিধি দলক নেতৃত্ব দিছিল, আনহাতে ভাৰতীয় প্ৰতিনিধি দলটোক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নেতৃত্ব দিছিল।

২+২ বৈঠকৰ পিছত জাৰি কৰা যুটীয়া বিবৃতিত কোৱা হৈছে, নৌ খণ্ডত প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ বাবে, দুয়োপক্ষই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামুদ্ৰিক চিলিফ্ট কমাণ্ডৰ (এমএছচি) জাহাজৰ মেৰামতি আৰু তত্বাৱধানৰ বাবে ভাৰতীয় ‘চীপয়াৰ্ড’সমূহ ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ সন্মত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী