--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি ভংগৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে৷ গেৰুৱা শিবিৰে এই সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিছে অভিযোগ৷ 

বিজেপিয়ে দাবী কৰে যে নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতো প্ৰিয়ংকাই মধ্যপ্ৰদেশৰ মাণ্ডলালৈ গৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক মাহিলি বৃত্তি প্ৰদান কৰাৰ কাৰ্যসূচী ঘোষণা কৰিছে। প্ৰিয়ংকাই বিজেপিশাসিত মধ্যপ্ৰদেশৰ লগতে কংগ্ৰেছশাসিত ছত্তীশগড়ৰ বাবেও বৃত্তিৰ কাৰ্যসূচী ঘোষণা কৰে। বিজেপিয়ে দাবী কৰিছে যে প্ৰিয়ংকাৰ ঘোষণা জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ বিৰোধী৷

মধ্যপ্ৰদেশ বিজেপিৰ আইন কোষৰ নেতা পংকজ ৱাধৱানীয়ে শনিবাৰে কয়, প্ৰিয়ংকাই ১২ অক্টোবৰত মাণ্ডলাত এক ৰেলীত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰতিজন শিক্ষাৰ্থীৰ বাবে ৫০০ৰ পৰা ১,৫০০ টকাৰ মাহিলি বৃত্তি ঘোষণা কৰিছিল।

নিৰ্বাচনী আচৰণ বিধি অনুসৰি, নিৰ্বাচন ঘোষণাৰ পাছত কোনো ৰাজনৈতিক দলে বিত্তীয় প্ৰলোভন প্ৰদৰ্শন কৰিব নোৱাৰে৷ কিন্তু প্ৰিয়ংকাই সেইটো কৰিছে। গতিকে আমি নিৰ্বাচন আয়োগৰ কাষ চাপিছোঁ৷

৯ অক্টোবৰত নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে ২৩০জনীয়া মধ্য প্ৰদেশ বিধানসভাত ১৭ নৱেম্বৰত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ভোটগণনা ৩ ডিচেম্বৰত ছত্তীশগড়, ৰাজস্থান, তেলেংগানা আৰু মিজোৰামৰ সৈতে অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে কংগ্ৰেছে ২০১৮ৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি মধ্য প্ৰদেশত ক্ষমতা দখল কৰিছিল, কিন্তু ডেৰ বছৰৰ ভিতৰতে জ্যোতিৰাদিত্য সিন্ধিয়াৰ সহায়ত দুই ডজন বিধায়ক ভাঙি বিজেপিয়ে মুখ্যমন্ত্ৰী কমল নাথৰ চৰকাৰ কৰ্তন কৰে। শিৱৰাজ সিং চৌহান পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হৈছিল। অৱশ্যে এইবাৰ একাধিক জনমত সমীক্ষাই ইংগিত দিছে যে কংগ্ৰেছে ৰাজ্যখনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু