--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি ভংগৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে৷ গেৰুৱা শিবিৰে এই সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিছে অভিযোগ৷ 

বিজেপিয়ে দাবী কৰে যে নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতো প্ৰিয়ংকাই মধ্যপ্ৰদেশৰ মাণ্ডলালৈ গৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক মাহিলি বৃত্তি প্ৰদান কৰাৰ কাৰ্যসূচী ঘোষণা কৰিছে। প্ৰিয়ংকাই বিজেপিশাসিত মধ্যপ্ৰদেশৰ লগতে কংগ্ৰেছশাসিত ছত্তীশগড়ৰ বাবেও বৃত্তিৰ কাৰ্যসূচী ঘোষণা কৰে। বিজেপিয়ে দাবী কৰিছে যে প্ৰিয়ংকাৰ ঘোষণা জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ বিৰোধী৷

মধ্যপ্ৰদেশ বিজেপিৰ আইন কোষৰ নেতা পংকজ ৱাধৱানীয়ে শনিবাৰে কয়, প্ৰিয়ংকাই ১২ অক্টোবৰত মাণ্ডলাত এক ৰেলীত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰতিজন শিক্ষাৰ্থীৰ বাবে ৫০০ৰ পৰা ১,৫০০ টকাৰ মাহিলি বৃত্তি ঘোষণা কৰিছিল।

নিৰ্বাচনী আচৰণ বিধি অনুসৰি, নিৰ্বাচন ঘোষণাৰ পাছত কোনো ৰাজনৈতিক দলে বিত্তীয় প্ৰলোভন প্ৰদৰ্শন কৰিব নোৱাৰে৷ কিন্তু প্ৰিয়ংকাই সেইটো কৰিছে। গতিকে আমি নিৰ্বাচন আয়োগৰ কাষ চাপিছোঁ৷

৯ অক্টোবৰত নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে ২৩০জনীয়া মধ্য প্ৰদেশ বিধানসভাত ১৭ নৱেম্বৰত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ভোটগণনা ৩ ডিচেম্বৰত ছত্তীশগড়, ৰাজস্থান, তেলেংগানা আৰু মিজোৰামৰ সৈতে অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে কংগ্ৰেছে ২০১৮ৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি মধ্য প্ৰদেশত ক্ষমতা দখল কৰিছিল, কিন্তু ডেৰ বছৰৰ ভিতৰতে জ্যোতিৰাদিত্য সিন্ধিয়াৰ সহায়ত দুই ডজন বিধায়ক ভাঙি বিজেপিয়ে মুখ্যমন্ত্ৰী কমল নাথৰ চৰকাৰ কৰ্তন কৰে। শিৱৰাজ সিং চৌহান পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হৈছিল। অৱশ্যে এইবাৰ একাধিক জনমত সমীক্ষাই ইংগিত দিছে যে কংগ্ৰেছে ৰাজ্যখনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ