--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধভূমি ইজৰাইলত এতিয়া ক’ত কেতিয়া বোমা ফুটে তাৰ কোনো নিশ্চিতি  নোহোৱা হৈ পৰিছে। আজি অষ্টম দিনত ভৰি দিয়া ইজৰাইল-পেলেষ্টাইনৰ হামাছৰ মাজৰ যুঁজত এতিয়ালৈকে তিনি সহস্ৰাধিক  লোক নিহত হৈছে। ইজৰাইলৰ ৰাজধানী চহৰ তেল আভিভত যুদ্ধৰ মাজতে আবদ্ধ হৈ পৰিছিল এয়াৰ ইণ্ডিয়াৰ বহু বৈমানিকৰ লগতে বিমান কৰ্মচাৰী ।

ইজৰাইলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে এয়াৰ ইণ্ডিয়াই  ৭ অক্টোবৰৰ দিল্লী-তেল আভিভ বিমান খন বাতিল কৰিছিল ।  ফলস্বৰূপে তেল আভিভত আব্ধ হৈ পৰিছিল বহু ভাৰতীয় বিমান কৰ্মী। অৱশ্যে এয়াৰ ইণ্ডিয়াই তেল আভিভ বিমান বন্দৰৰ পৰা বিমান পৰিবহন  সংস্থাটোৰ ১০ গৰাকী কৰ্মচাৰীক ভাৰতলৈ ওভতাই অনাৰ ব্যৱস্থা কৰে। 

তেওঁলোকক ইথিওপিয়াৰ আদিছ আবাবালৈ এখন বিমানেৰে অনা হয় আৰু তাৰ পৰা ভাৰতলৈ সংযোগী বিমানত তেওঁলোকক যাত্ৰা কৰাৰ সুবিধা কৰি দিয়া হৈছিল। এয়াৰ ইণ্ডিয়াৰ এগৰাকী বিষয়াই কৈছিল " এয়াৰ ইণ্ডিয়াৰ বাবে ইয়াৰ যাত্ৰী আৰু কৰ্মচাৰীসকলৰ সুৰক্ষা হৈছে সৰ্বোচ্চ। ইজৰাইলৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৭ অক্টোবৰৰ বিমান বাতিল কৰা হৈছিল আৰু ইজৰাইলত  থকা আমাৰ লোকসকলক ওভতাই অনা হৈছে," । 

ইফালে এয়াৰ ইণ্ডিয়াই  ১৪ অক্টোবৰলৈকে সংস্থাটোৰ  ইজৰাইললৈ অহা-যোৱা কৰা সকলো বিমান বাতিল কৰিছিল। পৰিস্থিতি এতিয়াও উন্নত নোহোৱাত এয়াৰ ইণ্ডিয়াই তেল আভিভলৈ সংস্থাটোৰ  বিমানৰ ১৮ অক্টোবৰলৈ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা বুলি বিষেষ সূত্ৰই প্ৰকাশ কৰিছে। পূৰ্বে এয়াৰ ইণ্ডিয়াৰ সূত্ৰটোৱে কৈছিল "আমাৰ যাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে তেল আভিভলৈ অহা-যোৱা কৰা আমাৰ বিমানসমূহ ১৪ অক্টোবৰ, ২০২৩ লৈকে স্থগিত ৰখা হ'ব। এয়াৰ ইণ্ডিয়াই এই সময়ছোৱাত যিকোনো বিমানত বুকিং নিশ্চিত কৰা যাত্ৰীসকলক সকলো সম্ভৱপৰ সহায় আগবঢ়াব," । 

এয়াৰ ইণ্ডিয়াই  তেল আভিভলৈ সপ্তাহত  পাঁচখন বিমান চলাচল কৰে । ইজৰাইলী এয়াৰলাইন ইএল এএল-এ কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে কোভিডৰ বাবে তিনি বছৰলৈ বন্ধ হৈ থকা  ইয়াৰ বিমানৰ চলাচল  অক্টোবৰ মাহত পুনৰ আৰম্ভ কৰা হ’ব। কিন্তু ইজৰাইলী এয়াৰলাইনৰ সেৱা আৰম্ভ হোৱাৰ পূৰ্বেই যুদ্ধ আৰম্ভ হৈ গ’ল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু