--°C
Loading...
Listen to Article
2 min read
80%

দেশত ২৪ ঘণ্টাত ৩,১১৬জনৰ দেহত ধৰা পৰে কৰ'না ভাইৰাছৰ উপস্থিতি আৰু ৪৭জন লোকৰ মৃত্যু হৈছে। দেশৰ কৰ’নাৰ শেহতীয়া পৰিস্থিতি কি জানো আহক।

ডিজিটেল ডেস্ক : দেশত মাৰাত্মক ঘটনা এতিয়া দিনকদিনে হ্ৰাস পাইছে। ২৪ ঘণ্টাত দেশখনত কৰ'না ভাইৰাছত আক্ৰান্ত হৈছে মুঠ ৩,১১৬জন লোক৷ আনহাতে, ক'ভিডৰ ফলত মৃত্যু হৈছে ৪৭জন লোকৰ। একে সময়তে এই মহামাৰীক পৰাস্ত কৰি চিকিৎসালয়ৰ পৰা মুকলি হয় ৫,৫৫৯জন লোকে৷

আক্ৰান্তৰ সংখ্যা ৩৮,০৬৯জনলৈ হ্ৰাস-

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালি দেশখনত ৫,৫৫৯জন লোক আৰোগ্য হয়, যাৰ ফলত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা ৩৮ হাজাৰ ৬৯লৈ হ্ৰাস পাইছে। একে সময়তে এই মহামাৰীৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৫ লাখ ১৫ হাজাৰ ৮৫০জনলৈ বৃদ্ধি হৈছে। তথ্য অনুসৰি এতিয়ালৈকে ৪ কোটি ২৪ লাখ ৩৭ হাজাৰ ৭২জন লোক আৰোগ্য হৈছে।

দেশত এতিয়ালৈকে ১৮০ কোটিতকৈও অধিক পালি প্ৰদান কৰা হৈছে-

দেশজুৰি টিকাকৰণ অভিযানৰ অংশ হিচাপে এতিয়ালৈকে ১৮০ কোটিৰো অধিক এণ্টি-কৰ'না ভাইৰাছ ভেকচিন প্ৰদান কৰা হৈছে। শনিবাৰে, ২০ লাখ ৩১ হাজাৰ ২৭৫ পালি প্ৰদান কৰা হয়৷ এতিয়ালৈকে দেশত ১৮০ কোটি ১৩ লাখ ২৩ হাজাৰ ৫৪৭ পালি ভেকচিন দিয়া হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে স্বাস্থ্যকৰ্মী, কৰ'না যোদ্ধা আৰু ৬০ বছৰৰ অধিক বয়সৰ অন্যান্য ৰোগত আক্ৰান্ত লোকসকলক ২ কোটিতকৈও অধিক (২,১২,৩৮,৭১২) সাৱধানতামূলক ভেকচিন প্ৰদান কৰা হৈছে। উল্লেখ্য যে, দেশত ক'ভিডবিৰোধী টিকাকৰণ অভিযান বিগত বৰ্ষৰ ১৬ জানুৱাৰী আৰম্ভ হৈছিল আৰু প্ৰথম পৰ্যায়ত স্বাস্থ্যসেৱা কৰ্মীসকলক টিকাকৰণ কৰা হৈছিল। একে সময়তে কৰ'না যোদ্ধাসকলৰ বাবে টিকাকৰণ অভিযান ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। BFC-new-banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
১৩ জুলাইত সংঘটিত হ’ব গ্ৰহণ যোগ! এই ৩টা ৰাশিৰ হ'ব ক্ষতি
ভাৰতৰ বজাৰত প্ৰৱেশ বহু প্রত্যাশিত এ আই+ স্মার্টফ'ন
আমেৰিকাৰ বায়ুসেনাৰ শীৰ্ষ পদত অসম সন্তান মনজিত বৰ্মন
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান