--°C
Loading...
Listen to Article
2 min read
80%

দেশত ২৪ ঘণ্টাত ৩,১১৬জনৰ দেহত ধৰা পৰে কৰ'না ভাইৰাছৰ উপস্থিতি আৰু ৪৭জন লোকৰ মৃত্যু হৈছে। দেশৰ কৰ’নাৰ শেহতীয়া পৰিস্থিতি কি জানো আহক।

ডিজিটেল ডেস্ক : দেশত মাৰাত্মক ঘটনা এতিয়া দিনকদিনে হ্ৰাস পাইছে। ২৪ ঘণ্টাত দেশখনত কৰ'না ভাইৰাছত আক্ৰান্ত হৈছে মুঠ ৩,১১৬জন লোক৷ আনহাতে, ক'ভিডৰ ফলত মৃত্যু হৈছে ৪৭জন লোকৰ। একে সময়তে এই মহামাৰীক পৰাস্ত কৰি চিকিৎসালয়ৰ পৰা মুকলি হয় ৫,৫৫৯জন লোকে৷

আক্ৰান্তৰ সংখ্যা ৩৮,০৬৯জনলৈ হ্ৰাস-

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালি দেশখনত ৫,৫৫৯জন লোক আৰোগ্য হয়, যাৰ ফলত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা ৩৮ হাজাৰ ৬৯লৈ হ্ৰাস পাইছে। একে সময়তে এই মহামাৰীৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৫ লাখ ১৫ হাজাৰ ৮৫০জনলৈ বৃদ্ধি হৈছে। তথ্য অনুসৰি এতিয়ালৈকে ৪ কোটি ২৪ লাখ ৩৭ হাজাৰ ৭২জন লোক আৰোগ্য হৈছে।

দেশত এতিয়ালৈকে ১৮০ কোটিতকৈও অধিক পালি প্ৰদান কৰা হৈছে-

দেশজুৰি টিকাকৰণ অভিযানৰ অংশ হিচাপে এতিয়ালৈকে ১৮০ কোটিৰো অধিক এণ্টি-কৰ'না ভাইৰাছ ভেকচিন প্ৰদান কৰা হৈছে। শনিবাৰে, ২০ লাখ ৩১ হাজাৰ ২৭৫ পালি প্ৰদান কৰা হয়৷ এতিয়ালৈকে দেশত ১৮০ কোটি ১৩ লাখ ২৩ হাজাৰ ৫৪৭ পালি ভেকচিন দিয়া হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে স্বাস্থ্যকৰ্মী, কৰ'না যোদ্ধা আৰু ৬০ বছৰৰ অধিক বয়সৰ অন্যান্য ৰোগত আক্ৰান্ত লোকসকলক ২ কোটিতকৈও অধিক (২,১২,৩৮,৭১২) সাৱধানতামূলক ভেকচিন প্ৰদান কৰা হৈছে। উল্লেখ্য যে, দেশত ক'ভিডবিৰোধী টিকাকৰণ অভিযান বিগত বৰ্ষৰ ১৬ জানুৱাৰী আৰম্ভ হৈছিল আৰু প্ৰথম পৰ্যায়ত স্বাস্থ্যসেৱা কৰ্মীসকলক টিকাকৰণ কৰা হৈছিল। একে সময়তে কৰ'না যোদ্ধাসকলৰ বাবে টিকাকৰণ অভিযান ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ