--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনত ভোটদান কৰাৰ পাছত ভোটাৰৰ বাওঁহাতৰ প্ৰথম আঙুলিত নীলা চিয়াঁহী লগোৱা হয়। ইয়াৰ নাম Election Ink বা নিৰ্বাচনী চিয়াঁহী। সহজে মচি নাযায় বাবে ইয়াক অমলিন চিয়াঁহী বুলিও কোৱা হয়। কিন্তু এই চিয়াঁহীত কি আছে যিটো প্ৰয়োগ কৰাৰ পিছত সহজে মচি নাযায়?

বৰ্তমান লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি দেশত পূৰ্ণগতিত চলি আছে। ভাৰতৰ প্ৰথমটো লোকসভা নিৰ্বাচনৰ পিছৰে পৰা নিৰ্বাচনী প্ৰক্ৰিয়াত বহু পৰিৱৰ্তন ঘটিছে। যেনেকৈ ইভিএম মেচিনে বেলট বক্স সলনি কৰিলে। কিন্তু এটা কথা আছে যিটো দশক দশক ধৰি একেই আছে। আমি নিৰ্বাচনী চিয়াঁহীৰ কথা কৈছো। এই চিয়াঁহী হৈছে কোনো ব্যক্তিয়ে ভোট দিছে নে নাই তাৰ প্ৰতীক। 

বাওঁহাতৰ প্ৰথম আঙুলিত নিৰ্বাচনী চিয়াঁহী লগোৱা হয়। ভোটদান কৰাৰ পিছত নিৰ্বাচনী বিষয়াই ভোটাৰৰ আঙুলিত নীলা চিয়াঁহী লগায়। ইয়াৰ দ্বাৰা নিশ্চিত হয় যে এজন ব্যক্তিয়ে এবাৰতকৈ অধিক ভোটদান কৰিব নোৱাৰে। এই চিয়াঁহীত কি আছে যিটো প্ৰয়োগ কৰাৰ পিছত সহজে মচি নাযায়? এই চিয়াঁহী ক'ত কেনেকৈ তৈয়াৰ কৰা হয় জানো আহক।


নিৰ্বাচনৰ চিয়াঁহী ক'ত তৈয়াৰ কৰা হয়?

কৰ্ণাটক ৰাজ্যত অৱস্থিত মহীশূৰ পেইণ্ট এণ্ড বাৰ্নিচ লিমিটেড (এমভিপিএল) নামৰ এটা কোম্পানীত নিৰ্বাচনী চিয়াঁহী প্ৰস্তুত কৰা হয়। ১৯৩৭ চনত মহীশূৰ প্ৰদেশৰ তেতিয়াৰ মহাৰাজা নলবাদী কৃষ্ণৰাজা ৱাডিয়াৰে প্ৰতিষ্ঠা কৰা এই কোম্পানীটোৰহে দেশত নিৰ্বাচনী চিয়াঁহী নিৰ্মাণৰ অনুজ্ঞাপত্ৰ আছে। যদিও এই কোম্পানীটোৱে আন বহু ধৰণৰ ৰং তৈয়াৰ কৰে, কিন্তু ইয়াৰ মূল পৰিচয় হৈছে নিৰ্বাচনী চিয়াঁহী তৈয়াৰ কৰা।

এই চিয়াঁহী ১৯৬২ চনৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ভাৰতীয় নিৰ্বাচনত নীলা চিয়াঁহী অন্তৰ্ভুক্ত কৰাৰ কৃতিত্ব দেশৰ প্ৰথমজন মুখ্য নিৰ্বাচন আয়ুক্ত সুকুমাৰ সেনক দিয়া হৈছে। এমভিপিএল কোম্পানীয়ে এই নিৰ্বাচনী চিয়াঁহী এনেই বিক্ৰী নকৰে। এই চিয়াঁহী কেৱল চৰকাৰী বা নিৰ্বাচন সম্পৰ্কীয় সংস্থাকহে যোগান ধৰা হয়।

কিয় সৃষ্টি কৰা হৈছিল নিৰ্বাচনী চিয়াঁহী?

নিৰ্বাচনী চিয়াঁহীৰ বিশেষ কথাটো হ’ল ই সহজে মচি নাযায়। পানীৰে ধুলেও কিছুদিন থাকে। এই কথা বুজিবলৈ আমি জানিব লাগিব যে নিৰ্বাচনী চিয়াঁহী বনোৱাৰ প্ৰয়োজনীয়তা কিয় আহিল। এই বিশেষ চিয়াঁহী নিৰ্মাণৰ কাম ১৯৫০ চনৰ পৰা আৰম্ভ হৈছিল। ইয়াক বনোৱাৰ উদ্দেশ্য আছিল ভুৱা ভোটদান ৰোধ কৰা। এই পদক্ষেপত কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ (CSIR)ৰ বিজ্ঞানীসকলে ১৯৫২ চনত ৰাষ্ট্ৰীয় ভৌতিক পৰীক্ষাগাৰত (CSIR -NPL) অমলিন চিয়াঁহীৰ সূত্ৰ প্ৰস্তুত কৰে। পিছলৈ ইয়াৰ পেটেণ্ট ৰাষ্ট্ৰীয় গৱেষণা উন্নয়ন নিগমে (NRDC) লাভ কৰে।

নিৰ্বাচনৰ চিয়াঁহী কিয় মচি নাযায়?

নিৰ্বাচনী চিয়াঁহী তৈয়াৰ কৰিবলৈ ছিলভাৰ নাইট্ৰেট ৰাসায়নিক ব্যৱহাৰ কৰা হয়। ছিলভাৰ নাইট্ৰেট বাছি লোৱা হৈছিল কাৰণ পানীৰ সংস্পৰ্শলৈ আহিলে ই ক’লা হৈ পৰে আৰু ম্লান নহয়। নিৰ্বাচনী বিষয়াই যেতিয়া ভোটাৰৰ আঙুলিত নীলা চিয়াঁহী লগায় তেতিয়া ছিলভাৰ নাইট্ৰেট আমাৰ শৰীৰত থকা নিমখৰ সৈতে মিলি ছিলভাৰ ক্লৰাইড গঠন কৰে, যাৰ ৰং ডাঠ নীলা বা ক’লা ।

ছিলভাৰ ক্লৰাইড পানীত দ্ৰৱীভূত নহয় আৰু ছালত লাগি থাকে। চাবোনেৰেও ধুব নোৱাৰি। পোহৰৰ সংস্পৰ্শলৈ অহাৰ বাবে এই চিনটো ক’লা হৈ পৰে। নিৰ্বাচনী চিয়াঁহীৰ প্ৰতিক্ৰিয়া ইমানেই দ্ৰুত যে আঙুলিত লগোৱাৰ এক চেকেণ্ডৰ ভিতৰতে ই ৰৈ যায়। যিহেতু ইয়াত এলক’হলো থাকে, সেয়েহে ই ৪০ ছেকেণ্ডতকৈও কম সময়ত শুকাই যায়।

নিৰ্বাচনী চিয়াঁহীৰ চিনটো তেতিয়াহে ম্লান হৈ পৰে যেতিয়া ছালৰ কোষবোৰ ক্ৰমান্বয়ে পুৰণি হৈ পৰিবলৈ আৰম্ভ কৰে। এই চিয়াঁহী সাধাৰণতে ২ দিনৰ পৰা ১ মাহলৈকে ছালত থাকে। মানুহৰ শৰীৰৰ উষ্ণতা আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি চিয়াঁহী ম্লান হ’বলৈ লোৱা সময় বেলেগ বেলেগ হ’ব পাৰে।

সমগ্ৰ বিশ্বতে নিৰ্বাচনী চিয়াঁহী যোগান ধৰা হয়

নিৰ্বাচনত লাখ লাখ ১০ মিলিলিটাৰৰ বটলত চিয়াঁহী ভৰাই ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। কেৱল ভাৰততে নহয়, বিশ্বৰ কেইবা ডজন দেশত ইয়াৰ ব্যৱহাৰ হয়। মহীশূৰ পেইণ্ট এণ্ড বাৰ্নিচ লিমিটেডৰ বিশেষ চিয়াঁহী ২৫খনতকৈও অধিক দেশলৈ যোগান ধৰা হয়। ইয়াৰ ভিতৰত কানাডা, ঘানা, নাইজেৰিয়া, মংগোলিয়া, মালয়েছিয়া, নেপাল, দক্ষিণ আফ্ৰিকা আৰু মালদ্বীপ আদি অন্যতম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু