--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪ জুনত শ্বেয়াৰ বজাৰৰ বিপৰ্যয়ৰ তদন্ত বিচাৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ লোকসভা নিৰ্বাচনৰ ৰায়দানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে ভাৰতীয় বিনিয়োগকাৰীক দিয়া পৰামৰ্শৰ সময়ক লৈ প্ৰশ্ন উত্থাপন কৰে তেওঁ।

সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে নিৰ্বাচনৰ সময়ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শ্বেয়াৰ বজাৰ সন্দৰ্ভত মন্তব্য কৰে।

গান্ধীয়ে কয়, "প্ৰধানমন্ত্ৰীয়ে দেশক তিনি-চাৰিবাৰকৈ কৈছিল যে শ্বেয়াৰ বজাৰ আকাশলংঘী হ'ব। গৃহমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছিল যে ৪ জুনত শ্বেয়াৰ বজাৰ আকাশলংঘী হ'ব, মানুহে ক্ৰয় কৰিব লাগে। একেই বাৰ্তা সীতাৰমণেও দিছিল।"

ঘটনাৰ কালক্ৰম ব্যাখ্যা কৰি তেওঁ কয় যে বিজেপিৰ আভ্যন্তৰীণ চৰকাৰী সমীক্ষাত তেওঁলোকৰ বাবে ২২০খন আসনৰ প্ৰক্ষেপণ কৰা হৈছিল। ৰাহুলে কয় যে, "ইণ্টেল এজেন্সীয়ে চৰকাৰক কৈছিল যে তেওঁলোকে ২০০-২২০খন আসন পাব। ৩ জুনত ষ্টক মাৰ্কেটে সকলো অভিলেখ ভংগ কৰে, আৰু ৪ জুনত ষ্টক মাৰ্কেট তললৈ যায়।"

ভাৰতীয় ষ্টক মাৰ্কেটৰ ইতিহাসৰ সৰ্ববৃহৎ কেলেংকাৰী বুলি অভিহিত কৰি ৰাহুলে কেইটামান প্ৰশ্ন উত্থাপন কৰে, "এই বিষয়ত আমাৰ কেইটামান প্ৰশ্ন আছে... প্ৰথম প্ৰশ্ন, বিনিয়োগ কৰা ৫ কোটি পৰিয়ালক পিএম আৰু এইচএম কিয় নিৰ্দিষ্ট বিনিয়োগৰ পৰামৰ্শ দিলে। দ্বিতীয়তে, দুয়োটা সাক্ষাৎকাৰ কিয় একেটা ব্যৱসায়িক গোটৰ মালিকানাধীন, যিটো শ্বেয়াৰ বজাৰত হেতালি খেলাৰ বাবেও ছেবিৰ তদন্তৰ অধীনত আছে? তৃতীয়তে, বিজেপি, ভুৱা এগজিট প’লষ্টাৰ আৰু সন্দেহজনক বিদেশী বিনিয়োগকাৰীৰ মাজত কি সম্পৰ্ক?"

ভাৰতীয় ষ্টকসমূহে ২০২০ চনৰ মাৰ্চ মাহৰ পিছত ৪ জুনত আটাইতকৈ বেয়া পতনৰ সন্মুখীন হয়।এনএছই নিফ্টি ৫০ সূচকাংক ৫.৯৩% হ্ৰাস পাই ২১,৮৮৪.৫ পইণ্টত বন্ধ হয়, আৰু এছ এণ্ড পি বিএছই চেন্সেক্স ৫.৭৪% হ্ৰাস পাই ৭২,০৭৯.০৫ পইণ্টত উপনীত হয়। ৩ জুনত এন ডি এৰ বাবে ব্যাপক জয়ৰ ভৱিষ্যদ্বাণী কৰা এগজিট প’লত অভিলেখ সৃষ্টি কৰাৰ পিছত সূচকাংকসমূহ দিনটোৰ পূৰ্বে ৮.৫% পৰ্যন্ত হ্ৰাস পাইছে।

গান্ধীয়ে কেলেংকাৰী সংঘটিত হৈছে বুলি তেওঁ পতিয়ন যোৱা বুলি উল্লেখ কৰি যুটীয়া সংসদীয় সমিতি (জেপিচি)ক তদন্ত কৰিবলৈ দাবী জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু