--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনৈতিক দলসমূহে ভোটাৰক আকৰ্ষিত কৰিবলৈ নিৰ্বাচনী ইস্তাহাৰত নানান প্ৰতিশ্ৰুতি দিয়ে। নিৰ্বাচনত জয়ী হোৱাৰ পিছতে বহু ৰাজনৈতিক দলে নিৰ্বাচনী ইস্তাহাৰত দিয়া বহু প্ৰতিশ্ৰুতিয়েই পাহৰি যায়। এনে পৰিস্থিতিৰ মাজতে উচ্চতম ন্যায়ালয়ে কয় যে ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি দুৰ্নীতিৰ নিদৰ্শন নহয়।

২০২৩ চনত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ ইস্তাহাৰত ৰাইজক আৰ্থিক সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দুৰ্নীতিৰ এক স্বৰূপ  বুলি অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল। উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে মঙলবাৰে  এই আবেদন খাৰিজ কৰি কয় যে কোনো ৰাজনৈতিক দলে ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিক  দুৰ্নীতি হিচাপে চাব নোৱাৰি। ন্যায়াধীশদ্বয়ে  কয় যে ইস্তাহাৰত ৰাজনৈতিক দলে দিয়া প্ৰতিশ্ৰুতি দুৰ্নীতি নহয়।   ৰাইজক প্ৰত্যক্ষ বা পৰোক্ষ সহযোগিতাৰ কথাটো কোনো দলৰ প্ৰাৰ্থীয়ে কৰা দুৰ্নীতিৰ উদাহৰণ নহয়। আবেদনকাৰীৰ এনে চিন্তাধাৰা বেয়া আৰু গ্ৰহণযোগ্য নহয়।''

কৰ্ণাটকৰ চামৰাপেট বিধান সভা সমষ্টিৰ এজন ভোটাৰে ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিৰ বাবে কেতবোৰ  অভিযোগ উত্থাপন কৰি বিজয়ী প্ৰাৰ্থী বি জেড জামিৰৰ ফলাফল বাতিল কৰিবলৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। আবেদনত কোৱা হৈছিল যে কৰ্ণাটক কংগ্ৰেছে ২৩ সংখ্যক বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত ভোটাৰক আৰ্থিক সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। যিটো দুৰ্নীতিৰ উদাহৰণ। সেই যুক্তি অৱশ্যে উচ্চ ন্যায়ালয়ে নাকচ কৰিলে। উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে কংগ্ৰেছে ইস্তাহাৰত যি পাঁচটা নিশ্চয়তা প্ৰকাশ কৰিছে, সেই পাঁচটা নিশ্চয়তাক সামাজিক উন্নয়নৰ নীতি হিচাপে চাব পাৰি। 

অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সেইবোৰক কিমানখিনি উপলব্ধি কৰিব পৰা যায় সেয়া সম্পূৰ্ণ বেলেগ কথা। কোনো বিৰোধী ৰাজনৈতিক দলে ক’ব পাৰে যে এনে প্ৰকল্পই ৰাজ্যৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাব  আৰু ইয়াক ভুল নীতি বুলিও চিহ্নিত কৰা   হ’ব পাৰে। কিন্তু ইয়াক কোনো কাৰণতে দুৰ্নীতিৰ নিদৰ্শন হিচাপে চাব নোৱাৰি। আজি উচ্চতম ন্যায়ালয়েও কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ একেটা ৰায়কে স্বীকৃতি দিলে।উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে বিদায়ী প্ৰধানমন্ত্ৰীৰ বাবে এয়া এক আঘাত। কংগ্ৰেছৰ মুখপাত্ৰ মনিকম ঠাকুৰৰ ভাষাত, "এয়া কংগ্ৰেছৰ ইস্তাহাৰত সমতাৰ প্ৰকল্পৰ স্বীকৃতি" তেওঁ দাবী কৰে যে বিজেপিৰ সকলো ভিত্তিহীন অভিযোগৰ মাজতো কংগ্ৰেছ সামাজিক ন্যায়ৰ লক্ষ্যত দায়বদ্ধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু