--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনৈতিক দলসমূহে ভোটাৰক আকৰ্ষিত কৰিবলৈ নিৰ্বাচনী ইস্তাহাৰত নানান প্ৰতিশ্ৰুতি দিয়ে। নিৰ্বাচনত জয়ী হোৱাৰ পিছতে বহু ৰাজনৈতিক দলে নিৰ্বাচনী ইস্তাহাৰত দিয়া বহু প্ৰতিশ্ৰুতিয়েই পাহৰি যায়। এনে পৰিস্থিতিৰ মাজতে উচ্চতম ন্যায়ালয়ে কয় যে ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি দুৰ্নীতিৰ নিদৰ্শন নহয়।

২০২৩ চনত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ ইস্তাহাৰত ৰাইজক আৰ্থিক সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দুৰ্নীতিৰ এক স্বৰূপ  বুলি অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল। উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে মঙলবাৰে  এই আবেদন খাৰিজ কৰি কয় যে কোনো ৰাজনৈতিক দলে ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিক  দুৰ্নীতি হিচাপে চাব নোৱাৰি। ন্যায়াধীশদ্বয়ে  কয় যে ইস্তাহাৰত ৰাজনৈতিক দলে দিয়া প্ৰতিশ্ৰুতি দুৰ্নীতি নহয়।   ৰাইজক প্ৰত্যক্ষ বা পৰোক্ষ সহযোগিতাৰ কথাটো কোনো দলৰ প্ৰাৰ্থীয়ে কৰা দুৰ্নীতিৰ উদাহৰণ নহয়। আবেদনকাৰীৰ এনে চিন্তাধাৰা বেয়া আৰু গ্ৰহণযোগ্য নহয়।''

কৰ্ণাটকৰ চামৰাপেট বিধান সভা সমষ্টিৰ এজন ভোটাৰে ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিৰ বাবে কেতবোৰ  অভিযোগ উত্থাপন কৰি বিজয়ী প্ৰাৰ্থী বি জেড জামিৰৰ ফলাফল বাতিল কৰিবলৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। আবেদনত কোৱা হৈছিল যে কৰ্ণাটক কংগ্ৰেছে ২৩ সংখ্যক বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত ভোটাৰক আৰ্থিক সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। যিটো দুৰ্নীতিৰ উদাহৰণ। সেই যুক্তি অৱশ্যে উচ্চ ন্যায়ালয়ে নাকচ কৰিলে। উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে কংগ্ৰেছে ইস্তাহাৰত যি পাঁচটা নিশ্চয়তা প্ৰকাশ কৰিছে, সেই পাঁচটা নিশ্চয়তাক সামাজিক উন্নয়নৰ নীতি হিচাপে চাব পাৰি। 

অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সেইবোৰক কিমানখিনি উপলব্ধি কৰিব পৰা যায় সেয়া সম্পূৰ্ণ বেলেগ কথা। কোনো বিৰোধী ৰাজনৈতিক দলে ক’ব পাৰে যে এনে প্ৰকল্পই ৰাজ্যৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাব  আৰু ইয়াক ভুল নীতি বুলিও চিহ্নিত কৰা   হ’ব পাৰে। কিন্তু ইয়াক কোনো কাৰণতে দুৰ্নীতিৰ নিদৰ্শন হিচাপে চাব নোৱাৰি। আজি উচ্চতম ন্যায়ালয়েও কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ একেটা ৰায়কে স্বীকৃতি দিলে।উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে বিদায়ী প্ৰধানমন্ত্ৰীৰ বাবে এয়া এক আঘাত। কংগ্ৰেছৰ মুখপাত্ৰ মনিকম ঠাকুৰৰ ভাষাত, "এয়া কংগ্ৰেছৰ ইস্তাহাৰত সমতাৰ প্ৰকল্পৰ স্বীকৃতি" তেওঁ দাবী কৰে যে বিজেপিৰ সকলো ভিত্তিহীন অভিযোগৰ মাজতো কংগ্ৰেছ সামাজিক ন্যায়ৰ লক্ষ্যত দায়বদ্ধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ