--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ পাটনা আইন মহাবিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা এদল দুষ্কৃতিকাৰীয়ে এজন ছাত্ৰক প্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  আইন মহাবিদ্যালয়লৈ পৰীক্ষাত বহিবলৈ  আহিছিল বিএন কলেজৰ ছাত্ৰগৰাকী। পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁক আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে। মহাবিদ্যালয় চৌহদত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ বিহাৰক। 

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  তদন্ত আৰম্ভ কৰিছে ।  আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা  অনুসৰি মৃত ২২ বছৰীয়া হৰ্ষ কুমাৰৰ ঘৰ বৈশালী জিলাৰ। তেওঁ বি এন কলেজৰ ছাত্ৰ। পৰীক্ষা দিবলৈ নিৰ্দিষ্ট সময়ত পাটনা আইন মহাবিদ্যালয়ত উপস্থিত হৈছিল তেওঁ । তেওঁ পৰীক্ষা হলৰ পৰা ওলাই অহাৰ সময়তে দুৰ্বৃত্তই তেওঁক আক্ৰমণ কৰে। । সংকটজনক অৱস্থাত তেওঁক পাটনা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়  যদিও চিকিৎসকে কয় যে ছাত্ৰজনৰ ইতিমধ্যে মৃত্যু হৈছে।

 পুৰণি শত্ৰুতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে। । পাটনাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শৰৎ আৰ এছে জনোৱা মতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। মহাবিদ্যালয় চৌহদৰ চিচিটিভি ফুটেজ চাই আৰক্ষীয়ে  দোষীক চিনাক্ত কৰিছে। উত্তেজনাপূৰ্ণ  পৰিস্থিতিৰ বাবে কেম্পাছত মোতায়েন কৰা হৈছে আৰক্ষী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ