--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ পাটনা আইন মহাবিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা এদল দুষ্কৃতিকাৰীয়ে এজন ছাত্ৰক প্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  আইন মহাবিদ্যালয়লৈ পৰীক্ষাত বহিবলৈ  আহিছিল বিএন কলেজৰ ছাত্ৰগৰাকী। পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁক আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে। মহাবিদ্যালয় চৌহদত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ বিহাৰক। 

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  তদন্ত আৰম্ভ কৰিছে ।  আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা  অনুসৰি মৃত ২২ বছৰীয়া হৰ্ষ কুমাৰৰ ঘৰ বৈশালী জিলাৰ। তেওঁ বি এন কলেজৰ ছাত্ৰ। পৰীক্ষা দিবলৈ নিৰ্দিষ্ট সময়ত পাটনা আইন মহাবিদ্যালয়ত উপস্থিত হৈছিল তেওঁ । তেওঁ পৰীক্ষা হলৰ পৰা ওলাই অহাৰ সময়তে দুৰ্বৃত্তই তেওঁক আক্ৰমণ কৰে। । সংকটজনক অৱস্থাত তেওঁক পাটনা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়  যদিও চিকিৎসকে কয় যে ছাত্ৰজনৰ ইতিমধ্যে মৃত্যু হৈছে।

 পুৰণি শত্ৰুতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে। । পাটনাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শৰৎ আৰ এছে জনোৱা মতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। মহাবিদ্যালয় চৌহদৰ চিচিটিভি ফুটেজ চাই আৰক্ষীয়ে  দোষীক চিনাক্ত কৰিছে। উত্তেজনাপূৰ্ণ  পৰিস্থিতিৰ বাবে কেম্পাছত মোতায়েন কৰা হৈছে আৰক্ষী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু