--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে নিশা তিহাৰ জে’লৰ বাথৰুমত পিছলি পৰিল আম আদমী পাৰ্টিৰ নেতা সত্যেন্দৰ জৈন। তিহাৰ কাৰাগাৰৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি সত্যেন্দৰ জৈন আঘাতপ্ৰাপ্ত হৈছে। তেওঁক দীনদয়াল উপাধ্যায় চিকিৎসালয়লৈ অনা হৈছে চেকআপৰ বাবে। আনহাতে আপৰ সূত্ৰই জনোৱা মতে, মূৰ ঘূৰোৱা অনুভৱ কৰি সত্যেন্দৰ জৈন তিহাৰ জেলৰ বাথৰুমত পৰিল। দীনদয়াল উপাধ্যায় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইয়াৰ আগতেও এবাৰ সত্যেন্দৰ জৈন শৌচাগাৰত পৰি মেৰুদণ্ডত গুৰুতৰ আঘাত হৈছিল। অসুস্থতাৰ বাবে সোমবাৰে জৈনক ছফদৰজং হাস্পতাললৈ লৈ যোৱা হয়। যোৱা বছৰৰ মে’ মাহত বলবৎকাৰী সঞ্চালকালয়ে ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা জৈনক তিহাৰ কাৰাগাৰত ভৰ্তি কৰা হৈছে।

সোমবাৰে সত্যেন্দৰ জৈনৰ এখন ফটোও চৰ্চালৈ আহে। আপৰ তথ্য অনুসৰি ফটোখনত জৈনক অসুস্থ আৰু দুৰ্বল দেখা গৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁক হত্যা কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে। সফদাৰজং হাস্পতালৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, জৈনে ৰাতিপুৱা নিউৰ’চাৰ্জাৰী অ’পিডি (আউট পেচেণ্ট ডিপাৰ্টমেণ্ট)লৈ আহি তাত থকা চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰি উভতি যায়। তেওঁৰ সৈতে আৰক্ষীও উপস্থিত আছিল।

তেখেতৰ আশু আৰোগ্য কামনা কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰি কয় ''সত্যেন্দৰ জৈনজীৰ সুস্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। বিজেপি (ভাৰতীয় জনতা পাৰ্টি) চৰকাৰৰ এই অহংকাৰ আৰু অত্যাচাৰ দিল্লীৰ লগতে দেশবাসীয়ে খুব ভালকৈ চাই আছে। আনকি ঈশ্বৰেও এই অত্যাচাৰীসকলক কেতিয়াও ক্ষমা নকৰে। এই সংগ্ৰামত জনসাধাৰণ আমাৰ লগত আছে, ভগৱান আমাৰ লগত আছে, আমি চৰ্দাৰ ভগত সিং জীৰ অনুগামী। অত্যাচাৰ, অন্যায় আৰু একনায়কত্ববাদৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব।''

উচ্চতম ন্যায়ালয়ত জৈনৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভীয়ে যোৱা সপ্তাহত আদালতত কয় যে সত্যেন্দৰ জৈনৰ ৩৫ কিলোগ্ৰাম ওজন কমিছে আৰু কেইবাটাও ৰোগত আক্ৰান্তও হৈছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা