--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে নিশা তিহাৰ জে’লৰ বাথৰুমত পিছলি পৰিল আম আদমী পাৰ্টিৰ নেতা সত্যেন্দৰ জৈন। তিহাৰ কাৰাগাৰৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি সত্যেন্দৰ জৈন আঘাতপ্ৰাপ্ত হৈছে। তেওঁক দীনদয়াল উপাধ্যায় চিকিৎসালয়লৈ অনা হৈছে চেকআপৰ বাবে। আনহাতে আপৰ সূত্ৰই জনোৱা মতে, মূৰ ঘূৰোৱা অনুভৱ কৰি সত্যেন্দৰ জৈন তিহাৰ জেলৰ বাথৰুমত পৰিল। দীনদয়াল উপাধ্যায় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইয়াৰ আগতেও এবাৰ সত্যেন্দৰ জৈন শৌচাগাৰত পৰি মেৰুদণ্ডত গুৰুতৰ আঘাত হৈছিল। অসুস্থতাৰ বাবে সোমবাৰে জৈনক ছফদৰজং হাস্পতাললৈ লৈ যোৱা হয়। যোৱা বছৰৰ মে’ মাহত বলবৎকাৰী সঞ্চালকালয়ে ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা জৈনক তিহাৰ কাৰাগাৰত ভৰ্তি কৰা হৈছে।

সোমবাৰে সত্যেন্দৰ জৈনৰ এখন ফটোও চৰ্চালৈ আহে। আপৰ তথ্য অনুসৰি ফটোখনত জৈনক অসুস্থ আৰু দুৰ্বল দেখা গৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁক হত্যা কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে। সফদাৰজং হাস্পতালৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, জৈনে ৰাতিপুৱা নিউৰ’চাৰ্জাৰী অ’পিডি (আউট পেচেণ্ট ডিপাৰ্টমেণ্ট)লৈ আহি তাত থকা চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰি উভতি যায়। তেওঁৰ সৈতে আৰক্ষীও উপস্থিত আছিল।

তেখেতৰ আশু আৰোগ্য কামনা কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰি কয় ''সত্যেন্দৰ জৈনজীৰ সুস্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। বিজেপি (ভাৰতীয় জনতা পাৰ্টি) চৰকাৰৰ এই অহংকাৰ আৰু অত্যাচাৰ দিল্লীৰ লগতে দেশবাসীয়ে খুব ভালকৈ চাই আছে। আনকি ঈশ্বৰেও এই অত্যাচাৰীসকলক কেতিয়াও ক্ষমা নকৰে। এই সংগ্ৰামত জনসাধাৰণ আমাৰ লগত আছে, ভগৱান আমাৰ লগত আছে, আমি চৰ্দাৰ ভগত সিং জীৰ অনুগামী। অত্যাচাৰ, অন্যায় আৰু একনায়কত্ববাদৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব।''

উচ্চতম ন্যায়ালয়ত জৈনৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভীয়ে যোৱা সপ্তাহত আদালতত কয় যে সত্যেন্দৰ জৈনৰ ৩৫ কিলোগ্ৰাম ওজন কমিছে আৰু কেইবাটাও ৰোগত আক্ৰান্তও হৈছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস