--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয় নৌ সেনাই শীঘ্ৰে লাভ কৰিব এখন বিশেষ জাহাজ ।যুদ্ধ বিমান কঢ়িয়াই নিব পৰা জাহাজ বিক্ৰান্ত শীঘ্ৰে নৌ সেনাত অন্তৰ্ভুক্ত ক’ৰা হ’ব। ইতিমধ্যে এই বিশেষ জাহাজ খনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হৈছে। জাহাজ খনৰ 'চি ট্ৰায়েল' ২০২১ চনৰ আগষ্টৰ প্ৰথম ভাগত  আৰম্ভ হৈছিল। নৌসেনাই কৈছে যে বিক্ৰান্ত জহাজ খনে  সফলতাৰে  দক্ষতা প্ৰমাণ কৰিছে।

এতিয়া মাথো জাহাজ খন  ভাৰতীয় নৌসেনাক আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰাৰ পাল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ছেপ্টেম্বৰত আনুষ্ঠানিকতা জাহাজ খন নৌ সেনাৰ হাতত তুলি দিব । উল্লেখ্য আইএনএছ বিক্ৰান্ত জাহাজ খনেই হৈছে দেশৰ প্ৰথমখন স্বদেশী ভাৱে নিৰ্মিত বিমান বাহক জাহাজ। প্ৰতিৰক্ষা মন্ত্ৰালয়ে  প্ৰকাশ কৰা মতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত ২০২১ চনৰ আগষ্টৰ আৰম্ভণিতে বিক্ৰান্তৰ 'চি ট্ৰায়েল' আৰম্ভ হৈছিল।

ইয়াৰ পূৰ্বে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ নৌসেনাৰ বাবে নিৰ্মাণ কৰা হাৰকিউলিছ নামৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰখন  ১৯৫০ ৰ দশকত ভাৰতে ক্ৰয় কৰিছিল। সেই জাহাজ খনৰো নাম  আইএনএছ বিক্ৰান্ত  দিয়া হৈছিল। ভাৰতীয় নৌসেনাৰ বিক্ৰান্তে ১৯৭১ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। বিক্ৰান্তে প্ৰায় ৪ দশক কাম কৰাৰ পিছত ১৯৯০ ৰ দশকৰ শেষৰ ফালে কামৰ পৰা আঁতৰি গৈছিল । জাহাজখন ভাঙি পেলোৱা হৈছিল। কিন্তু জাহাজ খনৰ  স্মৃতিতে প্ৰথম 'ভাৰতীয়' বিমান বাহক  জাহাজ খন নিৰ্মাণ কৰা হৈছে।

২৬২ মিটাৰ ওখ, ৬২ মিটাৰ বহল আৰু ৫৯ মিটাৰ ওখ আইএনএছ বিক্ৰান্তত ১,৭০০ তকৈও অধিক নৌসেনা কৰ্মীয়ে একে সময়তে থাকিব পৰা  বাসস্থান আছে। মহিলা বিষয়াসকলৰ বাবে থাকিবলৈ  পৃথক  আবাস ৰখা হৈছে । জাহাজ খনৰ  সৰ্বাধিক গতি হৈছে প্ৰতি ঘণ্টাত ২৮ নট (প্ৰায় ৫২ কিলোমিটাৰ)। জাহাজ খনৰ ৰানৱেৰ দৈৰ্ঘ্য ৯০ মিটাৰতকৈও অধিক। ফলস্বৰূপে তেজছৰ দৰে আধুনিক যুঁজাৰু বিমানেও ' হুক' ব্যৱহাৰ কৰি এই জাহাজ খনৰ  পৰা উৰা মাৰিব পাৰিব।

বিক্ৰান্তৰ পৰা একে সময়তে ৩০  খন যুঁজাৰু বিমান আৰু হেলিকপ্টাৰে  উৰা মাৰিব পাৰিব।  ভাৰতীয় নৌসেনাৰ হাতত ৰাছিয়াৰ পৰা ক্ৰয় কৰা আইএনএছ বিক্ৰমাদিত্য আছে। বিমান পৰিবাহী  আইএনএছ বিক্ৰমাদিত্য  ২০১৪  চনত ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী