--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয় নৌ সেনাই শীঘ্ৰে লাভ কৰিব এখন বিশেষ জাহাজ ।যুদ্ধ বিমান কঢ়িয়াই নিব পৰা জাহাজ বিক্ৰান্ত শীঘ্ৰে নৌ সেনাত অন্তৰ্ভুক্ত ক’ৰা হ’ব। ইতিমধ্যে এই বিশেষ জাহাজ খনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হৈছে। জাহাজ খনৰ 'চি ট্ৰায়েল' ২০২১ চনৰ আগষ্টৰ প্ৰথম ভাগত  আৰম্ভ হৈছিল। নৌসেনাই কৈছে যে বিক্ৰান্ত জহাজ খনে  সফলতাৰে  দক্ষতা প্ৰমাণ কৰিছে।

এতিয়া মাথো জাহাজ খন  ভাৰতীয় নৌসেনাক আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰাৰ পাল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ছেপ্টেম্বৰত আনুষ্ঠানিকতা জাহাজ খন নৌ সেনাৰ হাতত তুলি দিব । উল্লেখ্য আইএনএছ বিক্ৰান্ত জাহাজ খনেই হৈছে দেশৰ প্ৰথমখন স্বদেশী ভাৱে নিৰ্মিত বিমান বাহক জাহাজ। প্ৰতিৰক্ষা মন্ত্ৰালয়ে  প্ৰকাশ কৰা মতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত ২০২১ চনৰ আগষ্টৰ আৰম্ভণিতে বিক্ৰান্তৰ 'চি ট্ৰায়েল' আৰম্ভ হৈছিল।

ইয়াৰ পূৰ্বে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ নৌসেনাৰ বাবে নিৰ্মাণ কৰা হাৰকিউলিছ নামৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰখন  ১৯৫০ ৰ দশকত ভাৰতে ক্ৰয় কৰিছিল। সেই জাহাজ খনৰো নাম  আইএনএছ বিক্ৰান্ত  দিয়া হৈছিল। ভাৰতীয় নৌসেনাৰ বিক্ৰান্তে ১৯৭১ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। বিক্ৰান্তে প্ৰায় ৪ দশক কাম কৰাৰ পিছত ১৯৯০ ৰ দশকৰ শেষৰ ফালে কামৰ পৰা আঁতৰি গৈছিল । জাহাজখন ভাঙি পেলোৱা হৈছিল। কিন্তু জাহাজ খনৰ  স্মৃতিতে প্ৰথম 'ভাৰতীয়' বিমান বাহক  জাহাজ খন নিৰ্মাণ কৰা হৈছে।

২৬২ মিটাৰ ওখ, ৬২ মিটাৰ বহল আৰু ৫৯ মিটাৰ ওখ আইএনএছ বিক্ৰান্তত ১,৭০০ তকৈও অধিক নৌসেনা কৰ্মীয়ে একে সময়তে থাকিব পৰা  বাসস্থান আছে। মহিলা বিষয়াসকলৰ বাবে থাকিবলৈ  পৃথক  আবাস ৰখা হৈছে । জাহাজ খনৰ  সৰ্বাধিক গতি হৈছে প্ৰতি ঘণ্টাত ২৮ নট (প্ৰায় ৫২ কিলোমিটাৰ)। জাহাজ খনৰ ৰানৱেৰ দৈৰ্ঘ্য ৯০ মিটাৰতকৈও অধিক। ফলস্বৰূপে তেজছৰ দৰে আধুনিক যুঁজাৰু বিমানেও ' হুক' ব্যৱহাৰ কৰি এই জাহাজ খনৰ  পৰা উৰা মাৰিব পাৰিব।

বিক্ৰান্তৰ পৰা একে সময়তে ৩০  খন যুঁজাৰু বিমান আৰু হেলিকপ্টাৰে  উৰা মাৰিব পাৰিব।  ভাৰতীয় নৌসেনাৰ হাতত ৰাছিয়াৰ পৰা ক্ৰয় কৰা আইএনএছ বিক্ৰমাদিত্য আছে। বিমান পৰিবাহী  আইএনএছ বিক্ৰমাদিত্য  ২০১৪  চনত ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু