--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুত্ৰৰ জন্মদিনৰ দিনাই মাতৃৰ মৃত্যু। নিয়তিৰ কি যে বিধান। আনন্দৰ ক্ষণ মুহূৰ্ততে সলনি হল বেদনালৈ। গুজৰাটৰ ভালছাদ জিলাত সংঘটিত হৈছে এক বেদনাদায়ক ঘটনা। য'ত পুত্ৰৰ জন্মদিনৰ পাৰ্টিত ব্যস্ত হৈ থাকোতেই হাৰ্ট এটেকত আক্ৰান্ত হৈ মাতৃৰ মৃত্যু হয়। এই ঘটনা ওচৰতে স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছে। পাঁচ বছৰীয়া পুত্ৰৰ জন্মদিনৰ পাৰ্টি উপভোগ কৰি আছিল পৰিয়ালটোৱে।


গৌৰিকৰ ৫ বছৰীয়া জন্মদিনত অহৰহ আলহীৰ সোঁত বৈ আছিল। গৌৰিকৰ মাতৃ আৰু পিতৃ জন্মদিনৰ কামতে ব্যস্ত আছিল। হঠাতে মাতৃ বাগৰি পৰাত মানুহে তেওঁক তুলি লৈ চিকিৎসালয়লৈ লৈ যায়। পৰীক্ষাৰ অন্তত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। পৰিয়ালটোৰ সুখৰ পৰিৱেশ শোকলৈ পৰিণত হ’ল।

চিচিটিভিৰ ফুটেজত দেখা গৈছে যে ডিজেত পৰিয়ালৰ লোক আৰু আত্মীয়ই নাচি আছিল। তেনেতে মহিলাগৰাকীয়ে স্বামীৰ কান্ধত মূৰটো থৈ তললৈ বাগৰি পৰে। লৰালৰিকৈ তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁৰ হাৰ্ট এটেক হৈ মৃত্যু হোৱা বুলি কয়।

উল্লেখ্য যে যোৱা কেইবছৰমানৰ পৰা দেশত হৃদৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ৰাস্তাত খোজ কঢ়াৰ সময়ত, নাচি থকাৰ সময়ত বা জিমত ৱৰ্কআউট কৰাৰ সময়ত মানুহৰ হাৰ্ট এটেক হৈছে। আগতে ৬০-৬৫ বছৰ বয়সত হাৰ্ট এটেক হৈছিল যদিও শেহতীয়া বছৰবোৰত দেখা গৈছে যে এতিয়া ২০-২২ বছৰৰ পৰা ৩৫-৪০ বছৰ বয়সৰ ভিতৰৰ লোকৰ ক্ষেত্ৰত এনেকুৱা বেছিকৈ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু