--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুত্ৰৰ জন্মদিনৰ দিনাই মাতৃৰ মৃত্যু। নিয়তিৰ কি যে বিধান। আনন্দৰ ক্ষণ মুহূৰ্ততে সলনি হল বেদনালৈ। গুজৰাটৰ ভালছাদ জিলাত সংঘটিত হৈছে এক বেদনাদায়ক ঘটনা। য'ত পুত্ৰৰ জন্মদিনৰ পাৰ্টিত ব্যস্ত হৈ থাকোতেই হাৰ্ট এটেকত আক্ৰান্ত হৈ মাতৃৰ মৃত্যু হয়। এই ঘটনা ওচৰতে স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছে। পাঁচ বছৰীয়া পুত্ৰৰ জন্মদিনৰ পাৰ্টি উপভোগ কৰি আছিল পৰিয়ালটোৱে।


গৌৰিকৰ ৫ বছৰীয়া জন্মদিনত অহৰহ আলহীৰ সোঁত বৈ আছিল। গৌৰিকৰ মাতৃ আৰু পিতৃ জন্মদিনৰ কামতে ব্যস্ত আছিল। হঠাতে মাতৃ বাগৰি পৰাত মানুহে তেওঁক তুলি লৈ চিকিৎসালয়লৈ লৈ যায়। পৰীক্ষাৰ অন্তত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। পৰিয়ালটোৰ সুখৰ পৰিৱেশ শোকলৈ পৰিণত হ’ল।

চিচিটিভিৰ ফুটেজত দেখা গৈছে যে ডিজেত পৰিয়ালৰ লোক আৰু আত্মীয়ই নাচি আছিল। তেনেতে মহিলাগৰাকীয়ে স্বামীৰ কান্ধত মূৰটো থৈ তললৈ বাগৰি পৰে। লৰালৰিকৈ তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁৰ হাৰ্ট এটেক হৈ মৃত্যু হোৱা বুলি কয়।

উল্লেখ্য যে যোৱা কেইবছৰমানৰ পৰা দেশত হৃদৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ৰাস্তাত খোজ কঢ়াৰ সময়ত, নাচি থকাৰ সময়ত বা জিমত ৱৰ্কআউট কৰাৰ সময়ত মানুহৰ হাৰ্ট এটেক হৈছে। আগতে ৬০-৬৫ বছৰ বয়সত হাৰ্ট এটেক হৈছিল যদিও শেহতীয়া বছৰবোৰত দেখা গৈছে যে এতিয়া ২০-২২ বছৰৰ পৰা ৩৫-৪০ বছৰ বয়সৰ ভিতৰৰ লোকৰ ক্ষেত্ৰত এনেকুৱা বেছিকৈ হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন