--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্মক্ষেত্ৰত মানসিক বিকাৰগ্ৰস্ত কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি পাইছে। বহুতে নিজৰ অভিজ্ঞতা ছ’চিয়েল মিডিয়াত আলোচনা কৰে। শেহতীয়াকৈ কেৰেলাৰ পৰাও একেধৰণৰ এটা গোচৰ পোহৰলৈ আহিছে য’ত চাকৰিত যোগদান কৰাৰ মাত্ৰ চাৰি মাহৰ পিছতে এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট আন্না চেবাষ্টিয়ান পেৰাইলৰ মৃত্যু হৈছে। কোম্পানীটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আন্নাৰ মাতৃয়ে। ইয়াৰ বাবে তেওঁ কোম্পানীটোলৈ মেইল ​​লিখি কামৰ মানসিক চাপক তেওঁৰ মৃত্যুৰ কাৰণ বুলি দোষাৰোপ কৰে।

কেৰেলাৰ এজন চাৰ্টাৰ্ড একাউণ্টেণ্টৰ মৃত্যুত তেওঁৰ মাকে এটা কোম্পানীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। তথ্য অনুসৰি আন্না চেবাষ্টিয়ান পেৰেইলে মাত্ৰ চাৰি মাহৰ পূৰ্বে বহুজাতিক কোম্পানী আৰ্নষ্ট এণ্ড ইয়ং (ই ৱাই)ত কাম আৰম্ভ কৰে। ২৬ বছৰীয়া এজন কৰ্মচাৰীৰ মৃত্যুত কোম্পানীসমূহে কাম-কাজৰ প্ৰথাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ পিছত আন্নাৰ মাতৃ অনিতা অগাষ্টিনে ‘কৰ্মৰ বাবে মানসিক চাপ’ৰ বাবে হোৱা তেওঁৰ কৰুণ মৃত্যুৰ বাবে কোম্পানীটোক জগৰীয়া কৰে। ইয়াৰ বাবে তেওঁ ই ৱাইলৈও মেইল লিখিবলৈ আৰম্ভ কৰে ৷


পুত্ৰীৰ মৃত্যুৰ পিছত মাতৃগৰাকীয়ে কোম্পানীটোলৈ মেইল ​​প্ৰেৰণ কৰে, য’ত পুত্ৰীৰ মৃত্যুৰ কাৰণ বুজাই দিয়ে। তেওঁ লিখে যে আন্না সৰুৰে পৰা পঢ়াত চোকা আছিল। প্ৰতিটো কাম তেওঁ কঠোৰ পৰিশ্ৰমেৰে কৰিছিল। নতুন কোম্পানীৰ নতুন ছোৱালীজনীক ইমানেই কামৰ বোজা দিয়া হ’ল যে দিনে-ৰাতি তেওঁক কামত লগাই দিয়া হ’ল। আনকি দেওবাৰেও তেওঁক  ছুটী দিয়া নহয়। তেওঁ কোম্পানীটোক পৰামৰ্শ দিলে যে নতুন কৰ্মচাৰীৰ ক্ষেত্ৰত আপোনালোকে কিছু বিবেচনা কৰিব লাগে। কোম্পানীয়ে চিন্তা নকৰাকৈয়ে নিজৰ সকলো কাম জাপি দিয়াটো উচিত নহয়।


তেওঁ আৰু লিখিছে যে ‘‘ মই এই মেইল লিখিছো এগৰাকী দুখী মাতৃ হিচাপে যিয়ে নিজৰ কন্যাক হেৰুৱাইছে। এই শব্দবোৰ লিখি থাকোঁতে মোৰ হৃদয়খন গধুৰ হৈ আহিছে যদিও মই যি কষ্টৰ মাজেৰে পাৰ হৈছো আন কোনো পৰিয়ালে পাৰ কৰিব নালাগে বুলি ভাৱি আমাৰ কাহিনীটো আলোচনা কৰাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰিছো।’’ 

আন্নাৰ মাকে জনায় যে ই ৱাইৰ পৰা কোনোৱেই আন্নাৰ শে উপস্থিত নাছিল। মোৰ ছোৱালীয়ে শেষ উশাহলৈকে নিজৰ কাম কৰিলে।

এনে বহু কাহিনী পোহৰলৈ আহে, য’ত কৰ্মৰ হেঁচাত মানুহে প্ৰাণ হেৰুৱাই। শেহতীয়াকৈ একেধৰণৰ এটা গোচৰ পোহৰলৈ আহিছিল য’ত এজন ব্যক্তিয়ে ছুটী অবিহনে অবিৰতভাৱে কাম কৰি থাকিল। ইয়াৰ পিছত অংগ বিকল হোৱাৰ বাবে তেওঁৰ মৃত্যু হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু