--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাবটি ল’লে জনপ্ৰিয় মালায়ালাম অভিনেতা কোল্লাম সুধিয়ে। এই দুঃসংবাদ প্ৰকাশ পোৱাৰ পাছতে সমগ্ৰ মালায়ালাম ছবিজগতত গভীৰ শোকৰ ছাঁ পৰিছে।

সোমবাৰে কেৰালাৰ থ্ৰিছুৰত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। অভিনেতাগৰাকীয়ে যাত্ৰা কৰা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ইয়াৰ ফলত থিতাতে মৃত্যু ঘটে কোল্লাম সুধিৰ।

এই পথ দুৰ্ঘটনাত তেওঁৰ সৈতে থকা আন ৩ জন লোক গুৰুতৰভাৱে আহত হয়। সোমবাৰে পুৱা প্ৰায় ৪.৩০ বজাত থ্ৰিছুৰৰ কাইপামংগলামৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু কোল্লাম সুধিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত্যুৰ সময়ত কোল্লাম সুধিৰ বয়স আছিল ৩৯ বছৰ।

কোল্লাম সুধি বিগত প্ৰায় এটা দশক ধৰি মালায়লম ছবিৰ সৈতে জড়িত হৈ আছিল। ছবিজগতৰ লগতে সৰুপৰ্দাৰো জনপ্ৰিয় অভিনেতা আছিল কোল্লাম সুধি। তেওঁ একাধিক ছুটি ছবি পৰিচালনাও কৰিছে।

অভিনেতাগৰাকীৰ এনে কৰুণ অকাল মৃত্যুত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে শোকপ্ৰকাশ কৰে। মালায়ালাম ছবিজগতৰ বহু তাৰকাই কোল্লাম সুধিৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক