--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাবটি ল’লে জনপ্ৰিয় মালায়ালাম অভিনেতা কোল্লাম সুধিয়ে। এই দুঃসংবাদ প্ৰকাশ পোৱাৰ পাছতে সমগ্ৰ মালায়ালাম ছবিজগতত গভীৰ শোকৰ ছাঁ পৰিছে।

সোমবাৰে কেৰালাৰ থ্ৰিছুৰত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। অভিনেতাগৰাকীয়ে যাত্ৰা কৰা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ইয়াৰ ফলত থিতাতে মৃত্যু ঘটে কোল্লাম সুধিৰ।

এই পথ দুৰ্ঘটনাত তেওঁৰ সৈতে থকা আন ৩ জন লোক গুৰুতৰভাৱে আহত হয়। সোমবাৰে পুৱা প্ৰায় ৪.৩০ বজাত থ্ৰিছুৰৰ কাইপামংগলামৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু কোল্লাম সুধিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত্যুৰ সময়ত কোল্লাম সুধিৰ বয়স আছিল ৩৯ বছৰ।

কোল্লাম সুধি বিগত প্ৰায় এটা দশক ধৰি মালায়লম ছবিৰ সৈতে জড়িত হৈ আছিল। ছবিজগতৰ লগতে সৰুপৰ্দাৰো জনপ্ৰিয় অভিনেতা আছিল কোল্লাম সুধি। তেওঁ একাধিক ছুটি ছবি পৰিচালনাও কৰিছে।

অভিনেতাগৰাকীৰ এনে কৰুণ অকাল মৃত্যুত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে শোকপ্ৰকাশ কৰে। মালায়ালাম ছবিজগতৰ বহু তাৰকাই কোল্লাম সুধিৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস