--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত নিবনুৱাৰ হাৰ পুনৰ বৃদ্ধি পাইছে। দেশৰ অৰ্থনীতিৰ শোচনীয় অৱস্থাক লৈ কেন্দ্ৰীয় চৰকাৰ সমালোচনাৰ পাত্ৰ হৈ আহিছে বিভিন্ন সময়ত। বিৰোধী দলসমূহে দামবৃদ্ধি, নিবনুৱা সমস্যা, অৰ্থনৈতিক বিকাশৰ লেহেমীয়া গতি আদিৰ দৰে প্ৰসংগক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে বিভিন্ন সময়ত। এনে পৰিস্থিতিৰ মাজতে দেশত নিবনুৱাৰ হাৰ বৃদ্ধিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এপ্ৰিল মাহত নিবনুৱাৰ হাৰ ৭.৮৩ শতাংশ হোৱা বুলি প্ৰকাশ কৰিছে চেণ্টাৰ ফৰ মৱনিটৰিং ইণ্ডিয়ান ইকনমী চমুকৈ চিএমআইই নামৰ সংস্থাটোৱে। দেশৰ অৰ্থনীতিৰ ওপৰত পৰ্যবেক্ষণ কৰি অহা সংস্থাটোৰ পৰ্যবেক্ষণত নিবনুৱা সমস্যা বৃদ্ধিৰ এই তথ্য পোহৰলৈ আহিছে।

মাৰ্চ মাহত দেশত নিবনুৱাৰ হাৰ ৭.৬০ শতাংশ হোৱাৰ বিপৰীতে এপ্ৰিলত দেশত নিবনুৱাৰ হাৰ ৭.৮৩ শতাংশলৈ বৃদ্ধি পাইছে বুলি চিএমআইইৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। সোমবাৰে প্ৰকাশিত প্ৰতিবেদনত এই তথ্য দিয়া হৈছিল। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমীয়ে এপ্ৰিলৰ তথ্য প্ৰকাশ কৰি কয় যে চহৰ অঞ্চলত মাৰ্চত নিবনুৱাৰ হাৰ ৮.২৮ শতাংশ হোৱাৰ বিপৰীতে এপ্ৰিলত এই হাৰ ৯.২২ শতাংশলৈ বৃদ্ধি পাইছে।

ইয়াৰ বিপৰীতে, এপ্ৰিলত গ্ৰাম্য অঞ্চলত নিবনুৱাৰ হাৰ ৭.১৮ শতাংশলৈ হ্ৰাস পাইছে। মাৰ্চ মাহত, ই আছিল ৭.২৯ শতাংশ। প্ৰতিবেদন অনুসৰি হাৰিয়ানাত নিবনুৱাৰ হাৰ সৰ্বাধিক ৩৪.৫ শতাংশ বুলি চিহ্নিত কৰা হৈছে। ইয়াৰ পাছতে স্থান লাভ কৰিছে ৰাজস্থানে। ৰাজস্থানত নিবনুৱাৰ হাৰ হৈছে ২৮.৮ শতাংশ। নিবনুৱাৰ হাৰ অনুসৰি বিহাৰ ২১.১ শতাংশৰ সৈতে তৃতীয় আৰু জম্মু আৰু কাশ্মীৰ ১৫.৬ শতাংশৰ সৈতে চতুৰ্থ স্থানত আছে।

অৱশ্যে চিএমআইইৰ পৰিচালনা সঞ্চালক মহেশ ব্যাসে সংবাদ প্ৰতিষ্ঠিন পিটিআইক দিয়া তথ্য অনুসৰি শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ আৰু নিয়োগ হাৰো এপ্ৰিলত বৃদ্ধি পাইছে। তেওঁ ইয়াক ভাৰতীয় অৰ্থনীতিৰ বাবে এক উল্লেখনীয় প্ৰগতি বুলি ব্যাখ্যা কৰে। ব্যাসে কয় যে ২০২২ চনৰ এপ্ৰিলত নিয়োগৰ হাৰ এমাহ আগতে ৩৬.৪৬ শতাংশৰ বিপৰীতে ৩৭.০৫ শতাংশত উপনীত হৈছিল।

উল্লেখ্য যে, দেশত নতুন নিয়োগৰ সুবিধা সৃষ্ট হোৱাটো বাদেই নিয়োগৰ ক্ষেত্ৰ সংকুচিত হৈ অহাৰ ফলত বহু যুৱক-যুৱতীয়ে এতিয়া নিযুক্তিৰ আশা বাদ দিবলগীয়া হৈছে। অৰ্থনৈতিক অনগ্ৰসৰতাই নিয়োগৰ ক্ষেত্ৰখন এনেদৰে সংকুচিত কৰি অনাটো এতিয়া উদ্বেগৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ