--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত নিবনুৱাৰ হাৰ পুনৰ বৃদ্ধি পাইছে। দেশৰ অৰ্থনীতিৰ শোচনীয় অৱস্থাক লৈ কেন্দ্ৰীয় চৰকাৰ সমালোচনাৰ পাত্ৰ হৈ আহিছে বিভিন্ন সময়ত। বিৰোধী দলসমূহে দামবৃদ্ধি, নিবনুৱা সমস্যা, অৰ্থনৈতিক বিকাশৰ লেহেমীয়া গতি আদিৰ দৰে প্ৰসংগক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে বিভিন্ন সময়ত। এনে পৰিস্থিতিৰ মাজতে দেশত নিবনুৱাৰ হাৰ বৃদ্ধিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এপ্ৰিল মাহত নিবনুৱাৰ হাৰ ৭.৮৩ শতাংশ হোৱা বুলি প্ৰকাশ কৰিছে চেণ্টাৰ ফৰ মৱনিটৰিং ইণ্ডিয়ান ইকনমী চমুকৈ চিএমআইই নামৰ সংস্থাটোৱে। দেশৰ অৰ্থনীতিৰ ওপৰত পৰ্যবেক্ষণ কৰি অহা সংস্থাটোৰ পৰ্যবেক্ষণত নিবনুৱা সমস্যা বৃদ্ধিৰ এই তথ্য পোহৰলৈ আহিছে।

মাৰ্চ মাহত দেশত নিবনুৱাৰ হাৰ ৭.৬০ শতাংশ হোৱাৰ বিপৰীতে এপ্ৰিলত দেশত নিবনুৱাৰ হাৰ ৭.৮৩ শতাংশলৈ বৃদ্ধি পাইছে বুলি চিএমআইইৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। সোমবাৰে প্ৰকাশিত প্ৰতিবেদনত এই তথ্য দিয়া হৈছিল। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমীয়ে এপ্ৰিলৰ তথ্য প্ৰকাশ কৰি কয় যে চহৰ অঞ্চলত মাৰ্চত নিবনুৱাৰ হাৰ ৮.২৮ শতাংশ হোৱাৰ বিপৰীতে এপ্ৰিলত এই হাৰ ৯.২২ শতাংশলৈ বৃদ্ধি পাইছে।

ইয়াৰ বিপৰীতে, এপ্ৰিলত গ্ৰাম্য অঞ্চলত নিবনুৱাৰ হাৰ ৭.১৮ শতাংশলৈ হ্ৰাস পাইছে। মাৰ্চ মাহত, ই আছিল ৭.২৯ শতাংশ। প্ৰতিবেদন অনুসৰি হাৰিয়ানাত নিবনুৱাৰ হাৰ সৰ্বাধিক ৩৪.৫ শতাংশ বুলি চিহ্নিত কৰা হৈছে। ইয়াৰ পাছতে স্থান লাভ কৰিছে ৰাজস্থানে। ৰাজস্থানত নিবনুৱাৰ হাৰ হৈছে ২৮.৮ শতাংশ। নিবনুৱাৰ হাৰ অনুসৰি বিহাৰ ২১.১ শতাংশৰ সৈতে তৃতীয় আৰু জম্মু আৰু কাশ্মীৰ ১৫.৬ শতাংশৰ সৈতে চতুৰ্থ স্থানত আছে।

অৱশ্যে চিএমআইইৰ পৰিচালনা সঞ্চালক মহেশ ব্যাসে সংবাদ প্ৰতিষ্ঠিন পিটিআইক দিয়া তথ্য অনুসৰি শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ আৰু নিয়োগ হাৰো এপ্ৰিলত বৃদ্ধি পাইছে। তেওঁ ইয়াক ভাৰতীয় অৰ্থনীতিৰ বাবে এক উল্লেখনীয় প্ৰগতি বুলি ব্যাখ্যা কৰে। ব্যাসে কয় যে ২০২২ চনৰ এপ্ৰিলত নিয়োগৰ হাৰ এমাহ আগতে ৩৬.৪৬ শতাংশৰ বিপৰীতে ৩৭.০৫ শতাংশত উপনীত হৈছিল।

উল্লেখ্য যে, দেশত নতুন নিয়োগৰ সুবিধা সৃষ্ট হোৱাটো বাদেই নিয়োগৰ ক্ষেত্ৰ সংকুচিত হৈ অহাৰ ফলত বহু যুৱক-যুৱতীয়ে এতিয়া নিযুক্তিৰ আশা বাদ দিবলগীয়া হৈছে। অৰ্থনৈতিক অনগ্ৰসৰতাই নিয়োগৰ ক্ষেত্ৰখন এনেদৰে সংকুচিত কৰি অনাটো এতিয়া উদ্বেগৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস