--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যেন নাইকিয়া হৈ আহিছে মানুহৰ দাম। সমাজত আটাইতকৈ কমদামী সামগ্ৰীত পৰিণত হৈছে মানুহ। কথাৰ কথাতে মানুহক হত্যা কৰাটো এতিয়া নিয়মত পৰিণত হৈছে। ইটোৰ পাছত সিটো শিহৰণকাৰী ঘটনাই সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। সন্দেহৰ ভিত্তিতে একো একোজন লোকক চৰম শাস্তি বিহা হৈছে। পবিত্ৰ ঈদৰ দিনটোতে তেনে এক নৃশংস ঘটনা সংঘটিত হ’ল। গোহত্যাৰ সন্দেহত দুজন জনজাতীয় লোকক চৰম শাস্তি বিহিলে একাংশ দুষ্কৃতিকাৰীয়ে। 

মধ্য প্ৰদেশত ছিৱনি জিলাত দুজন আদিবাসী জনজাতীয় যুৱকক হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। মধ্য প্ৰদেশৰ ছিৱনি জিলাৰ বৰঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত চিমৰিয়া গাঁৱত দুজন জনজাতীয় যুৱকক মৰিয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বজৰং দলৰ একাংশ নেতা আৰু কৰ্মীৰ বিৰুদ্ধে এই হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে কালি নিশা গোহত্যাৰ সন্দেহত দুই জনজাতীয় লোকক বজৰং দলৰ কৰ্মীয়ে আটক কৰে আৰু তাৰ পাছত তেওঁলোকক প্ৰচণ্ড মাৰপিট কৰে। অমানুষিক নিৰ্যাতনৰ বলি হোৱা লোক দুজনে দুয়ো ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়।

এই ঘটনাৰ কথা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ আদিবাসী সম্প্ৰদায়ৰ লোকৰ মাজত ক্ষোভৰ উদগীৰণ হৈছে। প্ৰতিবাদী লোকসকলে কুৰাইৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে বৰঘাটৰ বিধায়ক অৰ্জুন কাকোদিয়াও ঘটনাস্থলীত উপস্থিত হয় আৰু তেৱোঁ এই অৱৰোধত ভাগ লয়। বিধায়কজনে দাবী জনাইছে যে যিহেতু শিৱৰাজ চৰকাৰে সমগ্ৰ মধ্য প্ৰদেশত বিভিন্ন অপৰাধত অভিযুক্তৰ ঘৰত বুলডোজাৰ চলাই আছে, সেয়েহে এই অভিযুক্তসকলৰ ঘৰতো তৎক্ষণাত বুলডোজাৰ চলাব লাগে।

বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি, সমগ্ৰ মধ্য প্ৰদেশৰ পৰা বজৰং দলক নিষিদ্ধ কৰিবলৈও দাবী উত্থাপন কৰা হৈছে। ছিৱনিৰ এছপি আৰু প্ৰশাসনিক মুৰব্বীও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে। তেওঁলোক স্থানীয় বিধায়কগৰাকীক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। এই ঘটনাত জড়িত যুৱকসকল পলাতক বুলি কোৱা হৈছে। আৰক্ষীয়ে কৈছে যে তেওঁলোকক যিমান সম্ভৱ সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব। বাতৰি অনুসৰি, ১৫-২০ জনীয়া এটা দলে দুই আদিবাসী যুৱকক বেয়াকৈ প্ৰহাৰ কৰিছিল। আৰক্ষীয়ে সদৰি কৰা মতে কুৰাই আৰক্ষীয়ে ২০ জন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। ঘটনাটো সোমবাৰে নিশা প্ৰায় ২.৩০ বজাত সংঘটিত হৈছিল। অভিযুক্তসকলৰ ভিতৰৰ ছয়জনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰে যে ২-৩ জন সন্দেহজনক লোকক আটক কৰা হৈছে। 

আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, ভুক্তভোগীসকলৰ ঘৰৰ পৰা কিছু পৰিমাণৰ মাংস উদ্ধাৰ কৰা হৈছে, যাৰ তদন্ত চলি আছে। অভিযোগকাৰী ব্ৰজেশ বাট্টিও এই আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল। তেওঁ প্ৰকাশ কৰে যে, ‘ উন্মত্ত লোকসকলে সাগৰৰ বাসিন্দা সম্পত বাট্টি আৰু ছিমৰিয়াৰ বাসিন্দা ধনছাক লাঠি আৰু আন অস্ত্ৰৰে আক্ৰমণ কৰিছিল।’  কংগ্ৰেছ বিধায়ক কাকোডিয়াই অভিযোগ কৰিছিল যে বজৰং দলৰ কৰ্মীসকলে ঘটনাটো সংঘটিত কৰিছে। তেওঁ ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক ১-১ কোটি টকাৰ ক্ষতিপূৰণ আৰু পৰিয়ালৰ লোকক নিযুক্তি দিয়াৰ দাবী কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এই ৩ টা বনৌষধি পেটৰ বাবে অতি উপকাৰী
আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে একলম
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত