--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰফেট মহম্মদ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰি বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মা যিকুৰা জুই জ্বলাইছিল সেই জুই এতিয়াও নুমুওৱাৰ উপক্ৰম ঘটা নাই নূপুৰ শৰ্মাৰ মন্তব্যক লৈ দেশে-বিদেশে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আজি দেখিবলৈ পোৱা গল এক অভূতপূৰ্ব পৰিস্থিতি। আজি শুকুৰবৰীয়া নামাজৰ পাছত দেশৰ প্ৰান্তে প্ৰান্তে ইছলামধৰ্মী লোকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰথমে দিল্লীৰ জামা মছজিদত নামাজৰ পাছত প্ৰতিবাদৰ সূচনা হোৱাৰ খবৰ আহিছিল যদিও পাছত সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি দেশৰ প্ৰান্তে প্ৰান্তে এই প্ৰতিবাদৰ সৃষ্টি হৈছে।

নামাজৰ পাছতে আজি ব্যাপকসংখ্যক লোকে দিল্লীৰ জামা মছজিদৰ বাহিৰত পোষ্টাৰ আৰু বেনাৰলৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে, প্ৰয়াগৰাজৰ পৰা উত্তৰ প্ৰদেশৰ সাহাৰপুৰলৈকে জুম্মানামাজৰ পাছত ইছলাধৰ্মী লোকসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। নিলম্বিত বিজেপি নেতা নবীন জিন্দা আৰু নূপুৰ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে

প্ৰয়াগৰাজৰ আতলা অঞ্চলতো জুম্মাৰ নামাজৰ পাছত শ শ লোক সমবেত হৈছিল আৰু শ্ল'গান দিছিল, সকলোৱে একেমুখে নুপুৰ শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনা প্ৰতিবাদী কাৰ্যসূচীয়ে যাতে অধিক বিস্ফোৰক ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে চাৰিওফালে বেৰিকেড ব্যৱস্থা কৰে। ঘটনাস্থলীত আৰক্ষী পিএচি আৰু ৰেপিড একচন ফ'ৰ্চ জোৱানো উপস্থিত হোৱা দেখা যায়। আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি প্ৰকাশ পাইছে। অৱশ্যে, এই মুহূৰ্তত পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ আছে আৰু প্ৰতিবাদী লোকসকলক সৈমান কৰাৰ চেষ্টা কৰি থকা হৈছে। ইয়াৰ পূৰ্বে, দিল্লীৰ জামা মছজিদৰ শ্বাহ ইমামৰ ফালৰ পৰাও প্ৰতিবাদ নকৰিবলৈ আবেদন জনোৱা হৈছিল।

উল্লেখ্য যে, দিল্লীৰ জামা মছজিদৰ শ্বাহ ইমামে উল্লেখ কৰিছে যে, কোনে প্ৰতিবাদ কৰিছে আমি নাজানো। মই ভাবো এই লোকসকল এআইএমআইএম বা ওৱাইচিৰ সৈতে জড়িত লোক। আমি ইতিমধ্যে স্পষ্ট কৰি দিছিলো যে যদি তেওঁলোকে প্ৰতিবাদ কৰিব বিচাৰে তেন্তে তেওঁলোকে কৰিব পাৰে কিন্তু আমি তেওঁলোকক সমৰ্থন নকৰো

ইফালে, দিল্লী আৰক্ষীয়ে সদৰি কৰে যে নিলম্বিত বিজেপি নেতা নূপুৰ শৰ্মাই দিয়া বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে জামা মছজিদৰ বাহিৰত ৰাইজে প্ৰতিবাদ কৰিছিল আৰু বহিষ্কৃত দলে বহিষ্কাৰ কৰা নবীন কুমাৰ জিন্দালক গ্ৰেপ্তাৰৰো দাবী উত্থাপন কৰিছিল। আমি তাৰ পৰা প্ৰতিবাদকাৰীসকলক আঁতৰাই দিছোঁ এই মুহূৰ্তত পৰিস্থিতি নিয়ন্ত্ৰণত আছে।

উল্লেখ্য যে, পশ্চিবংগৰ কলকাতা, হায়দৰাবাদ, উত্তৰ প্ৰদেশৰ শ্বাহাৰণপুৰ, মোৰাদাবাদ আদিতো তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হোৱা দেখা গৈছে। এনেদৰে দেশ প্ৰান্তে প্ৰান্তে ইছলানধৰ্মী লোকসকল একে সময়তে একত্ৰিত হৈ প্ৰতিবাদ কৰাটো এক সুপৰিকল্পিত পদক্ষেপ বুলি ধাৰণা কৰা হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ