--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লুডু খেলা বাবেই এজন পিতৃয়ে কোবাই কোবাই হত্যা কৰিলে নিজ পুত্ৰক। উত্তৰ প্ৰদেশৰ আজমগড় জিলাৰ ৰৌনাপাৰ অঞ্চলত ৪ জুনৰ নিশা এজন লোকে নিজৰ একমাত্ৰ ৮ বছৰীয়া পুত্ৰক কোবাই কোবাই হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত হোৱাৰ পাছত অভিযুক্তই ভাতৃৰ সৈতে মৃতদেহটো ঘৰৰ পৰা এক কিলোমিটাৰ দূৰত থকা পশ্চিম নৈৰ পাৰত পুতি থয়। 

এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ অভিযুক্তক ঘটনা সন্দৰ্ভত সোধা-পোছা কৰে। আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। ৮ বছৰীয়া ধৰ্মবীৰ ওৰফে লাকী ৰৌনাপাৰ থানাৰ অন্তৰ্গত মহুলা গাৰ্ডেন গাঁৱত দ্বিতীয় শ্ৰেণীত পঢ়ি আছিল। ৪ জুন শনিবাৰে সন্ধিয়া ৫ বজাত ধৰ্মবীৰে ঘৰৰ ওচৰতে ছাগলী চৰাই মোবাইলত লুডু খেলি বহি আছিল। এই সময়ত পিতৃ জিতেন্দ্ৰই ধৰ্মবীৰক মোবাইলত লুডু খেলি থকা দেখি ক্ষুব্ধ হৈ পৰে। পত্নী ববিতাক পুত্ৰৰ কথা কৈ অভিযুক্তই ক্ষোভত শিশুটিক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। 

অভিযুক্ত জিতেন্দ্ৰই শিশুটিক ইমান মাৰপিট কৰে যে নিশা ৯:৩০ বজাত শিশুটিৰ মৃত্যু হয়। ইয়াৰ পিছতে নিশা ৯:৩০ বজাত অভিযুক্তই নিজৰ ভাতৃ উপেন্দ্ৰ আৰু খুলশালীয়েক ৰাম জন্মৰ সৈতে শিশুটিৰ মৃতদেহ বস্তাত ভৰাই বাইকেৰে নদীৰ পাৰলৈ লৈ যায়। মৃতদেহটো নৈৰ পাৰৰ মাটিত তেওঁলোকে পুতি থয়। এই সন্দৰ্ভত এজন ব্যক্তিয়ে আৰক্ষীক ঘটনাটো অৱগত কৰে। 

তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে অভিযুক্ত পিতৃক আটক কৰি থানালৈ লৈ যায়। ইয়াৰ পিছতে পিতৃৰ তথ্য অনুসৰি আৰক্ষীয়ে সেই স্থানৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে শিশুটিৰ মাতৃ ববিতাক সোধা-পোছা কৰে। ববিতাই পুলিচক গোটেই কথাখিনি বিৱৰি কয়। এতিয়ালৈকে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ কথা জানিব পৰা গৈছে।
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত