--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লুডু খেলা বাবেই এজন পিতৃয়ে কোবাই কোবাই হত্যা কৰিলে নিজ পুত্ৰক। উত্তৰ প্ৰদেশৰ আজমগড় জিলাৰ ৰৌনাপাৰ অঞ্চলত ৪ জুনৰ নিশা এজন লোকে নিজৰ একমাত্ৰ ৮ বছৰীয়া পুত্ৰক কোবাই কোবাই হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত হোৱাৰ পাছত অভিযুক্তই ভাতৃৰ সৈতে মৃতদেহটো ঘৰৰ পৰা এক কিলোমিটাৰ দূৰত থকা পশ্চিম নৈৰ পাৰত পুতি থয়। 

এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ অভিযুক্তক ঘটনা সন্দৰ্ভত সোধা-পোছা কৰে। আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। ৮ বছৰীয়া ধৰ্মবীৰ ওৰফে লাকী ৰৌনাপাৰ থানাৰ অন্তৰ্গত মহুলা গাৰ্ডেন গাঁৱত দ্বিতীয় শ্ৰেণীত পঢ়ি আছিল। ৪ জুন শনিবাৰে সন্ধিয়া ৫ বজাত ধৰ্মবীৰে ঘৰৰ ওচৰতে ছাগলী চৰাই মোবাইলত লুডু খেলি বহি আছিল। এই সময়ত পিতৃ জিতেন্দ্ৰই ধৰ্মবীৰক মোবাইলত লুডু খেলি থকা দেখি ক্ষুব্ধ হৈ পৰে। পত্নী ববিতাক পুত্ৰৰ কথা কৈ অভিযুক্তই ক্ষোভত শিশুটিক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। 

অভিযুক্ত জিতেন্দ্ৰই শিশুটিক ইমান মাৰপিট কৰে যে নিশা ৯:৩০ বজাত শিশুটিৰ মৃত্যু হয়। ইয়াৰ পিছতে নিশা ৯:৩০ বজাত অভিযুক্তই নিজৰ ভাতৃ উপেন্দ্ৰ আৰু খুলশালীয়েক ৰাম জন্মৰ সৈতে শিশুটিৰ মৃতদেহ বস্তাত ভৰাই বাইকেৰে নদীৰ পাৰলৈ লৈ যায়। মৃতদেহটো নৈৰ পাৰৰ মাটিত তেওঁলোকে পুতি থয়। এই সন্দৰ্ভত এজন ব্যক্তিয়ে আৰক্ষীক ঘটনাটো অৱগত কৰে। 

তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে অভিযুক্ত পিতৃক আটক কৰি থানালৈ লৈ যায়। ইয়াৰ পিছতে পিতৃৰ তথ্য অনুসৰি আৰক্ষীয়ে সেই স্থানৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে শিশুটিৰ মাতৃ ববিতাক সোধা-পোছা কৰে। ববিতাই পুলিচক গোটেই কথাখিনি বিৱৰি কয়। এতিয়ালৈকে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ কথা জানিব পৰা গৈছে।
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে