--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী ৰেখাৰ জনপ্ৰিয়তা এতিয়াও হ্ৰাস হোৱা নাই। নিজৰ ৰূপ সৌন্দৰ্যৰে এতিয়াও জনসাধাৰণক আকৰ্ষণ কৰে ৰেখাই। ৬৩ বছৰ বয়সতো তেওঁ নিজৰ সৌন্দৰ্যক ধৰি ৰাখিছে। ৰঙীন কাপোৰ পিন্ধি, সাজি-কাচি থাকি ভালপায় ৰেখাই।আজিও অনুৰাগীসকল তেওঁৰ আকৰ্ষণীয় কণ্ঠস্বৰ আৰু অপৰূপ সৌন্দৰ্যৰ প্ৰতি আগ্ৰহী৷ ৰেখাই কটায় বিলাসী জীৱন। ৰেখাই চিনেমা নকৰা বহু বছৰেই হ'ল। তেওঁ কোনো বিজ্ঞাপনতো ভাগ নলয় তাৰপাছতো তেওঁ কেনেকৈ ইমান বিলাসী জীৱন কটাব পাৰে সেই প্ৰশ্ন বহুতৰে মনত উদয় হয়। ৰেখাই ১৪ বছৰ বয়সৰ পৰাই চলচ্চিত্ৰ জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। অভিনেত্ৰী ৰেখাই বলীউডৰ লগতে আৰু দক্ষিণৰ ছবিতো অভিনয় কৰিছে৷ তেওঁ এনে সুন্দৰ অভিনয় কৰিছিল যাৰবাবে এতিয়াও তেওঁ দৰ্শকৰ হৃদয় আৰু মনত আধিপত্য বিস্তাৰ কৰি আছে।চিনেমা জগতৰ পৰা তেওঁ সম্পূৰ্ণৰূপে আঁতৰি থকা বহু বছৰেই হ'ল। অনুৰাগীসকলৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে যে ৰেখাৰ ঘৰ কেনেকৈ চলে? ৰেখাৰ উপাৰ্জনৰ উৎস কি? ৰেখা ৰাজ্যসভাৰ সাংসদ। ৰাজ্যসভাৰ সাংসদ হোৱাৰ বাবে তেওঁ যথেষ্ট সুবিধা লাভ কৰে৷ আৰু সেয়াই তেওঁৰ উপাৰ্জনৰ মুখ্য উৎস৷ ইয়াৰ উপৰিও ৰেখাৰ দক্ষিণ ভাৰত আৰু মুম্বাইত বহুতো ভাড়াঘৰ আছে। এই ঘৰভাড়াৰ পৰাও সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে ৰেখা। ৰেখা এটা মধ্যবিত্ত পৰিয়ালৰ সন্তান আছিল৷ ৰেখাই সাধাৰণ জীৱন যাপন কৰিবলৈ ভাল পায়৷ তেওঁ বেছি পাৰ্টি কৰিবলৈ আগ্ৰহী নহয়। ৰেখাই ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাত বিশ্বাস কৰে। সেইকাৰণে তেওঁ প্ৰতিটো অনুষ্ঠানতে সম্পূৰ্ণ ভাৰতীয় পোছাকত আৰু ভাৰতীয় ৰূপসজ্জাৰে উপস্থিত হয়। আৰু পঢ়কঃ ছবৰীমালা মন্দিৰ দৰ্শনৰ বাবে অজয় দেৱগণৰ ৪১ দিনৰ কঠোৰ সাধনা! খালি ভৰিৰে মন্দিৰত উপস্থিত

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু