--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী ৰেখাৰ জনপ্ৰিয়তা এতিয়াও হ্ৰাস হোৱা নাই। নিজৰ ৰূপ সৌন্দৰ্যৰে এতিয়াও জনসাধাৰণক আকৰ্ষণ কৰে ৰেখাই। ৬৩ বছৰ বয়সতো তেওঁ নিজৰ সৌন্দৰ্যক ধৰি ৰাখিছে। ৰঙীন কাপোৰ পিন্ধি, সাজি-কাচি থাকি ভালপায় ৰেখাই।আজিও অনুৰাগীসকল তেওঁৰ আকৰ্ষণীয় কণ্ঠস্বৰ আৰু অপৰূপ সৌন্দৰ্যৰ প্ৰতি আগ্ৰহী৷ ৰেখাই কটায় বিলাসী জীৱন। ৰেখাই চিনেমা নকৰা বহু বছৰেই হ'ল। তেওঁ কোনো বিজ্ঞাপনতো ভাগ নলয় তাৰপাছতো তেওঁ কেনেকৈ ইমান বিলাসী জীৱন কটাব পাৰে সেই প্ৰশ্ন বহুতৰে মনত উদয় হয়। ৰেখাই ১৪ বছৰ বয়সৰ পৰাই চলচ্চিত্ৰ জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। অভিনেত্ৰী ৰেখাই বলীউডৰ লগতে আৰু দক্ষিণৰ ছবিতো অভিনয় কৰিছে৷ তেওঁ এনে সুন্দৰ অভিনয় কৰিছিল যাৰবাবে এতিয়াও তেওঁ দৰ্শকৰ হৃদয় আৰু মনত আধিপত্য বিস্তাৰ কৰি আছে।চিনেমা জগতৰ পৰা তেওঁ সম্পূৰ্ণৰূপে আঁতৰি থকা বহু বছৰেই হ'ল। অনুৰাগীসকলৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে যে ৰেখাৰ ঘৰ কেনেকৈ চলে? ৰেখাৰ উপাৰ্জনৰ উৎস কি? ৰেখা ৰাজ্যসভাৰ সাংসদ। ৰাজ্যসভাৰ সাংসদ হোৱাৰ বাবে তেওঁ যথেষ্ট সুবিধা লাভ কৰে৷ আৰু সেয়াই তেওঁৰ উপাৰ্জনৰ মুখ্য উৎস৷ ইয়াৰ উপৰিও ৰেখাৰ দক্ষিণ ভাৰত আৰু মুম্বাইত বহুতো ভাড়াঘৰ আছে। এই ঘৰভাড়াৰ পৰাও সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে ৰেখা। ৰেখা এটা মধ্যবিত্ত পৰিয়ালৰ সন্তান আছিল৷ ৰেখাই সাধাৰণ জীৱন যাপন কৰিবলৈ ভাল পায়৷ তেওঁ বেছি পাৰ্টি কৰিবলৈ আগ্ৰহী নহয়। ৰেখাই ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাত বিশ্বাস কৰে। সেইকাৰণে তেওঁ প্ৰতিটো অনুষ্ঠানতে সম্পূৰ্ণ ভাৰতীয় পোছাকত আৰু ভাৰতীয় ৰূপসজ্জাৰে উপস্থিত হয়। আৰু পঢ়কঃ ছবৰীমালা মন্দিৰ দৰ্শনৰ বাবে অজয় দেৱগণৰ ৪১ দিনৰ কঠোৰ সাধনা! খালি ভৰিৰে মন্দিৰত উপস্থিত

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ