--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কেটৰিনা কাঈফ আৰু অভিনেতা বিকি কৌশল বিবাহপাশত আৱদ্ধ হোৱাৰ পাছৰে পৰা সংবাদ শিৰোনাম দখল কৰি আছে। কেটৰিনা এইকেইদিন তেওঁৰ আহিবলগীয়া ছবি টাইগাৰ ৩ আৰু অন্যান্য প্ৰকল্পসমূহত যথেষ্ট ব্যস্ত হৈ আছে। আনহাতে বিকিক ব্যস্ত থকা দেখা গৈছে তেওঁৰ আহিবলগীয়া ছবি লুকা চুপি ২ ৰ শ্বুটিঙৰ কামত। বিয়াৰ পাছৰে পৰা কেট-বিকি বেছিদিন একেলগে থাকিবলৈকে নাপালে। শ্বুটিঙৰ বাবে বিকি ইন্দোৰ আহিবলগীয়া হ'ল। বিকিক এয়াৰপৰ্টত থ'বলৈ অহা কেটৰিনাৰ সেই ফটোও ভাইৰেল হৈ পৰিছিল। এতিয়া বিকিক এৰি থাকিব নোৱাৰা হৈছে ন বোৱাৰী কেটৰিনা। ''তোমাক নেদেখিলে খাবও নোৱাৰো..শুবও নোৱাৰো অৱস্থা হৈছে'' কেটৰিনাৰ। বিকিক লগ পাবলৈ ইন্দোৰলৈ ঢপলিয়াই গ'ল কেটৰিনা কাঈফ। কেটৰিনাক নিবলৈ ইন্দোৰ বিমানবন্দৰত উপস্থিত হৈছিল স্বামী বিকি কৌশল। ইয়াৰ পৰা দুয়ো বাইপাছ, লাভ গঙ্গাৰ ওচৰৰ এখন হোটেলত উপস্থিত হয়। কেটে স্বামী বিকিৰ সৈতে কিছু সময় কটাবলৈ ইন্দোৰলৈ আহিছে। ইন্দোৰত কেটৰিনাৰ আগমনৰ পাছত অনুৰাগীসকলে খবৰ কৰি গম পাইছে যে নৱ দম্পতীয়ে মনৰ আনন্দৰে একেলগে সময় অতিবাহিত কৰিছে। ইয়াৰ পূৰ্বে কেটৰিনা ২০১৬ চনত ইন্দোৰলৈ আহিছিল। ২০১৬ চনৰ পাছত বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে স্বামীক লগ কৰিবলৈ ২০২২ চনত ইন্দোৰত ভৰি থয় মোহময়ী অভিনেত্ৰী কেটৰিনা কাঈফ । বিকি কৌশল আৰু কেটৰিনা কাঈফে বৃহস্পতিবাৰে বিবাহৰ পাছত তেওঁলোকৰ প্ৰথম লহৰি উদযাপন কৰে ইন্দোৰত। কেটৰিনাই বিকিৰ সৈতে লহৰি উদযাপন কৰাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। [caption id="attachment_122841" align="aligncenter" width="300"] বিকিৰ সৈতে হাঁহি হাঁহি লহৰিৰ আনন্দ উপভোগ কেটৰিনাৰ[/caption] উল্লেখ্য যে শস্য চপোৱাৰ বতৰৰ সৈতে সংগতি ৰাখি ভাৰতৰ অন্যান্য প্ৰান্ততো মাঘ বিহুৰ দৰে উৎসৱ পালন কৰা হয়। তামিলনাডুত পুংগল, গুজৰাট, পশ্চিমবংগ আৰু কৰ্ণাটকত মকৰ সংক্ৰান্তি আৰু উত্তৰ ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশকে ধৰি ৰাজ্যসমূহত লহৰি হিচাপে এই উৎসৱ পালন কৰা হয়৷ আৰু পঢ়কঃ উৰুকাৰ নিশা দূৰ্ঘটনাশূন্য হৈ ৰ’ল মহানগৰী; সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজো ৪৮ টা গোচৰ  

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ