--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কেটৰিনা কাঈফ আৰু অভিনেতা বিকি কৌশল বিবাহপাশত আৱদ্ধ হোৱাৰ পাছৰে পৰা সংবাদ শিৰোনাম দখল কৰি আছে। কেটৰিনা এইকেইদিন তেওঁৰ আহিবলগীয়া ছবি টাইগাৰ ৩ আৰু অন্যান্য প্ৰকল্পসমূহত যথেষ্ট ব্যস্ত হৈ আছে। আনহাতে বিকিক ব্যস্ত থকা দেখা গৈছে তেওঁৰ আহিবলগীয়া ছবি লুকা চুপি ২ ৰ শ্বুটিঙৰ কামত। বিয়াৰ পাছৰে পৰা কেট-বিকি বেছিদিন একেলগে থাকিবলৈকে নাপালে। শ্বুটিঙৰ বাবে বিকি ইন্দোৰ আহিবলগীয়া হ'ল। বিকিক এয়াৰপৰ্টত থ'বলৈ অহা কেটৰিনাৰ সেই ফটোও ভাইৰেল হৈ পৰিছিল। এতিয়া বিকিক এৰি থাকিব নোৱাৰা হৈছে ন বোৱাৰী কেটৰিনা। ''তোমাক নেদেখিলে খাবও নোৱাৰো..শুবও নোৱাৰো অৱস্থা হৈছে'' কেটৰিনাৰ। বিকিক লগ পাবলৈ ইন্দোৰলৈ ঢপলিয়াই গ'ল কেটৰিনা কাঈফ। কেটৰিনাক নিবলৈ ইন্দোৰ বিমানবন্দৰত উপস্থিত হৈছিল স্বামী বিকি কৌশল। ইয়াৰ পৰা দুয়ো বাইপাছ, লাভ গঙ্গাৰ ওচৰৰ এখন হোটেলত উপস্থিত হয়। কেটে স্বামী বিকিৰ সৈতে কিছু সময় কটাবলৈ ইন্দোৰলৈ আহিছে। ইন্দোৰত কেটৰিনাৰ আগমনৰ পাছত অনুৰাগীসকলে খবৰ কৰি গম পাইছে যে নৱ দম্পতীয়ে মনৰ আনন্দৰে একেলগে সময় অতিবাহিত কৰিছে। ইয়াৰ পূৰ্বে কেটৰিনা ২০১৬ চনত ইন্দোৰলৈ আহিছিল। ২০১৬ চনৰ পাছত বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে স্বামীক লগ কৰিবলৈ ২০২২ চনত ইন্দোৰত ভৰি থয় মোহময়ী অভিনেত্ৰী কেটৰিনা কাঈফ । বিকি কৌশল আৰু কেটৰিনা কাঈফে বৃহস্পতিবাৰে বিবাহৰ পাছত তেওঁলোকৰ প্ৰথম লহৰি উদযাপন কৰে ইন্দোৰত। কেটৰিনাই বিকিৰ সৈতে লহৰি উদযাপন কৰাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। [caption id="attachment_122841" align="aligncenter" width="300"] বিকিৰ সৈতে হাঁহি হাঁহি লহৰিৰ আনন্দ উপভোগ কেটৰিনাৰ[/caption] উল্লেখ্য যে শস্য চপোৱাৰ বতৰৰ সৈতে সংগতি ৰাখি ভাৰতৰ অন্যান্য প্ৰান্ততো মাঘ বিহুৰ দৰে উৎসৱ পালন কৰা হয়। তামিলনাডুত পুংগল, গুজৰাট, পশ্চিমবংগ আৰু কৰ্ণাটকত মকৰ সংক্ৰান্তি আৰু উত্তৰ ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশকে ধৰি ৰাজ্যসমূহত লহৰি হিচাপে এই উৎসৱ পালন কৰা হয়৷ আৰু পঢ়কঃ উৰুকাৰ নিশা দূৰ্ঘটনাশূন্য হৈ ৰ’ল মহানগৰী; সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজো ৪৮ টা গোচৰ  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু