--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোগৰ লক্ষণ বিভিন্ন ধৰণে ফুটি উঠিব পাৰে। নখ বগা পৰাটো হ’ব পাৰে ৰক্তহীনতাৰ লক্ষণ।  স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে নখৰ আগটো বগা পৰা আইৰণৰ অভাৱৰ বাবেও হ'ব পাৰে। মাৰ দেহৰ বাবে আইৰণ এবিধ অত্যন্ত প্ৰয়োজনীয় উপাদান। শৰীৰত যদি আইৰণৰ অভাৱ ঘটে তেন্তে   বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিব পাৰে।

আমাৰ দেশত দেহত আইৰণৰ অভাৱত দেখা দিয়া সমস্যা এক গুৰুতৰ সমস্যা হিচাবে পৰিগণিত হৈছে।আইৰণৰ অভাৱতএ  এনিমিয়া অৰ্থাৎ ৰক্তহীনতাৰ দৰে সমস্যাই দেখা দিব পাৰে ।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে  ৰক্তহীনতা নিজে কোনো ৰোগ নহয় যদিও আন ৰোগৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতা এক গুৰুতৰ সমস্যা হিচাবে দেখা দিব পাৰে।সচৰাচৰ মহিলা আৰু শিশুসকলেই বেছিকৈ ৰক্তহীনতাত ভোগা বুলি বিভিন্ন সমীক্ষাত কোৱা হৈছে।

গ্ল’ৱেল নিউট্ৰিছনৰ প্ৰতিবেদন অনুসৰি ৰক্তহীনতাৰ দিশৰ পৰা বিশ্ব ১৪০ খন দেশৰ ভিতৰত ভাৰত বহু তলৰ পিনে থকা দেশ। অৰ্থাৎ ভাৰতত বহু লোক এতিয়াও ৰক্তহীনতাৰ চিকাৰ হৈছে।

ৰক্তহীনতাত ভোগাৰ প্ৰধান কেইটামান লক্ষণ হৈছে দুর্বল অনুভৱ কৰা,ছাল শোঁতৰা-শোঁতৰ পৰা,অলপ পৰিশ্ৰম কৰিলেই ভাগৰ লগা,বুকু ধৰফৰ কৰা, বাত বিষ অনুভৱ কৰা,হাত-ভৰি ঠাণ্ডা হৈ পৰা,নখ ফাটি যোৱা, অত্যধিক চুলি সৰা,জিভা শুকাই থকা, মুখৰভিতৰত ঘাঁ লগা আদি।একোগৰাকী সুস্থ লোকৰ বাবে প্ৰতিদিনে বিভিন্ন মাত্ৰাত আইৰণৰ প্ৰয়োজন হয়।

সেই অনুসৰি ৪ ৰ পৰা ৮ বছৰ বয়সৰ সকলোৰ বাবে নিতৌ ১০ মিলিগ্ৰাম,৯-১৩ বছৰৰ সকলৰ বাবে নিতৌ ৮ মিলিগ্ৰাম,১৯-৫০ বছৰৰ সকলোৰ বাবে নিতৌ ১৮ মিলিগ্ৰামৰ প্ৰয়োজন।আইৰণৰ অভাৱ দূৰ কৰাৰ বাবে বিন বা দাইল জাতীয় খাদ্য প্ৰচুৰ পৰিমাণে খোৱা উচিৎ বুলি চিকিৎসকসকলে কৈ আহিছে।বিনত ৭ ৰ পৰা ৯ মিলিগ্ৰাম পৰ্যন্ত আইৰণ থাকে।

বাদাম , পুৰাকল,কাজু , কল,কিছমিছ, বিভিন্ন ধৰণৰ শাক আদিত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। সকলো ধৰণৰ কচুতো আইৰণ থাকে। সেয়ে প্ৰাকৃতিক ভাবে লাভ কৰা আইৰণ আমি যিমান পাৰি সিমান গ্ৰহণ কৰিব লাগে।থ নিতৌ কমেও এটাকৈ ডালিম খালেও প্ৰায় ২৫-৩০ দিনতে তেজত আইৰণৰ পৰিমাণ ভালে খিনি বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ