ডিজিটেল ডেস্ক: এবাৰ, দুবাৰ নহয় ডেৰ মাহত আঠ বাৰকৈ সৰ্প দংশনৰ বলি হৈছে এগৰাকী কিশোৰী। উত্তৰ প্ৰদেশৰ হাথৰসত সংঘটিত হৈছে এই আচৰিত ঘটনা। বাৰম্বাৰ ঘটি থকা এনে ঘটনাত পৰিয়ালটোৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে।
কোমল গৌতম নামৰ এগৰাকী ব্যক্তিৰ ১৭ বছৰীয়া কন্যা অনিতা সৰস্বতীৰ জীৱনত সংঘটিত হৈছে এই ঘটনা। ডিগ্ৰী কলেজৰ বিএছচি প্ৰথম বৰ্ষৰ ছাত্ৰী অনিতা সৰস্বতী। পৰিয়ালৰ বক্তব্য যে বাৰে বাৰে ঘটি থকা এই ঘটনাসমূহৰ বাবে ঘৰখনত ভীতিগ্ৰস্ত পৰিৱেশৰ সৃষ্টি হৈছে। সাপটোক ধৰিবলৈ ইয়াৰ পূৰ্বে সাপ উদ্ধাৰকাৰীকো মাতি পঠিওৱা হৈছিল, কিন্তু তেওঁলোকে কোনো সফলতা লাভ কৰিব নোৱাৰিলে। ইফালে, কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে বন বিভাগক সাপটোক ধৰিবলৈ কাতৰ অনুৰোধ জনাইছে।
সাপে দংশন কৰাৰ পাছত অনীতাক জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়খনৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰাই চিকিৎসকে প্ৰয়োজনীয় প্ৰতিষেধক বেজী প্ৰদান কৰে। বৰ্তমান ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ কিছু উন্নতি ঘটিছে যদিও পুনৰ সাপৰ আক্ৰমণৰ আশংকাত পৰিয়ালটো সম্পূৰ্ণৰূপে আতংকিত হৈ আছে।
চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, কিশোৰীগৰাকীক বিগত সময়ছোৱাত বহুবাৰ সৰ্পদংশনৰ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ অনা হৈছিল আৰু এবাৰ অৱস্থা অধিক অৱনতি ঘটাত আলিগড়লৈকো প্ৰেৰণ কৰিবলগীয়া হৈছিল। বৰ্তমান ছাত্ৰীগৰাকী বিপদমুক্ত বুলি চিকিৎসকে জনাইছে।
কিশোৰীগৰাকীক সাপে বাৰে বাৰে দংশন কৰা কথাটোক লৈ গাঁৱত বিভিন্ন ধৰণৰ চৰ্চা চলিছে। কিশোৰীগৰাকীৰ ঘৰত জৰা-ফুকাও কৰোৱা হৈছে কিন্তু কোনো সুফল পৰিয়ালটোৱে লাভ কৰা নাই।