--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে চলিত মাহত ইতিমধ্যে তিনিটা পৰ্যায়ত ৰাজ্য চৰকাৰখনে মুঠ ২৩০০ কোটি টকাৰ ঋণ লৈছে।

ডিজিটেল ডেস্ক: পুনৰ ঋণ ল'ব অসম চৰকাৰে। বিত্তীয় জোৰা মাৰিবৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে আকৌ ৮০০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। অহা ২৯ ছেপ্টেম্বৰত এই ঋণ গ্ৰহণৰ বাবে ৰাজ্যৰ বিত্ত বিভাগে ইতিমধ্যে ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। 


উল্লেখযোগ্য যে চলিত মাহত ইতিমধ্যে তিনিটা পৰ্যায়ত ৰাজ্য চৰকাৰখনে মুঠ ২৩০০ কোটি টকাৰ ঋণ লৈছে। এক ছেপ্টেম্বৰত ১০০০ কোটি টকাৰ ঋণ লোৱাৰ পাছত চৰকাৰখনে পোন্ধৰ ছেপ্টেম্বৰত দুটা পৰ্যায়ত মুঠ ১৩০০ কোটি টকাৰ ঋণ লৈছিল। কিন্তু এই বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ পাছতো পুনৰ অহা ২৯ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰখনে ৮০০ কোটি টকাৰ ঋণ ল'বলৈ ওলোৱা কাৰ্য লক্ষণীয় হৈ পৰিছে। মন কৰিব লগীয়া কথা যে ৰাজ্য চৰকাৰখনে প্রতি মাহে কোটি কোটি টকাৰ ঋণ লোৱা কাৰ্যক ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে সচেতন লোকসকলে সমালোচনা কৰি আহিছে। কিন্তু ইয়াৰ পাছতো ঋণ লোৱাৰ ক্ষেত্ৰত অলপো থমকি ৰোৱা নাই ৰাজ্য চৰকাৰখন। যাৰ ফলত ঋণৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পাই এতিয়া দুই লাখ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। ৰাজ্য চৰকাৰে বৃহৎ আন্তঃগাঁথনি উন্নয়ন, কল্যাণমূলক আঁচনি আৰু বিনিয়োগ বৃদ্ধিৰ বাবে ঋণ লোৱাটো প্রয়োজনীয় বুলি দাবী কৰি আহিছে। 


ঋণৰ বোজা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত বৰ্তমান সময়ত জনমূৰি ঋণ প্রায় ৪২,৫০০ টকালৈ বৃদ্ধি পাইছে। প্রণিধানযোগ্য যে স্বাধীনতাৰ পৰা ২০১৬ চনৰ মাৰ্চলৈ অসমৰ সমুদায় ঋণৰ পৰিমাণ আছিল প্রায় ৪১,৯৬৪ কোটি টকা। ইয়াৰ পাছত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ঋণৰ বোজা বৃদ্ধি হৈ ২০২১ চনত ৮৯,৭০৯ কোটি টকা হৈছিল। কিন্তু ২০২১ চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰি ড° হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ ক্ষেত্ৰত ইমানেই গুৰুত্ব দিলে যে ২০২১ চনৰ পৰা ২০২৫ চনৰ মাৰ্চলৈকে অসম চৰকাৰৰ ঋণৰ বোজা ১,৭৭,৯৮৩ কোটি টকা হৈছেগৈ। ইফালে, ঋণৰ পৰিমাণ বৃদ্ধিৰ লগে লগে সুদৰ পৰিমাণো প্ৰতি বছৰে দ্রুত গতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ঋণ আৰু সুদক লৈ সচেতন লোকসকল ৰাজ্যৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ