--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • স্থানীয় লোকে হাতীৰ উপদ্ৰৱ প্ৰত্যক্ষ কৰি দুশ মিটাৰ আঁতৰত থকা বন কেম্পত যোগাযোগ কৰে যদিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

ডিজিটেল ডেস্ক: জয়পুৰৰ নামচাং চাহ বাগিছাৰ পূবেৰুণবস্তিত বন্যহস্তীৰ আক্ৰমণত একেটা পৰিয়ালৰ দুজনৰ মৃত্যু৷ প্ৰাপ্ত খবৰ অনুসৰি মাজনিশা ১২ বজাত ৰমেন তাঁতীৰ বাসগৃহটো বন্যহস্তীয়ে ভাঙি দিয়ে আৰু প্ৰাণৰ মমতা লৈ ৰমেন তাঁতী পলাব লওঁতেই হাতীৰ আক্ৰমণত তেওঁৰ লগত সাতবছৰীয়া কন্যা ৰশ্মি তাঁতী মৃত্যু হয়। সৌভাগ্যক্ৰমে তেওঁৰ পত্নী আৰু অন্য এগৰাকী কন্যাৰ প্ৰাণৰক্ষা পৰে। 


স্থানীয় লোকে হাতীৰ উপদ্ৰৱ প্ৰত্যক্ষ কৰি দুশ মিটাৰ আঁতৰত থকা বন কেম্পত যোগাযোগ কৰে যদিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে। ইফালে ৰাইজে অভিযোগ উত্থাপন কৰে যে বন্যহস্তীৰ পৰা ৰক্ষা পাবলৈ ইলেক্ট্ৰনিক বেৰা ব্যৱস্থা কৰা হৈছিল যদিও বন বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবে সেই বেৰা ফুটুকাৰ ফেনলৈ পৰিৱৰ্তিত হৈছে। 


ৰাতি ১২ বজাৰ পৰা বন বিভাগক খবৰ দি আহিছিল যদিও পুৱা ৭ বজাত ঘটনাস্থলীত বন বিভাগ উপস্থিত হোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ