--°C
Loading...
Listen to Article
2 min read
80%

কলকতা : ভৱানীপুৰ বিধানসভা সমষ্টিৰ সমাগত উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে নন্দিগ্ৰাম সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই নিৰ্বাচনত বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ হাতত প্ৰায় দুহেজাৰ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল মমতা।

নিৰ্বাচনত মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেওঁ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰীগৰাকী বিধানসভাৰ সদস্য হোৱাটো সাংবিধানিক নিয়ম । অৱশ্যে ৬ মাহলৈ বিধানসভাৰ সদস্য নহ’লেও মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকিব পাৰে এগৰাকী ব্যক্তি। গতিকে মমতা বেনাৰ্জীয়ে ৬ মাহৰ পূৰ্বে বিধানসভালৈ নিৰ্বাচিত হোৱাটো জৰুৰী। এনে পটভূমিতে মুখ্যমন্ত্ৰীত্বৰ আসন অক্ষুণ্ণ ৰাখিবলৈ ভৱানীপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াইছে মমতাই।

মমতাৰ বাবে এই উপ-নিৰ্বাচন অকল সন্মান ৰক্ষাৰ যুঁজেই নহয়, এই যুঁজ তেওঁৰ বাবে জীৱন-মৰণৰ যুঁজো। ইপিনে মমতাক ৰুধিবলৈ বিশেষ ৰণকৌশল তৈয়াৰ কৰিছে বিৰোধী বিজেপিয়ে। মমতাৰ বিৰুদ্ধে প্ৰক্ষেপ কৰিছে অধিবক্তা প্ৰিয়ংকা তিব্ৰেৱালক। বিজেপিৰ মতে মমতা হৈছে সন্ত্ৰাসৰ মুখ আৰু প্ৰিয়ংকা হৈছে প্ৰতিবাদৰ মুখ।যি নহওঁ‌ক বংগ কন্যা মমতাক ৰুধিবলৈ গেৰুৱা বাহিনীয়ে হাতত লোৱা এই সমূহ পন্থা কাৰ্যকৰী প্ৰমাণিত হয় নে নাই সেয়া সময়েহে ক'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু