--°C
Loading...
Listen to Article
2 min read
80%

কলকতা : ভৱানীপুৰ বিধানসভা সমষ্টিৰ সমাগত উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে নন্দিগ্ৰাম সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই নিৰ্বাচনত বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ হাতত প্ৰায় দুহেজাৰ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল মমতা।

নিৰ্বাচনত মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেওঁ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰীগৰাকী বিধানসভাৰ সদস্য হোৱাটো সাংবিধানিক নিয়ম । অৱশ্যে ৬ মাহলৈ বিধানসভাৰ সদস্য নহ’লেও মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকিব পাৰে এগৰাকী ব্যক্তি। গতিকে মমতা বেনাৰ্জীয়ে ৬ মাহৰ পূৰ্বে বিধানসভালৈ নিৰ্বাচিত হোৱাটো জৰুৰী। এনে পটভূমিতে মুখ্যমন্ত্ৰীত্বৰ আসন অক্ষুণ্ণ ৰাখিবলৈ ভৱানীপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াইছে মমতাই।

মমতাৰ বাবে এই উপ-নিৰ্বাচন অকল সন্মান ৰক্ষাৰ যুঁজেই নহয়, এই যুঁজ তেওঁৰ বাবে জীৱন-মৰণৰ যুঁজো। ইপিনে মমতাক ৰুধিবলৈ বিশেষ ৰণকৌশল তৈয়াৰ কৰিছে বিৰোধী বিজেপিয়ে। মমতাৰ বিৰুদ্ধে প্ৰক্ষেপ কৰিছে অধিবক্তা প্ৰিয়ংকা তিব্ৰেৱালক। বিজেপিৰ মতে মমতা হৈছে সন্ত্ৰাসৰ মুখ আৰু প্ৰিয়ংকা হৈছে প্ৰতিবাদৰ মুখ।যি নহওঁ‌ক বংগ কন্যা মমতাক ৰুধিবলৈ গেৰুৱা বাহিনীয়ে হাতত লোৱা এই সমূহ পন্থা কাৰ্যকৰী প্ৰমাণিত হয় নে নাই সেয়া সময়েহে ক'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ