--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নাও দুৰ্ঘটনাই সলনি কৰিবলৈ ওলাইছে এক ৰাজনৈতিক সমীকৰণো। সমাগত মাজুলী বিধানসভা সমষ্টিৰ নিৰ্বাচনকেন্দ্ৰিক এই সমীকৰণত সাঙোৰ খাই পৰিছে ৰাজীৱ লোচন পেগুৰ নাম। পূৰ্বে প্ৰকাশিত খবৰ অনুসৰি এইগৰাকী প্ৰাক্তন কংগ্ৰেছ বিধায়কে এইবাৰ দলত্যাগ কৰি বিজেপি দলত যোগ দি মাজুলী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত নমাৰ কথা আছিল।কিন্তু খবৰ অনুসৰি, ৮ ছেপ্টেম্বৰৰ নাও দুৰ্ঘটনাই তেওঁৰ অংকতো লগাইছে কেণা।কিন্তু কিদৰে?


মাজুলীৰ নাও দুৰ্ঘটনাই কিভাৱে মাজুলীৰ মানুহৰ মাজত চৰকাৰ বিৰোধী জনমত গঠন কৰিছে সেয়া নক’লেও চলে।মানুহে যেন বুজি উঠিছে- - - দলং সম্পৰ্কে তেওঁলোকে গ্ৰহণ কৰি অহা এৰা ধৰা স্থিতিয়েই কাঢ়ি লৈ গ’ল তেওঁলোকৰেই আপোন বহু মানুহ। সেইবাবেই মানুহে এতিয়া ধিক্কাৰ দিছে সেইসকল নেতাক যিসকলে ইমান দিনে দলঙৰ প্ৰতিশ্ৰুতিৰে আভুঁৱা ভাৰি গ’ল তেওঁলোকক।স্বাভাৱিকতেই মানুহৰ ক্ষোভ শাসকীয় বিজেপিৰ প্ৰতিয়েই অধিক। নক’লেওঁ চলে, দলঙক লৈ ৰাজনীতি মাজুলীবাসীৰ সৈতে কংগ্ৰেছেও কৰিছিল।কিন্তু মানুহৰ সৰ্বাধিক আশা আছিল সৰ্বানন্দ সোণোৱালৰ পৰা। মাজুলীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী হৈছিলগৈ তেওঁ। এতিয়া দলঙ নোপোৱাৰ বাবে ক্ষোভিত মানুহৰ খং-ৰাগ সেইবাবেই সোণোৱাল আৰু বিজেপি চৰকাৰৰ প্ৰতিয়েই অধিক।

এনে সময়তে মাজুলীৰ পৰা বিজেপিৰ বোকোচাত উঠি বিধায়ক হৈ আহিব বিচৰা ৰাজীৱলোচন পেগুৰ ৰাজনৈতিক স্থিতি কি হয় তাৰ প্ৰতি সকলোৰে নজৰ গৈছে।প্ৰশ্ন উঠিছে, সমাগত মাজুলী বিধানসভা সমষ্টিৰ নিৰ্বাচনত নাও দুৰ্ঘটনাটোৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব নেকি? মানুহে শীঘ্ৰেই দলঙ নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিত আস্থা স্থাপন কৰিবনে? যদি আস্থা স্থাপন নকৰি উপনিৰ্বাচনলৈ ক্ষোভিত হৈয়েই ৰয় মানুহ তেন্তে কি হ’ব সেই সমষ্টিৰ পৰা বিজেপিৰ টিকটত নিৰ্বাচন খেলিবলৈ ওলোৱা প্ৰাৰ্থীগৰাকীৰ? আৰু প্ৰকাশিত খবৰ অনুসৰি সেইগৰাকী ব্যক্তি যদিহে সঁচাকৈয়ে ৰাজীৱ লোচন পেগুৱেই হয় তেন্তে তেওঁ কিভাৱে এই ক্ষোভ প্ৰশমিত কৰি নিজকে জয়ী কৰি অনাৰ পৰিকল্পনা ৰচিব? পেগুৰ বিজেপি গমনৰ সময় সঠিক নাছিল নেকি? প্ৰশ্ন অনেক, উত্তৰ দিব পাৰিব মাথো সময়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু