--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নাও দুৰ্ঘটনাই সলনি কৰিবলৈ ওলাইছে এক ৰাজনৈতিক সমীকৰণো। সমাগত মাজুলী বিধানসভা সমষ্টিৰ নিৰ্বাচনকেন্দ্ৰিক এই সমীকৰণত সাঙোৰ খাই পৰিছে ৰাজীৱ লোচন পেগুৰ নাম। পূৰ্বে প্ৰকাশিত খবৰ অনুসৰি এইগৰাকী প্ৰাক্তন কংগ্ৰেছ বিধায়কে এইবাৰ দলত্যাগ কৰি বিজেপি দলত যোগ দি মাজুলী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত নমাৰ কথা আছিল।কিন্তু খবৰ অনুসৰি, ৮ ছেপ্টেম্বৰৰ নাও দুৰ্ঘটনাই তেওঁৰ অংকতো লগাইছে কেণা।কিন্তু কিদৰে?


মাজুলীৰ নাও দুৰ্ঘটনাই কিভাৱে মাজুলীৰ মানুহৰ মাজত চৰকাৰ বিৰোধী জনমত গঠন কৰিছে সেয়া নক’লেও চলে।মানুহে যেন বুজি উঠিছে- - - দলং সম্পৰ্কে তেওঁলোকে গ্ৰহণ কৰি অহা এৰা ধৰা স্থিতিয়েই কাঢ়ি লৈ গ’ল তেওঁলোকৰেই আপোন বহু মানুহ। সেইবাবেই মানুহে এতিয়া ধিক্কাৰ দিছে সেইসকল নেতাক যিসকলে ইমান দিনে দলঙৰ প্ৰতিশ্ৰুতিৰে আভুঁৱা ভাৰি গ’ল তেওঁলোকক।স্বাভাৱিকতেই মানুহৰ ক্ষোভ শাসকীয় বিজেপিৰ প্ৰতিয়েই অধিক। নক’লেওঁ চলে, দলঙক লৈ ৰাজনীতি মাজুলীবাসীৰ সৈতে কংগ্ৰেছেও কৰিছিল।কিন্তু মানুহৰ সৰ্বাধিক আশা আছিল সৰ্বানন্দ সোণোৱালৰ পৰা। মাজুলীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী হৈছিলগৈ তেওঁ। এতিয়া দলঙ নোপোৱাৰ বাবে ক্ষোভিত মানুহৰ খং-ৰাগ সেইবাবেই সোণোৱাল আৰু বিজেপি চৰকাৰৰ প্ৰতিয়েই অধিক।

এনে সময়তে মাজুলীৰ পৰা বিজেপিৰ বোকোচাত উঠি বিধায়ক হৈ আহিব বিচৰা ৰাজীৱলোচন পেগুৰ ৰাজনৈতিক স্থিতি কি হয় তাৰ প্ৰতি সকলোৰে নজৰ গৈছে।প্ৰশ্ন উঠিছে, সমাগত মাজুলী বিধানসভা সমষ্টিৰ নিৰ্বাচনত নাও দুৰ্ঘটনাটোৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব নেকি? মানুহে শীঘ্ৰেই দলঙ নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিত আস্থা স্থাপন কৰিবনে? যদি আস্থা স্থাপন নকৰি উপনিৰ্বাচনলৈ ক্ষোভিত হৈয়েই ৰয় মানুহ তেন্তে কি হ’ব সেই সমষ্টিৰ পৰা বিজেপিৰ টিকটত নিৰ্বাচন খেলিবলৈ ওলোৱা প্ৰাৰ্থীগৰাকীৰ? আৰু প্ৰকাশিত খবৰ অনুসৰি সেইগৰাকী ব্যক্তি যদিহে সঁচাকৈয়ে ৰাজীৱ লোচন পেগুৱেই হয় তেন্তে তেওঁ কিভাৱে এই ক্ষোভ প্ৰশমিত কৰি নিজকে জয়ী কৰি অনাৰ পৰিকল্পনা ৰচিব? পেগুৰ বিজেপি গমনৰ সময় সঠিক নাছিল নেকি? প্ৰশ্ন অনেক, উত্তৰ দিব পাৰিব মাথো সময়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ