--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: “উত্তৰ প্ৰদেশৰ সমাগত বিধানসভা নিৰ্বাচনত লাভ আদায় কৰিব পৰাকৈ বিজেপি দলে আফগানিস্তানত তালিবানৰ অভ্যুত্থানৰ প্ৰসংগটোক ব্যৱহাৰ কৰিব”।
এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল চিবালৰ।তেওঁ লগতে কয় যে, “আফগানিস্তানৰ আভ্যন্তৰীন এটি বিষয়ত আমাৰ কোনো ভূমিকা নাই। তৎসত্বেও কিন্তু আফগানিস্তানৰ পৰিস্থিতিক ব্যৱহাৰ কৰিবলৈ বিচৰা হৈছে একমাত্ৰ সমাগত উত্তৰ প্ৰদেশ নিৰ্বাচনত শাসকীয় দলক লাভ আদায় কৰি দিয়াৰ স্বাৰ্থত”।


তেওঁ এইক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকাৰ প্ৰতিও আঙুলি টোৱাই কয় যে সংবাদ মাধ্যমেও এই ক্ষেত্ৰত শাসকীয় পক্ষক সহযোগ কৰাৰ কাম আৰম্ভ কৰিছে।
অৱশ্যেই তালিবানৰ অভ্যুত্থানৰ বিষয়টো কপিল চিবালে ক’বৰ লেখিয়াকৈ ভাৰতৰ দৃষ্টিকোণৰ পৰা একেবাৰেই অপ্ৰাসংগিক বিষয় নহয় বুলি বহুজনে মন্তব্য প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ দ্বাৰা সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত এজন ব্যক্তি আজিৰ তালিবানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী। আনহাতে এই চৰকাৰ গঠনত পাকিস্তানে প্ৰত্যক্ষভাৱে আগবঢ়াইছে সহায়ৰ হাত। চীনে জনাইছে তালিবানী চৰকাৰক অভিনন্দন। এনেক্ষেত্ৰত সঁচাকৈয়ে তালিবানৰ অভ্যুত্থান ভাৰতৰ বাবে অপ্ৰাসংগিক বিষয় নে সংশয়ৰ বিষয় সেই লৈ বিভিন্ন মহলত চৰ্চা চলিছে।কাজেই কপিল চিবালৰ মন্তব্যইও খলকনি তুলিছে ৰাজনীতিৰ ভূ ৰখা মহলত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ