--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয় নোটত আমি তাহানিৰে পৰাই দেখি অহা এখন বিশেষ ছবি হৈছে  জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি। কিন্তু নোটত  জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবিৰ উপৰি আন ছবিও থাকে। নোট ভেদে তেনে ছবিও বেলেগ বেলেগ হয়। আমি কেতিয়া নোটত আন ছবি থকাৰ কথাটোলৈ মন কৰিছোনে বাৰু? সঁচাকৈয়ে ভাৰতীয় মুদ্ৰা নোটত মহাত্মা গান্ধীৰ উপৰিও আন কিছুমান বিশেষ ছবি ছপা কৰা থাকে ।

আপুনি কেতিয়াবা সেইবোৰ লক্ষ্য কৰিছে নে? প্ৰতি খন নোটৰ থাকে বিশেষ বৈশিষ্ট্য।   এক কথাত ক'বলৈ গ'লে আপুনি ১০ টকাৰ পৰা ৫০০ টকালৈকে নোটত ভাৰতীয় ঐতিহ্যৰ এক আভাস পাব। এই ছবিবোৰে নোটক  এক বেলেগ পৰিচয় প্ৰদান কৰে।

যদি আপুনি ২০০০ টকাৰ নোট খন ভালদৰে লক্ষ্য কৰে   তেন্তে তাত  মংগলযানৰ ছবিখন পিছফালে ছপা কৰা দেখা পাব। মংগলযান ভাৰতীয় মহাকাশ সংস্থা ইছৰোৰ এক বৃহৎ প্ৰকল্প। অৱশ্যে শেহতীয়াকৈ দুই হাজাৰ টকাৰ নোট ছপা কৰা বন্ধ হৈছে। পুৰণি নোটবোৰ অৱশ্যে এতিয়াও বজাৰত চলি আছে।  ২০১৪ চনৰ ২৪ ছেপ্টেম্বৰ, বুধবাৰে ইয়াক ভাৰতৰ ইতিহাসতে নহয়, বিশ্বৰ ইতিহাসতো ৬৭  নিযুত কিলোমিটাৰ ভ্ৰমণ কৰা ভাৰতীয় মংগলযানে পোনপটীয়াকৈ মঙলগ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰিছিল। ইয়াৰ নাম আছিল মাৰ্চ অৰ্বিটাৰ মিছন অৰ্থাৎ এম.ও.এম. ।

 ভাৰতে এই অভিযানত প্ৰায় ৪৫০ কোটি টকা খৰচ কৰিছিল।|
আপুনি ৫০০ টকাৰ নোটখনলৈ  লক্ষ্য কৰিছে নেকি? বিমুদ্ৰাকৰণৰ পিছত জাৰি কৰা ৫০০ টকাৰ নতুন নোটত লালকিল্লাৰ ছবি মুদ্ৰণ কৰা হৈছে। ই দেশৰ ৰাজধানী দিল্লীত অৱস্থিত। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উপলক্ষে প্ৰতি বছৰে লালকিল্লাত পতাকা উত্তোলন কৰাৰ লগতে লালকিল্লাৰ  পৰা দেশৰ জনসাধাৰণক সম্বোধন কৰে।

সাঁচী স্তুপ
সাঁচী স্তুপৰ ছবি  ২০০ টকাৰ নোটত মুদ্ৰণ কৰা হৈছে। ই মধ্য প্ৰদেশৰ ৰাইচেন জিলাৰ সাঞ্চি চহৰত অৱস্থিত। এইটো ভাৰতৰ আটাইতকৈ পুৰণি শিলৰ গাঁথনিবোৰৰ ভিতৰৰে এটা। ইয়াৰ উচ্চতা ৫৪  ফুট। ইয়াক ইউনেস্কোৰ ঐতিহ্যৰ  তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। সম্ৰাট অশোকৰ কাৰ্যকালত সাঁচীৰ স্তূপ নিৰ্মাণ কৰা হৈছিল।

ৰাণীৰ  কি পাৱ
ৰাণী কি পাৱৰ ছবি ১০০ টকাৰ নোটত মুদ্ৰণ কৰা হৈছে। ৰাণী কা পাৱ গুজৰাটৰ পাটনত অৱস্থিত। সৰস্বতী নদীৰ পাৰত এই স্থাপত্য বিদ্যমান হৈ আছে।

হাম্পি মন্দিৰ
নতুন ৫০ টকাৰ নোটখনত পিছফালে হাম্পি মন্দিৰৰ এখন ছবি ছপা কৰা আছে। হাম্পি মন্দিৰ কৰ্ণাটকৰ তুঙ্গভদ্ৰা নদীৰ পাৰত অৱস্থিত। হাম্পি কৰ্ণাটকৰ এখন প্ৰাচীন গাওঁ। ইয়াত বিজয়নগৰ সাম্ৰাজ্যৰ কেইবাটাও ধ্বংসপ্ৰাপ্ত মন্দিৰৰ অৱশেষ   আছে। ই তুঙ্গভদ্ৰা নদীৰ দক্ষিণ পাৰত অৱস্থিত।

ইলোৰাৰ গুহাসমূহ
যেতিয়া আপুনি ২০  টকাৰ নতুন নোট খন  চাব, আপুনি ইয়াত মুদ্ৰিত ইলোৰাৰ গুহাবোৰৰ দেখিবলৈ পাব। মহাৰাষ্ট্ৰৰ সম্ভাজি নগৰ জিলাত অৱস্থিত এই গুহাবোৰ আছোএ। ইউনেস্কোৰ বিশ্ব ঐতিহ্যত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে। ইলোৰাৰ গুহাসমূহ মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ইলোৰা হৈছে ভাৰতীয় শিলশিল্প স্থাপত্যৰ অন্যতম নিদৰ্শন।  ইয়াত ৩৪ টা গুহা আছে।

সূৰ্য মন্দিৰ
কোণাৰ্কৰ সূৰ্য মন্দিৰৰ ছবিখন ১০ টকাৰ নোটত ছপা কৰা হৈছে। কোণাৰ্ক শব্দটো 'কোণ' আৰু 'নিষ্কাশন' শব্দৰ সংমিশ্ৰণেৰে গঠিত। আৰ্ক মানে সূৰ্য, আনহাতে কোণৰ অৰ্থ হৈছে কোণ । ই ওৰিশাৰ পুৰী জিলাত অৱস্থিত। ই পুৰী চহৰৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বত এই মন্দিৰ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ