--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰবিন্দ কেজৰিৱালৰ মুখতো শুনা গ’ল জয় শ্ৰীৰাম ধ্বনি। শনিবাৰে গুজৰাটৰ বদোদৰাত নিজৰ দল আম আদমী পাৰ্টিৰ ‘ত্ৰিৰংগা ৰেলী’ত অংশ লৈ দিল্লীৰ মুখ্যমন্ত্ৰীজনে ‘জয় শ্ৰীৰাম’ ধ্বনি দিয়ে।

কেৱল ধ্বনি দিয়াই নহয়, বিজেপিৰ বিৰুদ্ধেও সমালোচনাত মুখৰ হৈ পৰিল কেজৰিৱাল। কয় যে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে মিছা কথা কৈ আহিছে। কিন্তু এইবোৰলৈ তেওঁ ভ্ৰুক্ষেপ নকৰে।

বিজেপিয়ে দেশত ঘৃণাৰ প্ৰচাৰ কৰি অহা বুলি কৈ কেজৰিৱালে অভিযোগ কৰে যে দলটোৱে আনকি ভগৱানকো তুচ্ছ-তাচ্ছিল্য কৰিছে। আনহাতে, জয়শ্ৰীৰাম আৰু জয়শ্ৰীকৃষ্ণ ধ্বনি দি তেওঁ নিজকে ভগৱানৰ পৰম ভক্ত বুলিও অভিহিত কৰে। 

“মই এজন হনুমানভক্ত। আৰু বিজেপিৰ নেতাসকল কংসৰ সতি-সন্ততি। মই জন্মাষ্টমীত জন্মগ্ৰহণ কৰিছিলো। ভগৱানে মোক এক বিশেষ উদ্দেশ্যৰ বাবে পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। সেই উদ্দেশ্য যে কংসৰ এই সতি-সন্ততিসকলৰ বিনাশ আৰু দুৰ্নীতিকাৰীক নিৰ্মূল কৰা।”- কেজৰিৱালে কয়।

উল্লেখযোগ্য যে গুজৰাটৰ বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি সম্প্ৰতি আম আদমী পাৰ্টিয়ে তীব্ৰ প্ৰচাৰকাৰ্য অব্যাহত ৰাখিছে। সেই উদ্দেশ্যেৰে কেজৰিৱালে দুদিনৰ বাবে গুজৰাটত বাহৰ পাতি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু