--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰবিন্দ কেজৰিৱালৰ মুখতো শুনা গ’ল জয় শ্ৰীৰাম ধ্বনি। শনিবাৰে গুজৰাটৰ বদোদৰাত নিজৰ দল আম আদমী পাৰ্টিৰ ‘ত্ৰিৰংগা ৰেলী’ত অংশ লৈ দিল্লীৰ মুখ্যমন্ত্ৰীজনে ‘জয় শ্ৰীৰাম’ ধ্বনি দিয়ে।

কেৱল ধ্বনি দিয়াই নহয়, বিজেপিৰ বিৰুদ্ধেও সমালোচনাত মুখৰ হৈ পৰিল কেজৰিৱাল। কয় যে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে মিছা কথা কৈ আহিছে। কিন্তু এইবোৰলৈ তেওঁ ভ্ৰুক্ষেপ নকৰে।

বিজেপিয়ে দেশত ঘৃণাৰ প্ৰচাৰ কৰি অহা বুলি কৈ কেজৰিৱালে অভিযোগ কৰে যে দলটোৱে আনকি ভগৱানকো তুচ্ছ-তাচ্ছিল্য কৰিছে। আনহাতে, জয়শ্ৰীৰাম আৰু জয়শ্ৰীকৃষ্ণ ধ্বনি দি তেওঁ নিজকে ভগৱানৰ পৰম ভক্ত বুলিও অভিহিত কৰে। 

“মই এজন হনুমানভক্ত। আৰু বিজেপিৰ নেতাসকল কংসৰ সতি-সন্ততি। মই জন্মাষ্টমীত জন্মগ্ৰহণ কৰিছিলো। ভগৱানে মোক এক বিশেষ উদ্দেশ্যৰ বাবে পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। সেই উদ্দেশ্য যে কংসৰ এই সতি-সন্ততিসকলৰ বিনাশ আৰু দুৰ্নীতিকাৰীক নিৰ্মূল কৰা।”- কেজৰিৱালে কয়।

উল্লেখযোগ্য যে গুজৰাটৰ বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি সম্প্ৰতি আম আদমী পাৰ্টিয়ে তীব্ৰ প্ৰচাৰকাৰ্য অব্যাহত ৰাখিছে। সেই উদ্দেশ্যেৰে কেজৰিৱালে দুদিনৰ বাবে গুজৰাটত বাহৰ পাতি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক