--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীয়ে এতিয়া সামাজিক মাধ্যম ব্যৱহাৰ কৰি সন্ত্ৰাস বিয়পোৱাৰ চেষ্টা চলাই আছে। ৰাষ্ট্ৰসংঘত এই মন্তব্য কৰিলে ভাৰতৰ বৈদেশিক দপ্তৰৰ মন্ত্ৰী এছ জয় শংকৰে। জয়শংকৰে কয় যে সন্ত্ৰাসবাদ হৈছে সভ্যতাৰ আটাইতকৈ ডাঙৰ সংকট। 

 জয়শংকৰে শনিবাৰে নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত এইকথা কয়। একে সময়তে তেওঁ কয় সন্ত্ৰাসবাদী সংগঠনসমূহৰ 'টুলকিট'ত ছ'চিয়েল মিডিয়া এক গুৰুত্বপূৰ্ণ উপাদান হৈ পৰিছে। তেওঁ কয় "শেহতীয়া বছৰবোৰত, বিশেষকৈ উদাৰ আৰু মুক্ত মনৰ মানুহৰ মাজত সন্ত্ৰাসবাদীসকলে তেওঁলোকৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰি আহিছে। 

তেওঁলোকে স্বাধীনতা, সহিষ্ণুতা আৰু প্ৰগতিক আক্ৰমণ কৰিবলৈ প্ৰযুক্তি, ধন আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে মুক্ত মনৰ সমাজৰ নীতিব্যৱহাৰ কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়েও দাবী জনাইছিল যে হাতত বন্দুক থকা মাওবাদী আৰু হাতত কলম থকা বিপ্লৱী দুয়োকে পৰাজিত কৰিব লাগিব। তেওঁ কৈছিল যে  নগৰীয়া নক্সালসকলে যুৱ সম্প্ৰদায়ক কলম ধৰি সহায় কৰি ভুল পথেৰে লৈ যাবলৈ চেষ্টা কৰি আছে। ইয়াক বন্ধ কৰিব লাগিব। 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশেষজ্ঞসকলৰ সহায়ত এনে সন্ত্ৰাসবাদক বুদ্ধিমত্তাৰে দমন কৰিব লাগিব। শনিবাৰে জয়শংকৰেও মোদীৰ সুৰতে সুৰ মিলাই  সন্ত্ৰাসবাদ সন্দৰ্ভত কৰা মন্তব্যই স্পষ্ট কৰি দিছেযে কেন্দ্ৰই যিকোনো ধৰণৰ বিচ্ছিন্নতাবাদ আৰু সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিবলৈ "শূন্য সহনশীলতা" নীতি অনুসৰণ কৰি আছে। মোদী চৰকাৰে  কাশ্মীৰ উপত্যকাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ হোৱা উগ্ৰপন্থী কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি অধিক কঠোৰ হোৱাৰ পৰিকল্পনা কৰিছে। 

অৱশ্যে, বিৰোধীয়ে মোদীৰ 'মাওবাদী' মন্তব্যৰ বিৰোধিতা কৰা দেখা গৈছে। প্ৰধানমন্ত্ৰীয়ে নগৰীয়া  মাওবাদীক নিৰ্মূল কৰাৰ আহ্বানে ধুমুহাৰ সৃষ্টি কৰিছে। চিপিআই(এম)য়ে দাবী কৰিছিল যে এনে মন্তব্যত স্বৈৰাচাৰৰ প্ৰতিধ্বনি শুনা গৈছে। ইফালে, টিএমচিয়ে আশংকা কৰিছে যে যদি কোনোবাই কেন্দ্ৰৰ বিৰোধিতা কৰে তেন্তে তেওঁক 'মাওবাদী' বুলি লেবেল লগাই দিয়া হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু