--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীয়ে এতিয়া সামাজিক মাধ্যম ব্যৱহাৰ কৰি সন্ত্ৰাস বিয়পোৱাৰ চেষ্টা চলাই আছে। ৰাষ্ট্ৰসংঘত এই মন্তব্য কৰিলে ভাৰতৰ বৈদেশিক দপ্তৰৰ মন্ত্ৰী এছ জয় শংকৰে। জয়শংকৰে কয় যে সন্ত্ৰাসবাদ হৈছে সভ্যতাৰ আটাইতকৈ ডাঙৰ সংকট। 

 জয়শংকৰে শনিবাৰে নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত এইকথা কয়। একে সময়তে তেওঁ কয় সন্ত্ৰাসবাদী সংগঠনসমূহৰ 'টুলকিট'ত ছ'চিয়েল মিডিয়া এক গুৰুত্বপূৰ্ণ উপাদান হৈ পৰিছে। তেওঁ কয় "শেহতীয়া বছৰবোৰত, বিশেষকৈ উদাৰ আৰু মুক্ত মনৰ মানুহৰ মাজত সন্ত্ৰাসবাদীসকলে তেওঁলোকৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰি আহিছে। 

তেওঁলোকে স্বাধীনতা, সহিষ্ণুতা আৰু প্ৰগতিক আক্ৰমণ কৰিবলৈ প্ৰযুক্তি, ধন আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে মুক্ত মনৰ সমাজৰ নীতিব্যৱহাৰ কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়েও দাবী জনাইছিল যে হাতত বন্দুক থকা মাওবাদী আৰু হাতত কলম থকা বিপ্লৱী দুয়োকে পৰাজিত কৰিব লাগিব। তেওঁ কৈছিল যে  নগৰীয়া নক্সালসকলে যুৱ সম্প্ৰদায়ক কলম ধৰি সহায় কৰি ভুল পথেৰে লৈ যাবলৈ চেষ্টা কৰি আছে। ইয়াক বন্ধ কৰিব লাগিব। 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশেষজ্ঞসকলৰ সহায়ত এনে সন্ত্ৰাসবাদক বুদ্ধিমত্তাৰে দমন কৰিব লাগিব। শনিবাৰে জয়শংকৰেও মোদীৰ সুৰতে সুৰ মিলাই  সন্ত্ৰাসবাদ সন্দৰ্ভত কৰা মন্তব্যই স্পষ্ট কৰি দিছেযে কেন্দ্ৰই যিকোনো ধৰণৰ বিচ্ছিন্নতাবাদ আৰু সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিবলৈ "শূন্য সহনশীলতা" নীতি অনুসৰণ কৰি আছে। মোদী চৰকাৰে  কাশ্মীৰ উপত্যকাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ হোৱা উগ্ৰপন্থী কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি অধিক কঠোৰ হোৱাৰ পৰিকল্পনা কৰিছে। 

অৱশ্যে, বিৰোধীয়ে মোদীৰ 'মাওবাদী' মন্তব্যৰ বিৰোধিতা কৰা দেখা গৈছে। প্ৰধানমন্ত্ৰীয়ে নগৰীয়া  মাওবাদীক নিৰ্মূল কৰাৰ আহ্বানে ধুমুহাৰ সৃষ্টি কৰিছে। চিপিআই(এম)য়ে দাবী কৰিছিল যে এনে মন্তব্যত স্বৈৰাচাৰৰ প্ৰতিধ্বনি শুনা গৈছে। ইফালে, টিএমচিয়ে আশংকা কৰিছে যে যদি কোনোবাই কেন্দ্ৰৰ বিৰোধিতা কৰে তেন্তে তেওঁক 'মাওবাদী' বুলি লেবেল লগাই দিয়া হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক