--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০০১ৰ ১০ নৱেম্বৰত অসমৰ ক্ৰীড়াজগতৰ সকলোৰে বাবে পৰিচিত এটা ক্রীড়াপ্রেমী পৰিয়ালত জন্মগ্ৰহণ কৰে ৰিয়ান পৰাগে৷ দেউতাক অসমৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলুৱৈ তথা প্ৰাক্তন ৰঞ্জী ট্ৰফী খেলুৱৈ পৰাগ দাস৷ 

মাতৃ প্ৰখ্যাত সাঁতোৰবিদ তথা বিশিষ্ট এথলীট মিঠু বৰুৱা, যিয়ে ভাৰতবৰ্ষক এছিয়ান গেমছ আৰু চাফ গেমছত প্ৰতিনিধিত্ব কৰিছিল৷ তেনেকুৱা এটা পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰিয়ানক খেল-ধেমালিয়ে আকৰ্ষণ কৰা তেনেই স্বাভাৱিক৷ অৱশ্যে ৰিয়ানৰ ক্ৰীড়াপ্ৰেম আছিল একমাত্ৰ ক্ৰিকেটৰ প্ৰতিহে৷ আইনাৰ সন্মুখত দেউতাকৰ ক্ৰিকেট অনুশীলন প্রত্যক্ষ কৰি ১৬ মহীয়া ৰিয়ানেও প্ৰদৰ্শন কৰিবলৈ ল'লে আইনাৰ সন্মুখত ক্ৰিকেটৰ বিভিন্ন ভংগীমাৰ৷ সেয়াই আছিল আৰম্ভণি৷ দেউতাকৰ হাতত ধৰি শিশু ৰিয়ানে লাহে লাহে এখোজ দুখোজকৈ আগবাঢ়ি গৈছিল ক্ৰিকেটৰ পথাৰলৈ৷ 

ছয় বছৰ নৌহওঁতেই ভাৰতীয় ক্ৰিকেটৰ জনপ্ৰিয় তাৰকা মহেন্দ্ৰ সিং ধোনীৰ লগত ফটো উঠাৰ বিৰল সুযোগ লভিছিল শিশু ৰিয়ানে৷ সেই বিশেষ ফটোখন সামাজিক মাধ্যমত সিদিনা হঠাতে জনপ্ৰিয় হৈ পৰিল যিদিনা ৰিয়ান পৰাগে আই পি এলৰ অভিষেক খেলখনত মুখামুখি হ'ল মহেন্দ্ৰ সিং ধোনীৰ লগত, এজন প্ৰতিদ্বন্দ্বীৰ ৰূপত।

এয়াই ৰিয়ান পৰাগ৷ ৰাইটহেণ্ড বেটচমেন, লেগ ব্ৰেক বলিং কৰি ভাল পোৱা অসমৰ উঠি অহা প্ৰজন্মক প্ৰতিনিধিত্ব কৰা, এক প্ৰচুৰ সম্ভাৱনাপূর্ণ উদীয়মান ক্ৰিকেটাৰ৷ চলিত শৃংখলাৰ আই পি এলৰ জৰিয়তে জনপ্রিয়তা অর্জন কৰিলেও ৰিয়ানৰ পাৰ হৈ অহা দিনবোৰৰ ক্ৰিকেট পৰিসংখ্যাও যথেষ্ট আকর্ষণীয়। পৰিসংখ্যা অনুসৰি, ঊনৈশ অনূৰ্ধ্বৰ ক্ৰিকেটত বিৰাট কোহলিৰ পাছতেই ৰিয়ান হৈছে দ্বিতীয় বেগী অর্ধশতক অৰ্জন কৰোঁতা বেটছমেন৷




ভাৰতীয় যুৱ ক্ৰিকেটৰ দ্বিতীয় সৰ্বাধিক ৰাণ কৰোঁতাও হৈছে ৰিয়ান পৰাগ।

চলিত বৰ্ষৰ আই পি এল শৃংখলাত প্ৰৱেশ কৰিয়েই প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰা ৰিয়ান পৰাগেই হৈছে সৰ্বাধিক চৰ্চিত ক্ৰিকেট খেলুৱৈ৷ যদিও আই পি এলৰ এই শৃংখলাত ৰাজস্থান ৰয়েলচ্ দলে টুর্ণামেণ্টৰ শেষলৈ তিষ্ঠিব নোৱাৰিলে, ৰিয়ানৰ সফলতা কিন্তু যথেষ্ট আশাপ্রদ। আই পি এলত ভাৰতৰ কনিষ্ঠতম অর্ধশতক অর্জন কৰোঁতা হোৱাৰ উপৰিও ৰিয়ানে সাতখন খেলত অংশগ্ৰহণ কৰি ১৬০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ উপৰিও সকলোবোৰ সফলতাৰ মুহূৰ্তত আনন্দ প্ৰকাশ কৰাৰ বাবে এপাক নিজস্ব ষ্টাইলত বিহু নাচিবলৈ ৰিয়ান সদাপ্রস্তুত হৈ থাকিব।

ৰিয়ানৰ বৰ্তমানৰ লক্ষ্য ৰঞ্জী ট্ৰফী। ইয়াৰ লগতে ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলৰ নীলা ৰঙৰ জাৰ্ছীটো পিন্ধিবলৈ ৰিয়ানৰ চকুত এতিয়া অযুত সপোন৷ সুযোগ পালেই অসমীয়াগিৰি দেখুৱাবলৈও সদাপ্রস্তুত ৰিয়ান পৰাগ। ক্রিকেটপ্রেমী অসমীয়াৰ এই আশা ৰিয়ানে এদিন নিশ্চয় পূৰ্ণ কৰিবলৈ সক্ষম হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement