--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপত ইংলেণ্ড দলৰ প্ৰদৰ্শন অতি দুৰ্বল। এই বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে ইংলেণ্ডক বিশ্বকাপ জয়ৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছিল যদিও বিশ্বকাপ আৰম্ভ হোৱাৰ পাছত ইংলেণ্ডৰ দলটো বহু দিন ধৰি পইণ্ট তালিকাৰ একেবাৰে শেষৰ স্থানত থাকিল। ইংলেণ্ড দলটোৱে এতিয়ালৈকে মুঠ ৮খন মেচ খেলিছে, আৰু মাত্ৰ ২খন মেচত জয়লাভ কৰিছে। এতিয়া ইংলেণ্ডৰ অন্তিমখন মেচ পাকিস্তানৰ বিৰুদ্ধে৷

ইংলেণ্ডে নিজৰ শেষৰখন মেচত নেদাৰলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰি পুনৰ উভতি আহিছে, আৰু এতিয়া আশা কৰা হৈছে যে তেওঁলোকৰ দলটোৱে আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে যোগ্যতা অৰ্জন কৰিব৷ইংলেণ্ডৰ শেষৰখন মেচত ইংলেণ্ডৰ হৈ বিশ্বকাপ জয় কৰা প্ৰাক্তন অধিনায়ক ইয়ন মৰ্গান ৰবি শাস্ত্ৰীৰ সৈতে ইংৰাজী কমেণ্টৰী বক্সত উপস্থিত আছিল। তেনেতে মেচখনত থকা অনুৰাগী এজনৰ এখন পোষ্টাৰ দেখা পোৱা গ’ল৷য’ত লিখা আছিল ইংলেণ্ডক এজন ভাৰতীয় প্ৰশিক্ষকৰ প্ৰয়োজন৷ পোষ্টাৰখন দেখাৰ পাছত যেতিয়া ইয়ন মৰ্গানে ৰবি শাস্ত্ৰীক এই সন্দৰ্ভত মতামত বিচাৰিছিল, তেতিয়া ৰবি শাস্ত্ৰীয়ে হিন্দীত কৈছিল - "হয়, আমাক যোগাযোগ কৰক, আমি শিকাম, আমি হিন্দী শিকাম, আৰু আমি ক্ৰিকেটো শিকাম।" ৰবি শাস্ত্ৰীয়ে প্ৰথমে ইংৰাজী ধাৰাভাষ্যত হিন্দীত এই কথা কৈছিল আৰু তাৰ পাছত ইংৰাজীলৈ অনুবাদ কৰি তাত উপস্থিত ইয়ন মৰ্গানকে ধৰি দৰ্শকক বুজাই দিছিল।

আইচিচিয়ে ৰবি শাস্ত্ৰীৰ এই কথা-বতৰাৰ ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে, যিটো এতিয়া ভাইৰেল হৈ পৰিছে। এতিয়া চাব লাগিব এই বিশ্বকাপত লজ্জাজনক প্ৰদৰ্শনৰ সন্মুখীন হৈ ইংলেণ্ড দলে ভাৰতীয় প্ৰশিক্ষকৰ সহায় লোৱাটোৰ প্ৰয়োজনীয়তাবোধ কৰে নে নকৰে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক