--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপত ইংলেণ্ড দলৰ প্ৰদৰ্শন অতি দুৰ্বল। এই বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে ইংলেণ্ডক বিশ্বকাপ জয়ৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছিল যদিও বিশ্বকাপ আৰম্ভ হোৱাৰ পাছত ইংলেণ্ডৰ দলটো বহু দিন ধৰি পইণ্ট তালিকাৰ একেবাৰে শেষৰ স্থানত থাকিল। ইংলেণ্ড দলটোৱে এতিয়ালৈকে মুঠ ৮খন মেচ খেলিছে, আৰু মাত্ৰ ২খন মেচত জয়লাভ কৰিছে। এতিয়া ইংলেণ্ডৰ অন্তিমখন মেচ পাকিস্তানৰ বিৰুদ্ধে৷

ইংলেণ্ডে নিজৰ শেষৰখন মেচত নেদাৰলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰি পুনৰ উভতি আহিছে, আৰু এতিয়া আশা কৰা হৈছে যে তেওঁলোকৰ দলটোৱে আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে যোগ্যতা অৰ্জন কৰিব৷ইংলেণ্ডৰ শেষৰখন মেচত ইংলেণ্ডৰ হৈ বিশ্বকাপ জয় কৰা প্ৰাক্তন অধিনায়ক ইয়ন মৰ্গান ৰবি শাস্ত্ৰীৰ সৈতে ইংৰাজী কমেণ্টৰী বক্সত উপস্থিত আছিল। তেনেতে মেচখনত থকা অনুৰাগী এজনৰ এখন পোষ্টাৰ দেখা পোৱা গ’ল৷য’ত লিখা আছিল ইংলেণ্ডক এজন ভাৰতীয় প্ৰশিক্ষকৰ প্ৰয়োজন৷ পোষ্টাৰখন দেখাৰ পাছত যেতিয়া ইয়ন মৰ্গানে ৰবি শাস্ত্ৰীক এই সন্দৰ্ভত মতামত বিচাৰিছিল, তেতিয়া ৰবি শাস্ত্ৰীয়ে হিন্দীত কৈছিল - "হয়, আমাক যোগাযোগ কৰক, আমি শিকাম, আমি হিন্দী শিকাম, আৰু আমি ক্ৰিকেটো শিকাম।" ৰবি শাস্ত্ৰীয়ে প্ৰথমে ইংৰাজী ধাৰাভাষ্যত হিন্দীত এই কথা কৈছিল আৰু তাৰ পাছত ইংৰাজীলৈ অনুবাদ কৰি তাত উপস্থিত ইয়ন মৰ্গানকে ধৰি দৰ্শকক বুজাই দিছিল।

আইচিচিয়ে ৰবি শাস্ত্ৰীৰ এই কথা-বতৰাৰ ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে, যিটো এতিয়া ভাইৰেল হৈ পৰিছে। এতিয়া চাব লাগিব এই বিশ্বকাপত লজ্জাজনক প্ৰদৰ্শনৰ সন্মুখীন হৈ ইংলেণ্ড দলে ভাৰতীয় প্ৰশিক্ষকৰ সহায় লোৱাটোৰ প্ৰয়োজনীয়তাবোধ কৰে নে নকৰে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক