--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ মন্দিৰৰ সমীপত ৩০ বছৰীয়া প্ৰেমিকাক হত্যা কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে৷তেলেংগানাৰ সৰুনগৰৰ পঞ্জীয়ক কাৰ্যালয়ৰ পিছফালে থকা নলাত এগৰাকী মহিলাক হত্যা কৰি মৃতদেহ পেলাই দিয়াৰ অভিযোগত আয়াগৰী সাই কৃষ্ণ নামৰ এজন বিবাহিত পুৰোহিতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

এই ঘটনা পোহৰলৈ আহে তেতিয়া যেতিয়া সাই কৃষ্ণই নিজেই প্ৰেমিকা নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিবলৈ আৰক্ষীৰ কাষলৈ যায় আৰু আৰক্ষীৰ আগত  কুৰুগন্তী অপ্সৰা নামৰ মহিলাগৰাকীক ভদ্ৰাচলমলৈ যোৱাৰ বাবে শমশাবাদ বাছ ষ্টেণ্ডত নমাই দিয়ে। তেওঁ আৰু কয় যে তাৰ পিছৰ পৰা কোনো ধৰণৰ ফোনত সঁহাৰি পোৱা নাই আৰু ৩ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছে।

পৰৱৰ্তী সময়ত সোধা-পোছৰ সময়ত সাই কৃষ্ণই অপৰাধ স্বীকাৰ কৰি অপ্সৰাক হত্যা কৰা বুলি প্ৰকাশ কৰে।আৰক্ষীৰ মতে, ইতিমধ্যে সাই কৃষ্ণৰ বিবাহিত আছিল আৰু তেওঁৰ দুজন সন্তানো আছিল। অৱশ্যে অপ্সৰাৰ পূজাৰীজনৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছিল।

সাই কৃষ্ণৰ স্বীকাৰোক্তি অনুসৰি অপ্সৰাই তেওঁক বিয়া কৰাবলৈ হেঁচা দি আহিছিল।সেয়ে সাই কৃষ্ণই তেওঁক হত্যাৰ আশ্ৰয় লয়।আৰক্ষীৰ মতে, অভিযুক্তই শামছাবাদত অপছৰাক হত্যা কৰি তাৰ পিছত মৃতদেহটো প্লাষ্টিকৰ কভাৰত পেক কৰি সৰুনগৰলৈ লৈ যায়। তেওঁ মৃতদেহটো এম আৰ অ’ অফিচৰ পিছফালে থকা মেনহ’লত পেলাই দিলে, যিটো মন্দিৰৰ ওচৰতে তেওঁ পুৰোহিত হিচাপে কাম কৰিছিল।

বৰ্তমান আৰক্ষীয়ে সাই কৃষ্ণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গোচৰটোৰ অধিক তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস