--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ মন্দিৰৰ সমীপত ৩০ বছৰীয়া প্ৰেমিকাক হত্যা কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে৷তেলেংগানাৰ সৰুনগৰৰ পঞ্জীয়ক কাৰ্যালয়ৰ পিছফালে থকা নলাত এগৰাকী মহিলাক হত্যা কৰি মৃতদেহ পেলাই দিয়াৰ অভিযোগত আয়াগৰী সাই কৃষ্ণ নামৰ এজন বিবাহিত পুৰোহিতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

এই ঘটনা পোহৰলৈ আহে তেতিয়া যেতিয়া সাই কৃষ্ণই নিজেই প্ৰেমিকা নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিবলৈ আৰক্ষীৰ কাষলৈ যায় আৰু আৰক্ষীৰ আগত  কুৰুগন্তী অপ্সৰা নামৰ মহিলাগৰাকীক ভদ্ৰাচলমলৈ যোৱাৰ বাবে শমশাবাদ বাছ ষ্টেণ্ডত নমাই দিয়ে। তেওঁ আৰু কয় যে তাৰ পিছৰ পৰা কোনো ধৰণৰ ফোনত সঁহাৰি পোৱা নাই আৰু ৩ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছে।

পৰৱৰ্তী সময়ত সোধা-পোছৰ সময়ত সাই কৃষ্ণই অপৰাধ স্বীকাৰ কৰি অপ্সৰাক হত্যা কৰা বুলি প্ৰকাশ কৰে।আৰক্ষীৰ মতে, ইতিমধ্যে সাই কৃষ্ণৰ বিবাহিত আছিল আৰু তেওঁৰ দুজন সন্তানো আছিল। অৱশ্যে অপ্সৰাৰ পূজাৰীজনৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছিল।

সাই কৃষ্ণৰ স্বীকাৰোক্তি অনুসৰি অপ্সৰাই তেওঁক বিয়া কৰাবলৈ হেঁচা দি আহিছিল।সেয়ে সাই কৃষ্ণই তেওঁক হত্যাৰ আশ্ৰয় লয়।আৰক্ষীৰ মতে, অভিযুক্তই শামছাবাদত অপছৰাক হত্যা কৰি তাৰ পিছত মৃতদেহটো প্লাষ্টিকৰ কভাৰত পেক কৰি সৰুনগৰলৈ লৈ যায়। তেওঁ মৃতদেহটো এম আৰ অ’ অফিচৰ পিছফালে থকা মেনহ’লত পেলাই দিলে, যিটো মন্দিৰৰ ওচৰতে তেওঁ পুৰোহিত হিচাপে কাম কৰিছিল।

বৰ্তমান আৰক্ষীয়ে সাই কৃষ্ণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গোচৰটোৰ অধিক তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত