--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আগন্তুক কেইমাহমানৰ ভিতৰতে অনুষ্ঠিত হ’ব আইচিচিৰ নিৰ্বাচন৷ গ্ৰেগ বাৰ্কলে’ৰ ঠাইত সৌৰভ গাংগুলীয়ে আইচিচিৰ এই শীৰ্ষপদত অধিষ্ঠিত হ’ব পাৰে। আনহাতে, জয় শ্বাহ বিচিচিআইৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ অৱশ্যে সৌৰভ গাংগুলীয়ে আইচিচিৰ অধ্যক্ষ হোৱাৰ কথা একেবাৰেই চিন্তা কৰা নাই মন্তব্য কৰিছে৷

কালি এক অনুষ্ঠানত উপস্থিত হৈ সৌৰভে কয়, ‘আইচিচিৰ সভপতি সম্পৰ্কে মই একো চিন্তা কৰা নাই ৷ সকলো কথা  সময়ে ক’ব।’

সৌৰভে আজিৰ দিনটোত ভাৰতীয় ক্ৰিকেটৰ বিষয়েও গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ বিশ্বকাপৰ পূৰ্বে তেওঁ কয় যে বিৰাট কোহলীয়ে পুনৰ ফৰ্মলৈ ঘূৰি আহিছে। সেয়া ভাল খবৰ।  টি-২০ বিশ্বকাপৰ পূৰ্বে বিৰাটৰ ফৰ্মলৈ ঘূৰি অহাটো নিঃসন্দেহে সকাহৰ কথা। কিন্তু, কেৱল তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি। ৰোহিত, হাৰ্দিকো আগবাঢ়ি আহিব লাগে।

অষ্ট্ৰেলিয়াৰ সৈতে  টি-২০ শৃংখলাৰ প্ৰথমখন মেচতো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজিত হোৱা সম্পৰ্কে সৌৰভে কয় তাত চিন্তা কৰিবলগীয়া একো নাই। কোনো দলে তিনি-চাৰি মেচত পৰাস্ত হলেই শেষ হৈ নাযায়৷ এছিয়া কাপত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। কিন্তু ৰোহিতৰ অধীনত ভাৰতে বহু মেচত জয়লাভ কৰিছে। ৰাহুল দ্ৰাবিড় আৰু ৰোহিতে নিশ্চয় সকলো আলোচনাৰ প্ৰত্যুত্তৰ দিব৷ আগন্তুক মেচবোৰত ভাৰতীয় ক্ৰিকেট দলটোৱে উন্নত প্ৰদৰ্শন কৰাৰ আশা আছে। গাংগুলীয়ে কয়, খেল চাবলৈ নাগপুৰলৈ যাম। আশাকৰোঁ সেই মেচখনৰ পৰা ভাৰতে ‘কামবেক’ কৰিব।

সৌৰভে এইবাৰৰ পূজাৰ বাবে কলকাতাতে থাকিব বুলি কয়। কিন্তু কন্যা সানা থাকিব লণ্ডনত। সেয়ে এইবাৰ একেলগে পূজা চোৱা নহ'ব পিতৃ-কন্যাৰ৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ