--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আগন্তুক কেইমাহমানৰ ভিতৰতে অনুষ্ঠিত হ’ব আইচিচিৰ নিৰ্বাচন৷ গ্ৰেগ বাৰ্কলে’ৰ ঠাইত সৌৰভ গাংগুলীয়ে আইচিচিৰ এই শীৰ্ষপদত অধিষ্ঠিত হ’ব পাৰে। আনহাতে, জয় শ্বাহ বিচিচিআইৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ অৱশ্যে সৌৰভ গাংগুলীয়ে আইচিচিৰ অধ্যক্ষ হোৱাৰ কথা একেবাৰেই চিন্তা কৰা নাই মন্তব্য কৰিছে৷

কালি এক অনুষ্ঠানত উপস্থিত হৈ সৌৰভে কয়, ‘আইচিচিৰ সভপতি সম্পৰ্কে মই একো চিন্তা কৰা নাই ৷ সকলো কথা  সময়ে ক’ব।’

সৌৰভে আজিৰ দিনটোত ভাৰতীয় ক্ৰিকেটৰ বিষয়েও গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ বিশ্বকাপৰ পূৰ্বে তেওঁ কয় যে বিৰাট কোহলীয়ে পুনৰ ফৰ্মলৈ ঘূৰি আহিছে। সেয়া ভাল খবৰ।  টি-২০ বিশ্বকাপৰ পূৰ্বে বিৰাটৰ ফৰ্মলৈ ঘূৰি অহাটো নিঃসন্দেহে সকাহৰ কথা। কিন্তু, কেৱল তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি। ৰোহিত, হাৰ্দিকো আগবাঢ়ি আহিব লাগে।

অষ্ট্ৰেলিয়াৰ সৈতে  টি-২০ শৃংখলাৰ প্ৰথমখন মেচতো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজিত হোৱা সম্পৰ্কে সৌৰভে কয় তাত চিন্তা কৰিবলগীয়া একো নাই। কোনো দলে তিনি-চাৰি মেচত পৰাস্ত হলেই শেষ হৈ নাযায়৷ এছিয়া কাপত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। কিন্তু ৰোহিতৰ অধীনত ভাৰতে বহু মেচত জয়লাভ কৰিছে। ৰাহুল দ্ৰাবিড় আৰু ৰোহিতে নিশ্চয় সকলো আলোচনাৰ প্ৰত্যুত্তৰ দিব৷ আগন্তুক মেচবোৰত ভাৰতীয় ক্ৰিকেট দলটোৱে উন্নত প্ৰদৰ্শন কৰাৰ আশা আছে। গাংগুলীয়ে কয়, খেল চাবলৈ নাগপুৰলৈ যাম। আশাকৰোঁ সেই মেচখনৰ পৰা ভাৰতে ‘কামবেক’ কৰিব।

সৌৰভে এইবাৰৰ পূজাৰ বাবে কলকাতাতে থাকিব বুলি কয়। কিন্তু কন্যা সানা থাকিব লণ্ডনত। সেয়ে এইবাৰ একেলগে পূজা চোৱা নহ'ব পিতৃ-কন্যাৰ৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু