--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে লোকসভাৰ অধিবেশন। মোদীৰ তৃতীয়টো কাৰ্যকালত এয়া সংসদৰ প্ৰথম অধিৱেশন। অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ ভৱনৰ বাহিৰত সংবাদমেল অনুষ্ঠিত কৰি ১৮ সংখ্যক  লোকসভাৰ  গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ নতুন সংসদ ভৱনত তৃতীয়বাৰৰ বাবে চৰকাৰ চলাব বুলিও প্ৰতিশ্ৰুতি দিয়ে। আজি লোকসভাত  নৱনিৰ্বাচিত সাংসদসকলে শপতগ্ৰহণ কৰে। । পুৱা প্ৰায় ১০ বজাত প্ৰ’টেম অধ্যক্ষ হিচাপে নিৰ্বাচিত বিজেপিৰ ভতৰাহৰী মাহটাবক শপত গ্ৰহণ কৰোৱায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। আপাততঃ  নতুন অধ্যক্ষ নিৰ্বাচন নোহোৱালৈকে প্ৰ’টেম অধ্যক্ষই চলাব লোকসভা। 

সোমবাৰ আৰু মঙলবাৰে নতুন সংসদ ভৱনত সাংসদসকলৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। নৰেন্দ্ৰ মোদীয়েও আজিৰ দিনটোত সাং,ষ্ঠতাৰে নহয়, তৃতীয়বাৰৰ বাবে মিত্ৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰি বিজেপি ক্ষমতালৈ আহিছে। পুনৰ প্ৰধানমন্ত্ৰীৰ চকীত বহিছে নৰেন্দ্ৰ মোদী। অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা, "আমি বিৰোধীৰ সৈতে আগবাঢ়ি যাব বিচাৰো।গণতন্ত্ৰক শক্তিশালী কৰিবলৈ শক্তিশালী বিৰোধী অপৰিহাৰ্য। আপোনালোকৰ বহুমূলীয়া মতামতে আমাৰ কামত সহায় কৰিব। আমি সংস,দত শ্লোগান নহয়, মতামত বিচাৰো।" তেওঁ প্ৰতিশ্ৰুতি দিয়ে, "এখন উন্নত ভাৰতৰ উচ্চাকাংক্ষা পূৰণৰ দায়িত্ব আমাৰ সকলোৰে আছে। আমি  কষ্ট এৰিবলৈ এৰি নিদিওঁ। আমি তৃতীয়বাৰৰ বাবে দেশ চলোৱাৰ ক্ষেত্ৰত তিনিগুণ অধিক কষ্ট কৰিম।”  মোদীয়ে কয়, ‘১৮ সংখ্যক লোকসভা বহু দিশত বৈচিত্ৰ্যময়। এইবেলি যুৱ সাংসদৰ সংখ্যা বেছি। গীতাৰ ১৮টা অধ্যায় আছে,। পুৰাণ-উপ-পুৰাণৰ সংখ্যাও ১৮টা। ১৮ বছৰ বয়সত আমি প্ৰাপ্তবয়স্ক হৈ পৰো, ভোটাধিকাৰ পাওঁ। এই সংখ্যাবোৰ অতি গুৰুত্বপূৰ্ণ।”

মোদীৰ ভাষণত জৰুৰীকালীন অৱস্থাৰ বিষয়টোও উত্থাপন হয়। ২৫ জুন অৰ্থাৎ মঙলবাৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে সংসদক সন্মান কৰাসকলে সেই দিনটো পাহৰিব নোৱাৰে। কাইলৈ ​​২৫ জুনত সংবিধানৰ ক’লা দিনৰ ৫০ বছৰ সম্পূৰ্ণ হ’ব। আমি গৌৰৱেৰে সংবিধান ৰক্ষা কৰিছো। দেশবাসীয়ে সংকল্প ল’ব যে ভৱিষ্যতে এই অন্ধকাৰ দিনটো কোনেও আনিবলৈ সাহস নকৰে। মানুহৰ সপোন পূৰণৰ বাবে আমি দৃঢ়প্ৰতিজ্ঞ।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু